• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

পেহেলগাম আক্ৰমণৰ প্ৰতিবাদ : জন্মদিন পালন নকৰে সাহিত্যিক ৰাস্কিন বণ্ডে

News Desk by News Desk
May 16, 2025
in দেশ
Share on FacebookShare on Whatsapp

জন্মদিন পালন নকৰে জনপ্ৰিয় সাহিত্যিক ৰাস্কিন বণ্ডে। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত আৰু সহ নাগৰিকক হেৰুৱাৰ শোকত এইবাৰ সকলোৰে সৈতে জন্মদিন উদযাপন নকৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে প্ৰতি বছৰে তেওঁ মুছুৰীৰ কেম্ব্ৰিজ বুক ষ্ট’ৰত অনুৰাগীৰ সৈতে জন্মদিন উদযাপন কৰে।

১৯ মে’ত ৰাস্কিন বণ্ডে ৯১ বছৰ সম্পূৰ্ণ কৰিব।কিন্তু সেই উদযাপন এই বছৰ নহ’ব। ৰাস্কিন বণ্ডে সংবাদ মাধ্যমক কয় যে, “মই প্ৰতি বছৰে কৰা দৰে কেম্ব্ৰিজ বুক ষ্ট’ৰত মোৰ জন্মদিন উদযাপন কৰাৰ পৰিকল্পনা কৰিছিলোঁ। কিন্তু এই বছৰ সকলোৰে সৈতে উদযাপন নকৰাৰ সিদ্ধান্ত লৈছো।”

লগতে তেওঁ কয় পেহেলগাম ট্ৰেজেডী এতিয়াও আমাৰ মনত সতেজ হৈ আছে, ই আছিল এক শীতল মস্তিষ্কৰ হত্যা আৰু তাৰ পিছত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি। আমি ভুক্তভোগীৰ পৰিয়ালৰ সৈতে দৃঢ়তাৰে থিয় দিব লাগিব, কিয়নো তেওঁলোক এই কাণ্ডত গভীৰভাৱে আঘাত পাইছে।”

অৱশ্যে তেওঁ পাঠকসকলক আশ্বস্ত কৰে যে জুন মাহত তেওঁ কিতাপৰ দোকানলৈ গৈ ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে।

লেখকৰ নতুন গ্ৰন্থ ‘life’s magic moment তেওঁৰ জন্মদিনত মুক্তি পোৱাৰ কথা। এই গ্ৰন্থখনৰ সন্দৰ্ভত তেওঁ কয় যে গ্ৰন্থখনৰ বিষয় বস্তু তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ পৰা লোৱা হৈছে।

ৰাস্কিন বণ্ড এজন বিখ্যাত ভাৰতীয় ইংৰাজী সাহিত্যিক। যি মূলতঃ শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে উপযোগী গল্প, উপন্যাস, ৰচনা লিখাৰ বাবে পৰিচিত। ১৯৩৪ চনৰ ১৯ মে’ত ব্ৰিটিছ ইণ্ডিয়াত (বৰ্তমান হিমাচল প্ৰদেশৰ কচৌলী) জন্মগ্ৰহণ কৰিছিল বণ্ডে।

ৰাস্কিন বণ্ডে ১৭ বছৰ বয়সত তেওঁৰ প্ৰথম উপন্যাস “দ্য ৰুম অন দ্য ৰুফ” ৰচনা কৰে আৰু পিছলৈ জোনাথন কেপ বঁটা লাভ কৰে। এই উপন্যাসখনত তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ স্মৃতি উল্লেখ আছে— বিশেষকৈ ডেৰাডুনত কটোৱা কৈশোৰ কালৰ।

দীৰ্ঘদিন ধৰি তেওঁ ডেৰাডুন আৰু মুছূৰীত বসবাস কৰি আহিছে। তেওঁৰ লেখাত হিমালয়ৰ স্বৰূপ, পাহাৰীয়া জীৱন, সৰু চহৰৰ মানুহ, সৰল জীৱনশৈলীৰ প্ৰতিফলন ঘটিছে। ভাৰত চৰকাৰে পদ্মশ্ৰী (১৯৯৯) আৰু পদ্মভূষণ (২০১৪) বঁটাও ৰাস্কিন বণ্ডক প্ৰদান কৰিছে।

Previous Post

অৱশেষত ৰাহুল গান্ধীৰ দাবী মানি ল’লে নৰেন্দ্ৰ মোদীয়ে : স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতত হ’ব জাতি গণনা

Next Post

ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস

Related Posts

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?
দেশ

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?

June 16, 2025
অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ
দেশ

অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ

May 19, 2025
এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে
দেশ

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

May 19, 2025
Next Post
ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস

ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.