দলৰ পৰা বহিষ্কাৰ কৰা হ’ল ৰাজস্থান বিজেপিৰ নেতা তথা প্ৰাক্তন বিধায়ক জ্ঞানদেৱ আহুজাক। বিজেপিয়েও আগন্তুক তিনিদিনৰ ভিতৰত কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰিছে বিজেপি নেতাগৰাকীক। অভিযোগ অনুসৰি ৰাম নৱমীৰ দিনা ৰাজস্থানৰ দলিত কংগ্ৰেছৰ নেতা টিকাৰম জুলিয়ে মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈছিল। তাৰপিছত সোমবাৰে জ্ঞানদেৱ আহুজাই গংগাৰ পানী ছটিয়াই সেই মন্দিৰৰ চৌহদ বিশুদ্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ পিছত মঙলবাৰে ৰাজস্থানৰ জ্যেষ্ঠ নেতা দামোদৰ আগৰৱালাই জ্ঞানদেৱলৈ জাননী প্ৰেৰণ কৰি তিনিদিনৰ ভিতৰত তেওঁৰ এই আচৰণৰ কাৰণ দৰ্শাবলৈ জাননী প্ৰেৰণ কৰে। তদুপৰি তিনিদিনৰ ভিতৰত ৰাজ্যিক দলৰ মুৰব্বী মদন ৰাথোৰলৈ কোনো সঁহাৰি প্ৰেৰণ নকৰিলে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে বিজেপিয়ে।
জাননীখনত কোৱা হৈছে যে, “দলৰ সদস্যপদ লোৱাৰ সময়ত তেওঁ জাতি-ধৰ্ম আৰু লিংগৰ ভিত্তিত বৈষম্য নকৰাৰ শপত খাইছিল। কিন্তু এই কাৰ্য্যই দলৰ ভাবমূৰ্তি কলংকিত কৰাৰ লগতে অনুশাসন উলংঘা কৰিছে।”
দেওবাৰে ৰাম নৱমীৰ দিনটো সংঘটিত হয় এই ঘটনা। সেইদিনা ৰাজস্থানৰ আলৱাৰৰ এটা মন্দিৰত অভিষেক অনুষ্ঠানৰ আয়োজন কৰা হয়। য’ত ৰাজস্থান বিধানসভাৰ বিৰোধী দলপতি তথা আলৱাৰ গ্ৰাম্যৰ পৰা তিনিবাৰৰ কংগ্ৰেছ বিধায়ক টিকাৰম জুলি উপস্থিত আছিল। ইয়াৰ পূৰ্বে জ্ঞানদেৱে কোৱা শুনা গৈছিল, ”তেওঁৰ মন্দিৰত প্ৰৱেশ কৰিলে কৰিলে মন্দিৰটো অশুদ্ধ হৈ পৰিব। তাৰ পিছদিনা অৰ্থাৎ সোমবাৰে মন্দিৰ শুদ্ধ কৰিবলৈ গংগা পানী ছটিয়াই পূজা কৰে জ্ঞানদেৱ আহুজাই।
এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে আৰম্ভ হয় সমালোচনা। বিৰোধী কংগ্ৰেছে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে।
ইফালে বিজেপি নেতাগৰাকীয়ে কয়, “টিকা ৰাম জুলিৰ সৈতে মোৰ ব্যক্তিগত শত্ৰুতা নাই। মইও তেওঁৰ জন্মদিনত তেওঁক লগ কৰিবলৈ গৈছিলো। কিন্তু কংগ্ৰেছে ৰাম সেতুক সদায় কাল্পনিক বুলি কয়, গতিকে কংগ্ৰেছৰ মানুহ কিয় মন্দিৰলৈ আহে?”
আনহাতে, এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টিকাৰম জুলিয়ে কয়, “এয়া কেৱল মোৰ বিশ্বাসৰ ওপৰত আক্ৰমণ নহয়, ইয়াৰ দ্বাৰা অস্পৃশ্যতাৰ দৰে অপৰাধক উৎসাহিত কৰা হৈছে । বিজেপিয়ে দলিতক ইমানেই ঘৃণা কৰেনে যে তেওঁলোকে আমি পূজা কৰা দেখা নাপায়? ঈশ্বৰ কেৱল বিজেপি নেতাৰ বাবে নেকি?
উল্লেখ্য যে বিজেপি নেতাৰ এনে কাণ্ড নতুন নহয়। ইয়াৰ পূৰ্বেও বিজেপিয়ে এনে বহু কাণ্ড সংঘটিত কৰি থৈছে। কিছুদিন পূৰ্বে কংগ্ৰেছ নেতা কানহাইয়া কুমাৰে এটা মন্দিৰ দৰ্শন কৰাৰ পিছতো বিজেপি নেতা-কৰ্মীয়ে গংগাজল দি মন্দিৰটো বিশুদ্ধ কৰিছিল। মুঠৰ ওপৰত ভাৰতীয় সংবিধানত থকা অনুচ্ছেদ ১৯ তথা অস্পৃশ্যতা বিলোপক বৃদ্ধাংগুষ্ঠ দেখুৱাই বাৰে বাৰে সংবিধানক অৱমাননা কৰাৰ লগতে মনুবাদী চেতনাৰে আজিও অস্পৃশ্যতাক জীয়াই ৰাখিছে একাংশ বিজেপি নেতাই।
