হাওঁফাওঁৰ জটিল ৰোগত আক্ৰান্ত চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী। দিল্লীৰ এইমছত বহুদিন ধৰি চিকিৎসাধীন হৈ আছে নেতাগৰাকী। জানিব পৰা মতে, শেহতীয়াকৈ তেখেতৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক।
এক বিবৃতিত চিপিআই(এম)এ জনোৱা মতে, বৰ্তমান আই চি ইউত কৃত্ৰিম শ্বাস-প্ৰশ্বাস লৈ চিকিৎসাধীন হৈ আছে কমিউনিষ্ট নেতাগৰাকী।
যোৱা ১৯ আগষ্টত সীতাৰাম য়েচুৰীক হাওঁফাওঁৰ সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ হাওঁফাওঁত নিউমোনিয়াৰ সংক্ৰমণ ধৰা পৰিছিল। বৰ্তমান এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দলে প্ৰবীণ নেতাগৰাকীক পৰ্যবেক্ষণত ৰাখিছে।
মঙলবাৰে চিকিৎসালয়খনে তেওঁৰ উশাহ-নিশাহত অসুবিধা হোৱা বুলি জানিবলৈ দিয়ে। এই মুহূৰ্তত তেওঁৰ অৱস্থা ভাল নহয়। কিন্তু অতি সোনকালে তেওঁ সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছে।