মাত্ৰ ৫ দিনৰ ভিতৰত দুবাৰকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনীয়া গান্ধীক। জানিব পৰা মতে, দেওবাৰে গভীৰ নিশা কংগ্ৰেছৰ সাংসদগৰাকীক দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ছোনিয়া গান্ধীৰ কি অসুখ হৈছে সেই সন্দৰ্ভত এতিয়াও সঠিকভাবে জানিব পৰা হোৱা নাই।
মন কৰিবলগীয়া যে যোৱা ৭ জুনত ছিমলা ভ্ৰমণৰ সময়তে অসুস্থ হৈ পৰিছিল কংগ্ৰেছৰ নেত্ৰীগৰাকী। তেতিয়া তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল।
দেওবাৰে নিশা ছোনিয়া গান্ধীক পুনৰ দিল্লী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে চিকিৎসালয়ৰ সূত্ৰ অনুসৰি কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদগৰাকী পেটৰ সমস্যাত ভুগি আছে। বৰ্তমান তেওঁক গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগত ভৰ্তি কৰা হৈছে। চিকিৎসকৰ কঠোৰ নিৰীক্ষণত ৰখা হৈছে নেত্ৰীগৰাকীক।
অৱশ্যে চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ছোনীয়া গান্ধীক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই। বৰ্তমানৰ তেওঁৰ অৱস্থান সুস্থিৰ।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে ৭৮ বছৰীয়া ছোনিয়া গান্ধী। বিভিন্ন শাৰীৰিক সমস্যাৰ বাবে চিকিৎসাধীন হৈ আছে। ইয়াৰ উপৰিও দুবাৰকৈ ক’ভিডতো তেওঁ আক্ৰান্ত হৈছে। ক’ভিডওৰ পৰা সুস্থ হৈ উঠাৰ পিছত তেওঁ বিভিন্ন শাৰীৰিক জটিলতাৰ সন্মুখীন হৈছে।
কিছুদিন পূৰ্বে ছিমলা ভ্ৰমণৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে কংগ্ৰেছৰ প্ৰাক্তন মূৰব্বীগৰাকী। তাৰ পিছত তেওঁক ততাতৈয়াকৈ ছিমলাৰ ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
দৰাচলতে বিগত তিনি বছৰ ধৰি মাজে মাজে ছোনিয়া গান্ধীৰ অসুস্থতাৰ খবৰ পোৱা গৈছে। বিভিন্ন শাৰীৰিক সমস্যাৰ বাবে চিকিৎসাধীন হৈ আছে তেওঁ। অসুস্থতাৰ সময়তো সংসদীয় ৰাজনীতিত সক্ৰিয় হৈ থকা দেখা গৈছে যদিও দলৰ সাংগঠনিক কামত সক্ৰিয় হৈ থাকিব পৰা নাই নেত্ৰীগৰাকী।
