দেশত চলি আছেন ইটোৰ পিছত সিটোকৈ নাৰী নিৰ্যাতনৰ অপৰাধ। এইবাৰ পোহৰলৈ আহিছে নাৰী নিৰ্যাতনৰ আন এক নিকৃষ্ট কাণ্ড।
অন্ধপ্ৰদেশত সংঘটিত হৈছে এই ঘটনা। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অন্ধপ্ৰদেশৰ এখন মহাবিদ্যালয়ৰ শৌচাগাৰৰ বহু ভিডিঅ’।
বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণন জিলাৰ গুডলাভেলেৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰীনিবাসৰ এটা শৌচাগাৰত এগৰাকী ছাত্ৰীয়ে এটা গোপন কেমেৰা প্ৰত্যক্ষ কৰে। তাৰপিছত ছাত্ৰ-ছাত্ৰী সকলে কেমেৰাটো উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে।
তাৰপিছত এই ঘটনাৰ ন্যায় আৰু তদন্ত বিচাৰি মহাবিদ্যালয়ৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকলে ওৰে নিশা প্ৰতিবাদ কৰে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, এই ঘটনাত বি. টেকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ বিজয় কুমাৰ নামৰ এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জব্দ কৰিছে তেওঁৰ ফোন আৰু লেপটপ।
ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ধৃত ছাত্ৰজনৰ লেপটপ আৰু ম’বাইলৰ পৰা কেইবাটাও ‘গুৰুত্বপূৰ্ণ ক্লু’ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে হোষ্টেলটোৰ শৌচাগাৰৰ পৰা ৩০০ৰো অধিক ভিডিঅ’ আৰু ছবি ফাদিল হৈছে। খবৰ অনুসৰি কিছুমান ভিডিঅ’ বিক্ৰীও হৈছে।
এই ঘটনাত আন কোনো ছাত্ৰ জড়িত আছে নে নাই সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে।
আনহাতে, এই ঘটনাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল আতংকিত হৈ পৰিছে। বহু ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ৰ শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ ভয় কৰিছে। আনকি বহু ছাত্ৰীয়ে কলেজৰ চৌহদলৈ আহিবলৈও ভীতিগ্ৰস্ততাত ভুগিছে।