বুধবাৰে উচ্চতম ন্যায়ালয়ে বিজেপি নেতৃত্বাধীন যোগী আদিত্যনাথৰ চৰকাৰৰ বুলডজাৰ নীতিক তীব্ৰ সমালোচনা কৰে।
ন্যায়ালয়ে কয় যে ৰাতিটোৰ ভিতৰতে কাৰো ঘৰ ভাঙিব নোৱাৰি বুলি উল্লেখ কৰি ভুক্তভোগীক ২৫ লাখ টকাৰ অন্তৱৰ্তীকালীন ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
উত্তৰ প্ৰদেশত পথ সম্প্ৰসাৰণৰ বাবে অবৈধভাৱে ঘৰ ভাঙি পেলোৱা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে আদালতে।
মনোজ তিব্ৰেৱাল আকাশ নামৰ এজন ব্যক্তিয়ে ২০২০ চনত এখন পত্ৰযোগে উচ্চতম ন্যায়ালয়ত অভিযোগ দিছিল যে তেওঁৰ ঘৰ ভাঙি পেলোৱা হৈছে। সেই আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কাৰণ দৰ্শোৱা গোচৰ ৰুজু কৰিছিল। ২০১৯ চনত মহাৰাজগঞ্জত থকা তেওঁৰ ঘৰ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছিল মনোজে।
বিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে এই শুনানিত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। আদালতে প্ৰশাসন আৰু চৰকাৰৰ এই কাণ্ডক জোৰ-জবৰদস্তি বুলি ব্যাখ্যা কৰে।
শুনানিৰ সময়ত ৰাজ্য চৰকাৰে কয় যে আবেদনকাৰীয়ে চৰকাৰী ভূমি বেদখল কৰিছে। উত্তৰত আাদালতে কয়, তেওঁ মাটি দখল কৰাৰ বাবে তেওঁক আমি ধন্যবাদ নিদিওঁ। কিন্তু কোনো জাননী নিদিয়াকৈ কাৰোবাৰ ঘৰ ভাঙি কেনেকৈ ভাঙি পেলালে?”
মুখ্য ন্যায়াধীশ চন্দ্ৰচুদে কয়, এই সকলোবোৰ জোৰ-জবৰদস্তি। ঘৰখন ভাঙিবলৈ কোনো জাননী দিয়া হোৱা নাছিল বুলি শপতনামাত উল্লেখ কৰা হৈছে।
ন্যায়াধীশ পাৰ্দিৱালাই কয়, “আপুনি এৰাতিতে বুলডজাৰ আনি ঘৰ ভাঙি পেলাব, সেয়া হ’ব নোৱাৰে। ঘৰ খালী কৰিবলৈ এটা পৰিয়ালক সময় নিদিয়ে নেকি? আপুনি উপযুক্ত জাননী দিব লাগিছিল।”