‘হেল্ল’ ছাৰ, সোনকালে আহক, মোৰ ঘৰৰ পৰা আলু চুৰি হৈছে,’ – মাজনিশা আৰক্ষীৰ ১১২ নাম্বাৰত ফোন এজন ব্যক্তিৰ।
অভিযোগ শুনি ঘটনাস্থলীত অৰ্থাৎ অভিযোগকাৰীৰ বাসগৃহত উপস্থিত হ’ল আৰক্ষী।
উত্তৰ প্ৰদেশৰ হৰদয়ত সংঘটিত হৈছে এই ঘটনা। দীপাৱলীৰ নিশা ব্যক্তিজনৰ অভিযোগ শুনি তদন্তৰ বাবে অহা আৰক্ষীয়ে মানুহজনক ঘৰৰ সমীপতে ৰাস্তাত বহি থকা অৱস্থাত উদ্ধাৰ কৰে। ব্যক্তিজনৰ ৰঙা চকু, বেদনা আৰু ক্ষোভ মিশ্ৰিত অসহায় চাৱনি। ক্লান্ত শৰীৰ। পিন্ধনত পুৰণি এটা গেঞ্জী আৰু লেতেৰা এটা পেন্ট।
“আপুনিয়েই আমাক ফোন কৰিছিল নেকি?” – ব্যক্তিজনৰ পৰা ঘটনাৰ বিৱৰণ শুনিবলৈ বিচাৰিলে আৰক্ষীয়ে।
আৰক্ষীয়ে জানিব বিচাৰিলে – কি চুৰি হ’ল? ব্যক্তিজনে উত্তৰ দিলে যে ঘৰৰ বাৰান্দাত খাবলৈ অনা আলুখিনি মেলি থৈছিল। কিন্তু সেই আলুখিনি কোনোবাই লৈ গ’ল। সেয়ে আলু বিচাৰি নাপায় তেওঁ আৰক্ষীক খবৰ দিলে।
আৰক্ষীয়ে যেতিয়া সুধিলে – “আলু কিমান আছিল?” তেওঁ উত্তৰ দিলে, “২৫০ গ্ৰাম”।
উত্তৰ শুনাৰ পিছত আৰক্ষী আচৰিত হৈ পৰিল। আৰক্ষীয়ে সুধিলে, “আপুনি কিয় মদ খাইছে?”
ব্যক্তিজনে উত্তৰ দিলে – গোটেই দিনটো দেহা মাৰি কাম কৰোঁ। সন্ধিয়া মদ আহি অলপ মদ খাওঁ। মদ খাইছোঁ, কিন্তু সেয়া প্ৰশ্ন নহয়। মোৰ আলু বিচাৰি উলিয়াই দিয়ক। মোৰ বাবে ২৫০ গ্ৰাম আলু বহুত মূল্যৱান।