দেশৰ মহিলা সাংবাদিক সকলৰ ওপৰত দুৰ্বৃত্ত আৰু কোনো বিশেষ শাসক গোষ্ঠীৰ মদপুষ্ট লোকৰ দ্বাৰা মাজে-সময়ে চলি অহা আক্ৰমণৰ ঘটনা নতুন নহয়।শেহতীয়াকৈ তেলেংগানাত মহিলা সাংবাদিকসকলৰ ওপৰত চলোৱা মানসিক আৰু শাৰীৰিক আক্ৰমণৰ আতংকজনক পৰিস্থিতিৰ বৃদ্ধিয়ে দেশজুৰি উদ্বেগতাৰ প্ৰকাশ কৰিছে। এই ভয়াৱহ পৰিস্থিতিৰ ভুক্তভোগী মহিলা সাংবাদিক সকলে “অহা ১০ বছৰত তেলেংগানাত কোনো মহিলা সাংবাদিক বাকী থাকিবগৈনে?” বুলি প্ৰক্ষেপ কৰা প্ৰশ্ন সমগ্ৰ দেশৰ মহিলা সাংবাদিক সকলৰ বাবেই গভীৰ উদ্বিগ্নতাৰ বিষয়।এনে পৰিস্থিতিৰ মূলতেই হৈছে বিভিন্ন ৰাজনৈতিক দলৰ স্বঘোষিত সমৰ্থক আৰু অনুগামী সকলৰ দ্বাৰা অনলাইন আৰু অফলাইন দুয়োটা দিশতে মহিলা সাংবাদিক সকলৰ ওপৰত ক্ৰমবৰ্ধমানভাৱে চলাই অহা আক্ৰমণ ।এই লোকসকলে ৰাজনৈতিক বাতৰি প্ৰকাশ কৰা মহিলা সাংবাদিকক ক্ৰমান্বয়ে লক্ষ্য কৰি বিভিন্ন ধৰণৰে হাৰাশাস্তি চলাবলৈ ধৰিছে। শেহতীয়া গোচৰটোত দুগৰাকী মহিলা সাংবাদিক-অকুলা সৰিতা আৰু এম বিজয়াই মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ গৃহ চহৰলৈ (কোন্দাৰেড্ডীপল্লী গাঁও) ঋণ ৰেহাইৰ সমন্ধীয় তথ্য সংগ্ৰহ কৰিবলৈ গৈছিল।
তেনে সময়ত তেওঁলোকক স্থানীয় কংগ্ৰেছ দলৰ সমৰ্থক আৰু মুখ্যমন্ত্ৰীৰ অনুগামীয়ে ঘেৰি ধৰে আৰু ভিৰটোৱে তেওঁলোকৰ কেমেৰা আৰু মোবাইল ফোন পৰ্যন্ত কাঢ়ি লৈ যোৱাৰ লগতে শাৰীৰিক ভাৱেও আক্ৰমণ কৰে। ঘটনাস্থলীত উপায়ন্তৰ মহিলা সাংবাদিক দুয়োগৰাকীয়ে হায়দৰাবাদৰ ঘৰলৈ নিৰাপদে উভতি যাবলৈ আৰক্ষীৰ নিৰাপত্তা বিচাৰিবলগীয়া হয়। এই ঘটনা সন্দৰ্ভত ভেলডাণ্ডা আৰক্ষী থানাত ৰুজু হৈছে এক গোচৰ। ইয়াৰ পিছতে সৰিতা আভুলা আৰু এম বিজয়া বি আৰ এছ দলৰ হৈ কাম কৰা বুলি কংগ্ৰেছ দলৰ সৈতে জড়িত নেটিজেনসকলৰ পৰা অনলাইন ট্ৰলিঙৰ বলি হ’বলৈ ধৰে। আচলতে,কোনো এটা ৰাজনৈতিক দলৰ দ্বাৰা পৰিচালিত সংবাদ মাধ্যমৰ বাবে কাম কৰে বুলি সাংবাদিকক আক্ৰমণ কৰাটো কেৱল নৈতিকভাৱে ভুল কথাই নহয়, ই আইনৰো স্পষ্ট উলংঘা কৰা বুজায়। জণগনৰ সেৱাৰ বাবে নিজকে উৎসৰ্গিত কৰা সাংবাদিকক ভয় খুওৱা, অপমান কৰা, আৰু তেওঁলোকৰ বিৰুদ্ধে হিংসাৰ আশ্ৰয় লোৱাটো অতি অমানৱীয় কাৰ্যকলাপ বুলিও বিবেচিত হয়। তেলেংগানাত ৰাজনৈতিক দলৰ সৈতে জড়িত থকা ট্ৰল বাহিনীবোৰৰ উত্থানে বিশেষকৈ ডিজিটেল স্থানত মহিলা সাংবাদিকসকলৰ নিৰাপত্তাহীনতা বিষয়টো প্ৰকট কৰি তুলিছে। সাংবাদিকতা কোনো বিশেষ মানুহক সন্তুষ্ট কৰা কাম নহয়, সাংবাদিকতাই সহজাতভাৱে প্ৰশ্ন কৰে আৰু প্ৰশ্ন কৰিলে প্ৰায়ে অস্বস্তিৰ সৃষ্টি হয়। সংবাদ মাধ্যমৰ ক্ষেত্ৰত এটা বাতৰি বিশ্লেষণ বা জনমতে কোনো ৰাজনৈতিক দল বা আন দলটোক আঘাত কৰাটো অনিবাৰ্য। কিন্তু বাতৰি প্ৰতিবেদনত উত্থাপিত প্ৰশ্নৰ উত্তৰ দিয়াৰ সঠিক উপায় হ’ল হয় ভুল শুধৰণি কৰা,তথ্য/প্ৰমাণ দাখিল কৰা বা জ্ঞাত বিবৃতি জাৰি কৰা। কিন্তু সাংবাদিকক আক্ৰমণ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।
আনহাতে যদি প্ৰশাসনেও কোনো সঁহাৰি নিদিয়ে তেন্তে যুৱ সাংবাদিকসকলে গ্ৰহণ কৰিব পৰা কি আশ্ৰয় আছে? সংবাদ মাধ্যমৰ নাৰীক নিয়মিতভাৱে অশ্লীল ভাষাৰে অপমান কৰি ব্যক্তিগত আৰু পেছাগতভাৱে লক্ষ্য কৰি ল’লে যুৱতীসকলে ভৱিষ্যতে সাংবাদিকতাক পেছা হিচাপে ল’ব পাৰিবনে?
অকুলা সৰিতা আৰু এম বিজয়া হঁতৰ দৰে নিৰ্ভীক মহিলা সাংবাদিকৰ ই একোটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তেওঁলোকৰ ওপৰত চলা আক্ৰমণৰ ঘটনা একোটা উদাহৰণহে মাত্ৰ। দেশৰ বিভিন্ন ৰাজ্যৰ মহিলা সাংবাদিক সকলৰ ওপৰত চলি অহা অনলাইন ট্ৰ’ল আৰু শাৰীৰিক আক্ৰমণ এক ভয়াবহ সমস্যা হৈ পৰিছে। ইয়াৰ ফলত ভৱিষ্যতেও মহিলাসকলে সাংবাদিকতা অব্যাহত ৰাখিব পাৰিবনে নাই ই এক অতিশয় শংকাৰ বিষয় হৈ পৰিছে। পেছাত থাকিব নে নাথাকিব সেই বাছনি ব্যক্তিগত হ’ব ,কিন্তু হাৰাশাস্তিৰ বাবে যদি মহিলাসকলে সাংবাদিকতাক পৰিহাৰ কৰে বা এৰি দিয়ে, তেন্তে ই এক গভীৰ সামাজিক সমস্যালৈ পৰিণত হ’ব। যদিহে এনে অভিযোগৰ তৎকালীন সঁহাৰি দিবলৈ এটা জৰুৰী ব্যৱস্থা স্থাপন কৰা নহয় আৰু এইবোৰ নিয়ন্ত্ৰণহীন কৰি ৰখা হয় তেন্তে অতি সোনকালেই এনে গুৰুতৰ আক্ৰমণবোৰ তাতোকৈ ভয়ানক অত্যাচাৰলৈ পৰিণত হ’ব পাৰে। এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আগতে চৰকাৰে এনে ব্যৱস্থা স্থাপন কৰিব লাগিব, যিয়ে মহিলা সাংবাদিকসকলে সন্মুখীন হোৱা সমস্যাসমূহ ক্ষীপ্ৰতাৰে সমাধান কৰিব পাৰে। তেলেংগানাত কৰ্মৰত মহিলা সাংবাদিক সকলে ৰাজ্যপাললৈ জনোৱা আহ্বানত দুটা বিশেষ দাবী প্ৰকাশ কৰিছে-
১) এটা দ্ৰুত সমৰ্থন ব্যৱস্থা সৃষ্টি কৰকঃ মহিলা সাংবাদিকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে এটা দ্ৰুত-প্ৰতিক্ৰিয়া ব্যৱস্থা স্থাপন কৰক।
তেলেংগানাৰ মহিলা সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে দিয়া প্ৰেছবিজ্ঞপ্তি খনত এনটিভিৰ ৰাধিকা,স্বতন্ত্ৰ সাংবাদিক চি বানাজা,ৰাজেশ্বৰী কল্যাণম,,থুলাছি চান্দু, এ বি এনৰ হেম, ভিঙৰ লক্ষ্মী,সৰিতা পুলি আদিকে ধৰি প্ৰায় সাতাৱন গৰাকী মহিলা সাংবাদিক আৰু লেখকে সমৰ্থনযুক্ত স্বাক্ষৰ কৰিছে।
২) ট্ৰলৰ বাবে ৰাজনৈতিক দলসমূহক জবাবদিহি কৰাঃ ৰাজনৈতিক দলৰ সমৰ্থকে পৰিচালনা কৰা ভুৱা একাউণ্টৰ পৰা উদ্ভৱ হোৱা হাৰাশাস্তিৰ বাবে ৰাজনৈতিক দলসমূহ দায়ী হ’ব লাগিব। এই সন্দৰ্ভত আৰক্ষী বিভাগে সকলো ৰাজনৈতিক দলকে স্পষ্ট সতৰ্কবাণী জাৰি কৰিব লাগে।