• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Monday, June 30, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

কাৰোবাক যদি কেতিয়াবা আঘাত দিছিলোঁ ক্ষমা কৰি দিব : বিদায় বেলাত আৱেগিক ভাষণ চন্দ্ৰচূড়ৰ

News Desk by News Desk
November 8, 2024
in দেশ
Share on FacebookShare on Whatsapp

অহা ১০ নৱেম্বৰ অৰ্থাৎ সোমবাৰে আনুষ্ঠানিকভাৱে সমাপ্ত হ’ব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কাৰ্যকাল। অৱশ্যে তাৰ আগৰ দুদিন শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে শুকুৰবাৰ আছিল তেওঁৰ শেষ কৰ্মদিন।

শুকুৰবাৰে মুখ্য ন্যায়ালয়ৰ আদালত কক্ষত ন্যায়াধীশগৰাকীক বিদায় সম্বৰ্ধনা জনোৱা হয়।

বিদায় অনুষ্ঠানত কপালত হাত থৈ সকলোকে চেলুট দিলে চন্দ্ৰচূড়ে। তেওঁ ক‘লে, “মই কাৰোবাক যদি অজানিতে আঘাত দিছোঁ তেন্তে মোক ক্ষমা কৰি দিব।”

লগতে তেওঁ কয়, “কাইলৈৰ পৰা আৰু মই ন্যায় দিব নোৱাৰিম। কিন্তু মই সন্তুষ্ট।”

উল্লেখ্য যে ২০২২ চনৰ ৯ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পোৱা ডি ৱাই চন্দ্ৰচূড়ে ২০১৬ চনৰ পৰাই ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

ন্যায়াধীশ হিচাপে ৮ বছৰীয়া কৰ্মজীৱনৰ সময়ছোৱাত তেওঁ বহু জটিল গোচৰত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। কেইবাটাও ঐতিহাসিক বিচাৰৰ ৰায় দিছে ন্যায়াধীশগৰাকীয়ে।  ইয়াৰ ভিতৰত উল্লেখযোগ্য গোচৰসমূহ হ’ল গোপনীয়তাৰ অধিকাৰ, অযোধ্যাৰ গোচৰ, সবৰীমালাত মহিলাৰ প্ৰৱেশ ইত্যাদি।

শুকুৰবাৰে মুখ্য ন্যায়াধীশৰ বিদায় অনুষ্ঠানত উপস্থিত আছিল অভিষেক মনু সিংভী আৰু কপিল ছিবালৰ দৰে অধিবক্তা। তাতে অধিবক্তা সকলে দেশৰ ন্যায়পালিকালৈ চন্দ্ৰচূড়ৰ অৱদানৰ সম্পৰ্কে আলোকপাত কৰে।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ন্যায়াধীশ চন্দ্ৰচুড় সম্পূৰ্ণ নিৰপেক্ষ আছিল। তেওঁৰ কাষত থাকিবলৈ পাও মই সদায় সুখী। তেওঁৰ অতুলনীয় বুদ্ধিমত্তা আৰু নিৰপেক্ষ বিচাৰ-বিবেচনাৰ ওপৰত আমাৰ কেতিয়াও কোনো সন্দেহ নাছিল।

জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক অসীম ধৈৰ্য্যৰ গৰাকী বুলি অভিহিত কৰে। এনে ধৈৰ্য্য বিচাৰ মই কেতিয়াও কাৰো মাজত দেখা নাই বুলিও ছিবালে মন্তব্য কৰে।

উল্লেখ্য যে চন্দ্ৰচূড়ৰ পিছতে দেশৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই।

ন্যায়াধীশ আৰু দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ডি ৱাই চন্দ্ৰচূড়ৰ কিছু গুৰুত্বপূৰ্ণ ৰায় –

১. গোপনীয়তাৰ মৌলিক অধিকাৰঃ ২০১৭ চনৰ ২৪ আগষ্টত উচ্চতম ন্যায়ালয়ে গোপনীয়তাৰ অধিকাৰক সংবিধানৰ মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰে। আদালতৰ মতে এই অধিকাৰ জীৱন আৰু স্বাধীনতাৰ মৌলিক অধিকাৰৰ পৰাই উদ্ভৱ হৈছে।

২. সবৰীমালাত মহিলাৰ প্ৰৱেশঃ ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে কেৰালাৰ সবৰীমালা মন্দিৰত মহিলাক প্ৰৱেশৰ অনুমতি দিছিল। আদালতে কৈছিল, হিন্দু তীৰ্থযাত্ৰীসকলে লিংগ নিৰ্বিশেষে মন্দিৰত প্ৰৱেশ কৰিব পাৰে। নাৰীক সেই অধিকাৰ অস্বীকাৰ কৰাটো অসাংবিধানিক।

৩. ৰাম মন্দিৰ গোচৰঃ ২০১৯ চনৰ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছিল। শতিকা পুৰণি বিতৰ্কিত ভূমি গোচৰত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে বিবাদিত ভূমিত হিন্দু পক্ষক ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া হওক। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ চৰকাৰক মছজিদ নিৰ্মাণৰ বাবে চুন্নী ৱাকফ ব’ৰ্ডক মাটি দিবলৈ নিৰ্দেশ দিয়া হৈছিল।

৪. নিৰ্বাচনী বণ্ডঃ ২০১৮ চনত মোডী চৰকাৰে আৰম্ভ কৰা নিৰ্বাচনী বণ্ড নীতিক ২০২৪ চনত অসাংবিধানিক বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে। এই নিয়মৰ ফলস্বৰূপে ব্যক্তিগত সংগঠনসমূহে কোনো ৰাজনৈতিক দলক বেনামীভাৱে ধন দিব পাৰিছিল। ইয়াৰ জৰিয়তে কোম্পানীসমূহে অবৈধভাৱে সুবিধা লোৱাৰ অভিযোগ উত্থাপন হৈছিল।

৫. ব্যক্তিগত সম্পত্তিৰ অধিকাৰঃ ব্যক্তিগত মালিকানাধীন সম্পত্তি চৰকাৰে ইচ্ছামতে অধিগ্ৰহণ কৰিব নোৱাৰে। এনে উচ্ছেদ প্ৰক্ৰিয়াত মানুহক নিশাৰ আন্ধাৰত এৰি দিয়া হয় আৰু হঠাতে গৃহহীন হৈ পৰে। এই ক্ষেত্ৰত চৰকাৰে জনকল্যাণৰ বিষয়টো বিবেচনা কৰিব লাগিব।

এনে বহু গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান কৰিছিল ডি ৱাই চন্দ্ৰচূড়ে। চন্দ্ৰচূড়ৰ অৱসৰে এতিয়া দেশৰ গণতন্ত্ৰত বিশ্বাসী লোকসকলৰ মনত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

Previous Post

নোটবন্দী আৰু বিমুদ্ৰাকৰণৰ ৮ টা বছৰ : দেশবাসীয়ে কি হেৰুৱালে?

Next Post

মণিপুৰত আকৌ ধৰ্ষণ : স্বামীৰ সমুখতেই ধৰ্ষণ কৰি মহিলাক জ্বলাই দিলে দুৰ্বৃত্তই

Related Posts

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?
দেশ

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?

June 16, 2025
অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ
দেশ

অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ

May 19, 2025
এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে
দেশ

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

May 19, 2025
Next Post
মণিপুৰত আকৌ ধৰ্ষণ : স্বামীৰ সমুখতেই ধৰ্ষণ কৰি মহিলাক জ্বলাই দিলে দুৰ্বৃত্তই

মণিপুৰত আকৌ ধৰ্ষণ : স্বামীৰ সমুখতেই ধৰ্ষণ কৰি মহিলাক জ্বলাই দিলে দুৰ্বৃত্তই

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.