দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জি এন ছাইবাবাক শুক্ৰবাৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ ব্ৰাঞ্চৰ বিচাৰপীঠে মাওবাদী লগত যোগাযোগৰ থকা অভিযোগৰ গোচৰৰ পৰা দোষমুক্ত ঘোষণা কৰি তৎক্ষণাত জেলৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ প্ৰদান কৰে।
উল্লেখ্য যে ন্যায়াধীশ ৰোহিত দেও আৰু অনিল পানছাৰেৰ সংমণ্ডল বিচাৰপীঠে জি এন ছাইবাবাক ২০১৭ চনত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ অনুমতি প্ৰদান কৰিছিল।
শাৰীৰিক অক্ষমতাৰ বাবেই হুইল চেয়াৰত বহিয়েই জি এন ছাইবাবাই সম্প্ৰতি নাগপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবাস খাতি থাকিব লগীয়া হৈছে।
আনহাতে শুক্ৰবাৰৰ বিচাৰপীঠে এই গোচৰৰ আন পাঁচজন অভিযুক্তকো দোষমুক্ত ঘোষণা কৰে। আনহাতে আপিলৰ শুনানি চলি থকাৰ অৱস্থাতে এজন অভিযুক্ত মৃত্যুমূখত পৰে।
উল্লেখ্য যে ২০১৭ চনৰ মাৰ্চ মাহত মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাৰ আদালতে মাওবাদী সম্পৰ্ক থকা আৰু দেশৰ বিৰুদ্ধে যুঁজ চলোৱাৰ অপৰাধত ছাইবাবা, এজন সাংবাদিক, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰকে ধৰি আন ৩ জন লোকক দোষী সাব্যস্ত কৰিছিল।
