১৯৭৭ চন। জৰুৰীকালীন অৱস্থা মাত্ৰ শেষ হৈছে আৰু ইন্দিৰা গান্ধী নিৰ্বাচনত পৰাজিত হৈছে। পৰাজয়ৰ পিছতো দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ আচাৰ্য পদৰ পৰা পদত্যাগ নকৰা গান্ধীৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক নেতৃত্ব দি তেখেতৰ আৱাস ঘেৰাও কৰিবলৈ গৈছিল সেই সময়ৰ ছাত্ৰ একতা সভাৰ সভাপতি সীতাৰাম য়েচুৰীয়ে।
কোনো যুদ্ধ অপৰাধীক (War criminal) শাস্তি দিয়াৰ আগত তেওঁ কৰা অপৰাধ সমূহ বৰ্ণনা কৰাৰ দৰে ইন্দিৰা গান্ধীৰ মুখৰ সমুখত য়েচুৰীয়ে দাঙি ধৰিছিল দাবী চনদ, যত‘ প্ৰধান দাবী আছিল তেওঁৰ পদত্যাগ। ইন্দিৰা গান্ধীয়েও হাঁহিমুখে সই দাবী সমূহৰ বৰ্ণনা শেষ নোহোৱালৈকে মন দি শুনি শেষত পদত্যাগৰ কথা ঘোষণা কৰিছিল।
সেয়া আছিল সীতাৰাম য়েচুৰীৰ ৰাজনৈতিক জীৱনৰ এক উল্লেখযোগ্য মুহূৰ্ত। ইয়াৰ পূৰ্বেই পিছে তেওঁ জৰুৰীকালীন অৱস্থা চলি থকাৰ সময়ত জেইললৈ যাবলগীয়া হৈছিল। জেইললৈ যাব লগা হোৱাত তেওঁ PhD ৰ গৱেষণা সম্পূৰ্ণ কৰিব পৰা নাছিল। ১৯৭৮ চনত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) ৰ সৰ্বভাৰতীয় যুটীয়া সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰি য়েচুৰীয়ে বাওঁ ছাত্ৰ আন্দোলনক এক নতুন গতি দিছিল, আৰু পিছলৈ ১৯৮৪ চনত এই সংগঠনৰ সভাপতি হিচাপে কাৰ্যকাল শেষ কৰি মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় কমিটিত ১৯৮৫ চনত স্থান লাভ কৰিছিল।
ছাত্ৰ অৱস্থাৰে পৰা বাওঁ ৰাজনীতিৰ সৈতে জঢ়িত সীতাৰামে পিছলৈ দেশৰ বাওঁপন্থী আন্দোলনক সমুখৰ পৰা নেতৃত্ব দিছিল। সকলো দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে মধুৰ সম্পৰ্ক ৰক্ষা কৰা য়েচুৰী আছিল এজন তীক্ষ্ণ ৰাজনীতিজ্ঞ, যিয়ে নিজৰ আদৰ্শৰ লগত তিলমানো আপোচ নকৰাকৈ দেশৰ নিপীড়িত জনতাৰ অৰ্থনৈতিক আৰু সামাজিক দাবীসমূহ সজোৰে উত্থাপন কৰিছিল।
২০০৪ চনত বাওঁ দল সমূহে যেতিয়া তেওঁলোকৰ নিৰ্বাচনী ইতিহাসত আটাইতকৈ বেছি- ৬০ টা আসন সাধাৰণ নিৰ্বাচনত লাভ কৰিছিল, তেতিয়া UPA –১ যোগদান কৰাৰ সময়ত বিভিন্ন দাবীক লৈ চৰ্ত্তসমূহ ঠিক কৰাৰ মূল দ্বায়িত্ব পালন কৰিছিল সীতাৰাম য়েচুৰীয়ে। ইয়াৰে পিছত ২০০৫-২০১৫ চনলৈ পশ্চিম বংগৰ পৰা দুবাৰকৈ ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা য়েচুৰীৰ বাকপটুতা, তিক্ষ্ণতা আৰু দেশৰ ভিন্ন প্ৰান্তৰ ভাষাৰ জ্ঞান থকাৰ হেতুকে নিজৰ ভাষণৰ দ্বাৰা সকলোকে সন্মূহিত কৰি ৰাখিব পাৰিছিল।
২০১১ চনৰ ৱিকিলিকচ এ প্ৰকাশ কৰা মাৰ্কিন যুক্তৰাষ্ট্ৰই আন দুতাবাস সমূহলৈ পঠোৱা গোপন ‘কেবল‘ত উল্লেখ কৰিছিল দুগৰাকী ভাৰতীয় কমিউনিষ্ট নেতাৰ বিষয়ে। এজন আছিল প্ৰকাশ কাৰাট আৰু আনজন সীতাৰাম। কাৰাটক ‘দক্ষ‘ আৰু সূক্ষ্ম ৰাজনৈতিক বিষয় ব্যাখ্যা কৰাত পাকৈত বুলি অভিহিত কৰাৰ বিপৰীতে য়েচুৰীক আমেৰিকানসকলে ‘চিন্তাশীল মানুহৰ মাৰ্ক্সবাদী‘ বুলি অভিহিত কৰিছিল।
সীতাৰাম য়েচুৰীৰ দৰে ধৰ্মনিৰপেক্ষ, সাংবিধানিক গণতান্ত্ৰিক প্ৰমূল্যবোধৰ উপৰত দৃহ বিশ্বাস ৰখা নেতাৰ অকাল বিয়োগ দেশৰ ৰাজনীতিৰ বাবে বৃহৎ ক্ষতি।