প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ে কৰা এক বক্তব্যই দেশৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।
তেওঁ উল্লেখ কৰিছিল “RSS আমাৰ সংস্কৃতিৰ অমৰ বটবৃক্ষ আৰু ইয়াৰ শাখা-উপশাখাই ভাৰতৰ ভৱিষ্যত গঢ় দিব।” এই বক্তব্যক সমালোচকসকলে গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী আৰু কেন্দ্ৰীভূত ক্ষমতাৰ প্ৰতি ইংগিত বুলি অভিহিত কৰিছে। মোদীৰ এই মন্তব্য নতুন দিল্লীত RSSৰ এক অনুষ্ঠানৰ পিছত আহিছে, য’ত তেওঁ সংঘৰ প্ৰতিষ্ঠাপক কেশৱ বলিৰাম হেডগেৱাৰ আৰু দ্বিতীয় সংঘচালক এম এছ গোলৱালকাৰক শ্ৰদ্ধাঞ্জলি জনাইছিল।
মোদীৰ এই বক্তব্যই প্ৰমাণ কৰে কৰিছে তেওঁৰ ৰাজনৈতিক জীৱনৰ মূল ভিত্তি RSSৰ ওপৰত আজিও অটল। কিন্তু এই অত্যধিক নিৰ্ভৰশীলতাই ভাৰতৰ বহুত্ববাদী গণতন্ত্ৰৰ বাবে বিপদৰ সংকেত বুলি বহুতে মন্তব্য কৰিছে।ইয়াৰ উপৰিও, মোদীৰ এই মন্তব্যই তেওঁৰ দল BJP আৰু RSSৰ মাজৰ সম্পৰ্কক লৈ নতুনকৈ প্ৰশ্নৰ সৃষ্টি কৰিছে। সমালোচকসকলে কয় যে RSSৰ পৰা নিৰ্দেশ লোৱা এটা চৰকাৰে জনগণৰ প্ৰতিনিধিত্ব কেনেকৈ কৰিব পাৰে? এগৰাকী ৰাজনৈতিক বিশ্লেষকৰ মন্তব্য অনুসৰি “মোদীৰ কথাত এনে লাগে যেন RSS এটা সমান্তৰাল শাসন ব্যৱস্থাৰ দৰে কাম কৰিব, যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বিৰোধী।”
অসমতো এই বক্তব্যৰ প্ৰতিক্ৰিয়া তীব্ৰ হৈ পৰিছে। স্থানীয় নাগৰিক সমাজৰ সংগঠনসমূহে আশংকা প্ৰকাশ কৰিছে যে RSSৰ হিন্দুত্ববাদী এজেণ্ডাই উত্তৰ-পূৰ্বাঞ্চলৰ স্বকীয় সংস্কৃতি আৰু পৰিচয়ৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।মোদীৰ RSS সম্পৰ্কীয় এই বক্তব্যই তেওঁৰ প্ৰশাসনৰ উদ্দেশ্য আৰু দিশক লৈ নতুন বিতৰ্কৰ জন্ম দিছে বুলিও বহুতে মত প্ৰকাশ কৰিছে।যিসময়ত দেশত মণিপুৰৰ দৰে অঞ্চলত অশান্তি চলি আছে, তেনে সময়ত এনে মন্তব্যই জনগণৰ মাজত বিশ্বাসৰ সংকটৰ সৃষ্টি কৰিব পাৰে। সমালোচকসকলে প্ৰশ্ন তুলিছে—মোদীৰ এই বক্তব্যই কি সঁচাকৈয়ে ভাৰতৰ একতা আৰু অগ্ৰগতিৰ পথ মুকলি কৰিব, নে ই অধিক বিভাজন আৰু অস্থিৰতাৰ সৃষ্টি কৰিব?
