নাইট ডিউটিত নিৰাপদ নহয় এক তৃতীয়াংশ চিকিৎসক। আই এম এৰ এক অধ্যয়নত পোহৰলৈ আহিছে এই তথ্য।
আৰ জি কৰ গোচৰৰ পিছত চিকিৎসকৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বংগকে ধৰি দেশৰ বিভিন্ন চিকিৎসা সংস্থাৰ চিকিৎসকে কৰ্মক্ষেত্ৰত সুৰক্ষাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰিছে। এই পৰিপ্ৰেক্ষিতত ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন বা আই এম এৰ দ্বাৰা এক অধ্যয়ন চলাইছিল। এই অধ্যয়নত প্ৰায় ৪ হাজাৰ চিকিৎসকে অংশগ্ৰহণ কৰিছিল।
কেৰালা ৰাজ্যিক আই এম এৰ গৱেষণা কোষৰ অধ্যক্ষ ড০ ৰাজীৱ জয়দেৱনৰ নেতৃত্বত এই অধ্যয়ন চলোৱা হয়। ২২খন ৰাজ্যৰ ৩৮৮৫গৰাকী চিকিৎসকক নৈশ কৰ্তব্যৰ বিষয়ে সোধা হয়। ইয়াৰে ৮৫ শতাংশ ৩৫ বছৰৰ তলৰ আৰু ৬১ শতাংশ মেডিকেল ইন্টাৰ্ণ বা স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী। মহিলা চিকিৎসকৰ অংশগ্ৰহণ আছিল ৬৩ শতাংশ।
ৰাজীৱ জয়দেৱনে এই সমীক্ষাটো গুগল ফৰ্মৰ জৰিয়তে কৰা বুলি জানিবলৈ দিয়ে। ২৪ ঘন্টাৰ ভিতৰত ৩,৮৮৫ গৰাকী চিকিৎসকে এই সমীক্ষাত অংশগ্ৰহণ কৰে। ইয়াৰে ৪৫ শতাংশ চিকিৎসকে ৰাতিৰ কৰ্তব্যৰ সময়ত কোনো জিৰণি কোঠা নাই বুলি দাবী কৰে। আনকি নাইট শ্বিফ্টৰ সময়তো বহু লোকে নিৰাপত্তাৰ বাবে চোকা অস্ত্ৰ-শস্ত্ৰ নিজৰ লগত ৰাখে।
সমীক্ষাটোত ২৪.১ শতাংশ চিকিৎসকে নিৰাপত্তাহীন অনুভৱ কৰা বুলি প্ৰকাশ পাইছে। তাৰ ভিতৰত মহিলা চিকিৎসকৰ সংখ্যা বেছি। আনকি এক তৃতীয়াংশ চিকিৎসকে জনাইছে যে নাইট শ্বিফটৰ সময়ত সংলগ্ন বাথৰুম নাই।
লগতে, সমীক্ষাত প্ৰকাশ পাইছে যে, বহু চিকিৎসালয়ত নিৰাপত্তাৰক্ষী অপৰ্যাপ্ত, কৰিডৰত পৰ্যাপ্ত পোহৰ নাই, চিচিটিভি কেমেৰাৰ অভাৱ আৰু ৰোগীৰ থকাৰ স্থানলৈ বাহিৰৰ লোকৰ চলাচলৰ ওপৰত নিয়ন্ত্ৰণৰ অভাৱ।