যোৱা মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগাম অঞ্চলত সন্ত্ৰাসবাদীৰ গুলীত ২৬ জনকৈ পৰ্যটকে প্ৰাণ হেৰুৱাবালগা হয়। অভিযোগ অনুসৰি, আক্ৰমণৰ সময়ত ভাৰতীয় সেনাৰ পোচাক পৰিধান কৰি আহিছিল সন্ত্ৰাসবাদীয়ে। এই ঘটনাৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে কেনেকৈ সন্ত্ৰাসবাদীৰ হাতত পৰিল ভাৰতীয় সেনাৰ পোচাক?
উল্লেখ্য যে দেশৰ প্ৰায় সকলো ঠাইতে মুকলি বজাৰত সেনাৰ পোচাক ক্ৰয় কৰিবলৈ পোৱা যায়। আৰক্ষীৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰায় সকলো নিৰাপত্তা বাহিনীৰ ইউনিৰ্ফম মুকলি বজাৰত সকলোৱে ক্ৰয় কৰিব পাৰে। অসমৰ প্ৰতিখন জিলাতেই সেনাৰ পোচাক কিনিবলৈ পোৱা মুকলি দোকান থকাৰ দৰে জম্মু-কাশ্মীৰতো সেনাৰ পোচাক মুকলি বজাৰত ক্ৰয় কৰিবলৈ পোৱা যায়। যাৰ ফলত যিকোনো মুহূৰ্তত সেনাৰ পোচাক ক্ৰয় কৰি জনগণৰ মাজলৈ ছদ্মৱেশেৰে সোমাই আহিব পাৰে সন্ত্ৰাসবাদীৰ দল। গতিকে, ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত এক ভয়ংকৰ সুৰুঙা। জম্মু-কাশ্মীৰত সেনাৰ পোচাক পৰিধান কৰি সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাৰ অভিযোগৰ পিছতহে এতিয়া চকু খোল খাইছে প্ৰশাসনৰ।
সূত্ৰৰ মতে, এতিয়াৰ পৰা টকাৰ বিনিময়ত মুকলি বজাৰত সেনাৰ ইউনিফৰ্ম ক্ৰয় কৰাতো আৰু সম্ভৱ নহ’ব। এতিয়াৰ পৰা এনে পোচাক কিনিবলৈ আধাৰ কাৰ্ড আৰু চাৰ্ভিচ আইডি কাৰ্ড দেখুওৱাটো বাধ্যতামূলক হ’ব। আনকি বিক্ৰেতাইও ক্ৰেতাৰ তথ্যৰ প্ৰতিলিপি ৰাখিব লাগিব। নিয়ম উলংঘা হ’লে কঠোৰ ব্যৱস্থা লোৱাৰো সকীয়াই দিছে প্ৰশাসনে। কিন্তু প্ৰশ্ন হয়, ইমান দিনে কি কৰি আছিল দেশৰ চোৰাংচোৱা সংস্থা বা প্ৰশাসনে? মুকলি বজাৰত সেনা-আৰক্ষীৰ পোচাক সাধাৰণ মানুহে ক্ৰয় কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি কিয় কঠোৰ ব্যৱস্থা লোৱা নহ’ল? কিবা এটা ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ কিয় বিপদ অহালৈ বাট চাই থাকে চৰকাৰ-প্ৰশাসনে? এই প্ৰশ্নই এতিয়া সচেতন মহলত চৰ্চাৰ সৃষ্টি কৰিছে।
