কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সম্প্ৰতি মণিপুৰত AFSPA আৰু ছমাহৰ বাবে সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লৈছে। কেৱল ৫ জিলাৰ ১৩খন থানাৰ অধীনৰ অঞ্চলক বাদ দি সমগ্ৰ ৰাজ্যখনত এই আইন প্ৰযোজ্য হ’ব। এই সিদ্ধান্তই ৰাজ্যখনৰ জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু গণতান্ত্ৰিক অধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
AFSPAক প্ৰায়ে “দমনমূলক আইন” বুলি সমালোচনা কৰা হয়, কিয়নো ই সশস্ত্ৰ বাহিনীক “বিক্ষিপ্ত অঞ্চল”ত অপাৰেট কৰাৰ সময়ত অত্যধিক ক্ষমতা প্ৰদান কৰে। এই আইনৰ অধীনত সৈন্যসকলে অনুসন্ধান, গ্ৰেপ্তাৰ আৰু প্ৰয়োজন বুলি ভাবিলে গুলীচালনাৰ ক্ষমতা লাভ কৰে, যাৰ ফলত মানৱ অধিকাৰ লংঘনৰ অভিযোগ বাৰে বাৰে উত্থাপিত হৈ আহিছে। মণিপুৰত এই আইনৰ সম্প্ৰসাৰণে ৰাজ্যখনৰ জনগণৰ মৌলিক স্বাধীনতা আৰু স্বায়ত্তশাসনৰ ওপৰত গুৰুতৰ আঘাত হানিছে বুলি সমালোচকসকলে মত প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে ১৯৮০ চনৰ পৰা মণিপুৰত AFSPA বলৱৎ হৈ আছে আৰু এই দীৰ্ঘ সময় ধৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। শেহতীয়াকৈ ২০২৩ চনৰ মে’ মাহৰ পৰা মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হিংসাত্মক সংঘৰ্ষৰ পিছত ৰাজ্যখনত আইন-শৃংখলাৰ পৰিস্থিতি অৱনতি ঘটিছে। কিন্তু এই পৰিস্থিতিৰ সমাধানৰ বাবে AFSPAৰ দৰে কঠোৰ আইনৰ ওপৰত নিৰ্ভৰ কৰাটো সমস্যাৰ মূল কাৰণ সমাধানৰ পৰিৱৰ্তে জনগণৰ দুৰ্দশা বৃদ্ধি কৰিব বুলি বহুতে আশংকা কৰিছে।স্থানীয় নাগৰিক সমাজৰ সংগঠন আৰু মানৱ অধিকাৰ কৰ্মীসকলে এই সিদ্ধান্তৰ তীব্ৰ নিন্দা জনাইছে। তেওঁলোকৰ মতে, এই আইনে শান্তি প্ৰতিষ্ঠাৰ পৰিৱৰ্তে সামৰিকীকৰণৰ পথ মুকলি কৰে আৰু জনগণৰ কণ্ঠৰোধ কৰে।
ইয়াৰ উপৰিও, এই সম্প্ৰসাৰণে ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদ অৰ্থাৎ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ আৰু ১৪ নং অনুচ্ছেদ অৰ্থাৎ সমতাৰ অধিকাৰৰ লংঘন কৰা বুলি অভিযোগ উত্থাপিত হৈছে। সমালোচকসকলে প্ৰশ্ন তুলিছে যে কেন্দ্ৰীয় চৰকাৰে আলোচনা আৰু শান্তিপূৰ্ণ সমাধানৰ পথৰ পৰিৱৰ্তে কিয় সামৰিক শক্তিৰ ওপৰত নিৰ্ভৰ কৰিছে।মণিপুৰৰ জনগণে দীৰ্ঘদিন ধৰি AFSPA প্ৰত্যাহাৰৰ দাবী জনাই আহিছে।
শেহতীয়া প্ৰতিবাদসমূহতো “AFSPA প্ৰত্যাহাৰ কৰক” আৰু “মণিপুৰক বচাওক”ৰ দৰে শ্ল’গানে জনগণৰ ক্ষোভ প্ৰতিফলিত কৰিছে।মণিপুৰৰ জনগণৰ ভৱিষ্যত কি হ’ব, সেয়া সময়েহে ক’ব। কিন্তু এই মুহূৰ্তত এই আইনৰ সম্প্ৰসাৰণে শান্তিৰ সলনি অশান্তি আৰু বিচ্ছিন্নতাৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে।
