উচ্চতম ন্যায়ালয়ত দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত জামিন লাভ কৰিলে বি আৰ এছৰ নেত্ৰী কে কবিতাই। ইডি আৰু চিবিআইৰ গোচৰৰ পৰা জামিন লাভ কৰিলে কবিতাই। ইয়াৰ উপৰিও শীর্ষ আদালতে তদন্তত অসন্তুষ্টি প্ৰকাশ কৰে।
মঙলবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে। শুনানিৰ সময়ত ন্যায়াধীশে ইডি আৰু চিবিআইৰ অধিবক্তাক প্ৰশ্ন কৰে – তদন্তত কে কবিতাৰ বিৰুদ্ধে কোনো উচিত প্ৰমাণ পোৱা গৈছে নে?
ইয়াৰ উত্তৰত ছলিচিটৰ জেনেৰেলে কয় যে কবিতাই নিজৰ মোবাইল ফোনটো ফৰ্মেট কৰি সকলো প্ৰমাণ ধ্বংস কৰি পেলাইছে। সেয়া উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে।
যদিও কে কবিতাৰ অধিবক্তাই দাবী কৰিছে, ইডি আৰু চিবিআইয়ে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ মিছা। তদন্তৰ নামত তেওঁক হাৰাশাস্তি কৰা হৈছে। গতিকে জিম্মাত থকাৰ কথা নাহে। তদন্তৰ বাবে প্ৰয়োজনীয় যিকোনো ধৰণে সহায় কৰিবলৈ তেওঁৰ মক্কেল সাজু। দেশ এৰি পলায়নৰ কোনো উদ্দেশ্য নাই কে কবিতাৰ। জিম্মাৰ বাহিৰত থাকিলেও তদন্ত কৰিব পাৰি।
উচ্চতম ন্যায়ালয়ে কয় যে চিবিআই আৰু ইডিয়ে কোনো প্ৰমাণ দাখিল কৰিব পৰা নাই। গতিকে তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চি আৰৰ কন্যা কে কবিতাক জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
উল্লেখ্য যে যোৱা ১৫ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কে কবিতাক। কে কবইতাই আম আদমী পাৰ্টিক ১০০ কোটি টকা উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল ইডিয়ে।