হিমাচল প্ৰদেশৰ মাণ্ডী সমষ্টিৰ বিজেপি সাংসদ কংগনা ৰানাৱতৰ “কৃষকৰ প্ৰতিবাদে ভাৰততো বাংলাদেশৰ দৰে অৰাজক পৰিস্থিতি সৃষ্টি কৰিলে হেঁতেন” বুলি কৰা বিতৰ্কিত মন্তব্যৰ বাবে ‘সংযুক্ত কিষাণ মৰ্চা’ই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে যোৱা ২৬ আগষ্টৰ দিনা ৰানাৱতৰ এই লজ্জাজনক আৰু মিছা মন্তব্যৰ বাবে তীব্ৰ গৰিহণা প্ৰকাশ কৰিছে । লগতে নিজৰ দলৰ সাংসদে কৰা এনে নিন্দনীয় আৰু মিছা মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই কৃষকৰ ওচৰত ক্ষমা খুজিব লাগে বুলি দাবী উত্থাপন কৰিছে । এছ কে এমে লগতে এয়াও কয় যে- ” এছ কে এমৰ ওচৰত কংগনা ৰানাৱতে বিনাচৰ্তে ক্ষমা নিবিচাৰিলে তেওঁক কৃষকে ৰাজহুৱাভাৱে বৰ্জন কৰিবলৈ বাধ্য হ’ম।”
২০২১ চনৰ নৱেম্বৰ মাহত দিল্লীৰ সীমান্তত ধৰ্ণা আন্দোলন আৰম্ভ কৰি পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকলে এবছৰতকৈ অধিক সময়ৰ প্ৰতিবাদৰ অন্তত তিনিখনকৈ কৃষক বিৰোধী আইন বাতিল কৰিছিল। তেওঁলোকে দাবী কৰে যে এই আইনসমূহে তেওঁলোকক কৰ্পৰেট শোষণৰ প্ৰতি দুৰ্বল কৰি তুলিব আৰু নূন্যতম সমৰ্থন মূল্যৰ ব্যৱস্থাটো ভাঙি পেলাব। কৃষকৰ এই প্ৰতিবাদক লৈ কৰা মন্তব্যৰে বিতৰ্কৰ সৃষ্টি কৰা ৰানাৱতৰ এই মন্তব্যটোৱেই প্ৰথম নহয়।
গালি-গালাজ কৰাৰ অভ্যাস থকা এইজন সাংসদে এতিয়া ভাৰতীয় কৃষকক হত্যাকাৰী, ধৰ্ষণকাৰী, ষড়যন্ত্ৰকাৰী আৰু দেশদ্ৰোহী বুলি অভিহিত কৰাৰো চৰম পদক্ষেপ গ্ৰহণ কৰিছে। এইজন সাংসদে এনে কথা কোৱাটো আচৰিত কথা নহয়, কিয়নো দিল্লী সীমান্তত এছ কে এমৰ নেতৃত্বত চলি থকা ঐতিহাসিক কৰ্পৰেট বিৰোধী কৃষক আন্দোলনক অপমান, আৰু বদনাম কৰা বিজেপিৰে দীৰ্ঘদিনীয়া নীতি। এছ কে এমে সদায় কৈ আহিছে যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আইন আৰু কৰ্পৰেট সমৰ্থক নীতিৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ শান্তিপূৰ্ণ,বৈধ আৰু ভাৰতৰ সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰৰ ভিতৰত পৰে।কৃষক আন্দোলনটোৰ আটাইতকৈ ডাঙৰ সাফল্য হৈছে ইয়াৰ বিশাল স্বৰূপ আৰু ৭৩৬ জন শ্বহীদৰ পৰম বলিদান। ইয়াৰ ভিতৰত আছে লখিমপুৰ খেৰী হত্যাকাণ্ডৰ ৫ জন ভুক্তভোগী, য’ত কংগনা ৰানাৱতৰ দলীয় নেতা তথা প্ৰাক্তন গৃহ ৰাজ্যিক মন্ত্ৰী অজয় কুমাৰ টেনী আৰু তেওঁৰ পুত্ৰৰ চলন্ত বাহনে খুন্দা মৰাৰ ফলত চাৰিজন কৃষক আৰু এজন সাংবাদিক নিহত হৈছিল । হত্যাৰ এই গোচৰটো এতিয়াও চলি আছে। ৰাজধানী দিল্লীৰ আশে-পাশে কৃষক সংগ্ৰামৰ সমগ্ৰ সময়ছোৱাত কৃষকৰ ওপৰত কেইবাবাৰো আক্ৰমণ চলাইছিল যদিও কোনো লোকক আহত কৰাটো দূৰৰ কথা, কৃষকৰ এটাও হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল। কৃষক আন্দোলন ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ভাৰতীয় জনসাধাৰণৰ মহান ঔপনিৱেশিক বিৰোধী সংগ্ৰামৰ উত্তৰাধিকাৰী আৰু এতিয়াও সাম্ৰাজ্যবাদী পৰিচালিত কৰ্পৰেট শক্তি আৰু নীতিৰ বিৰুদ্ধে যুঁজি আছে। ভাৰতৰ কৃষক আন্দোলনক জাতিবিৰোধী আখ্যা দিয়াৰ আগতে কংগনা ৰানাৱতে ভাৰতৰ কৃষক আন্দোলনৰ ইতিহাস আৰু ৰাজনীতি জানিবলৈ চেষ্টা কৰিলেহে ভাল হয় বুলিও মন্তব্য কৰে।
আনফালে বিজেপিয়েও স্পষ্ট কৰিছে যে, ‘কংগনা ৰানাৱতক বিজেপিৰ হৈ নীতিগত বিষয়ত বক্তব্য দিবলৈ অনুমতিও দিয়া নাছিল, কৰ্তৃত্বও দিয়া নাছিল।’ লগতে দলটোৱে কয়- কৃষক আন্দোলনৰ প্ৰেক্ষাপটত বিজেপিৰ সাংসদ কংগনা ৰানাৱতে যি বক্তব্য দিছে সেয়া দলৰ মতামত নহয় । বিজেপিয়ে ৰানাৱতৰ এই বক্তব্যৰ সৈতে মতানৈক্য প্ৰকাশ কৰিছে আৰু কংগনা ৰানাৱতক ভৱিষ্যতে এনে কোনো বক্তব্য নিদিবলৈকো সকীয়নি প্ৰদান কৰিছে।