• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Monday, June 30, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

সুৰক্ষাৰ উদ্দেশ্যে স্পাইৱেৰ ব্যৱহাৰ কৰাটো ভুল নহয় : পেগাছাছ গোচৰক লৈ মন্তব্য উচ্চতম ন্যায়ালয়ৰ ‎

News Desk by News Desk
April 30, 2025
in দেশ
Share on FacebookShare on Whatsapp

যদিহে পেগাছাছ চফটৱেৰ জনসাধাৰণৰ বিৰুদ্ধে বা কোনো বিশিষ্ট ব্যক্তিৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হয় ‎তেন্তে ইয়াৰ তদন্ত কৰিব লাগিব। কিন্তু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত স্পাইৱেৰ ব্যৱহাৰ কৰাত কোনো দোষ ‎নাই। মঙলবাৰে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ সূৰ্য্যকান্ত আৰু ন্যায়াধীশ কোটিশ্বৰ সিঙৰ বিচাৰপীঠে ‎পেগাছাছৰ সৈতে জড়িত জনস্বাৰ্থৰ গোচৰত এই মন্তব্য কৰে। ‎

বুধবাৰে পেগাছাছৰ সৈতে জড়িত জনস্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ সূৰ্য্যকান্ত আৰু ন্যায়াধীশ ‎এন কোটিশ্বৰ সিঙৰ বিচাৰপীঠে। উচ্চতম ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে নিজৰ পৰ্যবেক্ষণত কয় যে, ‎‎“এতিয়া আমি যি পৰিস্থিতিত আছো, আমি অতি সাৱধান হ’ব লাগিব। যদি কোনো দেশে নিৰাপত্তাজনিত ‎কাৰণত গোপন চফটৱেৰ ব্যৱহাৰ কৰে, তেন্তে ভুল ক’ত? স্পাইৱেৰ ব্যৱহাৰ কৰাত কোনো সমস্যা নাই। ‎দেশৰ সুৰক্ষাৰ লগত আপোচ কৰিব নোৱাৰি। অৱশ্যে সাধাৰণ নাগৰিক, যিসকলৰ গোপনীয়তাৰ অধিকাৰ ‎আছে, তেওঁলোকক সংবিধানৰ অধীনত সুৰক্ষিত কৰা হ’ব।”‎

আবেদনকাৰীৰ হৈ আদালতত হাজিৰ হোৱা অধিবক্তা শ্যাম দিৱানে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ ‎দাবী জনায়। চৰকাৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই শুনানিৰ সময়ত কয় যে ‎উগ্ৰপন্থীৰ গোপনীয়তাৰ কোনো অধিকাৰ থাকিব নোৱাৰে। ইয়াৰ উত্তৰত উচ্চতম ন্যায়ালয়ে কয় যে, ‎‎“ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰশ্ন জড়িত প্ৰতিবেদন প্ৰকাশ কৰিব নোৱাৰি। কিন্তু যদি কোনো ‎ব্যক্তিয়ে নিজৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই জানিব বিচাৰে তেন্তে তেওঁক পৃথকে অৱগত কৰিব পাৰি।”‎

উল্লেখ্য যে ২০২১ চনৰ সংসদীয় অধিৱেশনৰ পূৰ্বেই পেগাছাছৰ কাণ্ড পোহৰলৈ আহিছিল। ইজৰাইলৰ ‎পেগাছাছ স্পাইৱেৰ ব্যৱহাৰ কৰি নৰেন্দ্ৰ মোডী চৰকাৰে বিৰোধী ৰাজনৈতিক নেতা, সাংবাদিক, সামাজিক ‎কৰ্মীৰ ফোন হেক কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই বিষয়টোৰ গোচৰ উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা ‎হয়। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে তদন্ত সমিতি গঠন কৰি বিষয়টো চোৱাচিতা কৰে।

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ লগতে বিৰোধী শিবিৰৰ বিশিষ্ট নেতা, সাংবাদিক আনকি কেন্দ্ৰীয় মন্ত্ৰী ‎অশ্বিনী বৈষ্ণৱকো পেগাছাছ স্পাইৱেৰ ব্যৱহাৰ কৰি তথ্য লোৱাৰ অভিযোগ সৃষ্টি হৈছিল।

এই সন্দৰ্ভত একাধিক সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত উচ্চতম ন্যায়ালয়ত একাধিক আবেদন দাখিল ‎কৰা হয়। আৱেদনকাৰীসকলৰ ভিতৰত অধিবক্তা এম এল শৰ্মা, চি পি আই (এম) ৰাজ্যসভাৰ সাংসদ জন ‎ব্ৰিটাছ, হিন্দু গ্ৰুপ অৱ পাব্লিকেশ্যনৰ পৰিচালক এন ৰাম আৰু এছিয়ানেটৰ প্ৰতিষ্ঠাপক শশী কুমাৰ, ‎এডিটৰছ গিল্ড অৱ ইণ্ডিয়া, সাংবাদিক ৰূপেশ কুমাৰ সিং, ইপছা সাতক্ষী, পৰঞ্জয় গুহা ঠাকুৰ্তা, এছ এন এম ‎আবিদী আৰু প্ৰেম শংকৰ ঝাকে ধৰি বহুকেইজন ব্যক্তি আছিল।

প্ৰয়াত চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে পেগাছাছৰ সন্দৰ্ভত দাবী জনাই কৈছিল, ‎‎“মোডী চৰকাৰে শপতনামাত বুজাব লাগিব যে তেওঁলোকে এই চাইবাৰ অস্ত্ৰটো কিয় কিনিলে, কোনে ইয়াৰ ‎ব্যৱহাৰৰ অনুমতি দিলে, ইয়াক কাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হ’ব আৰু কোনে এই প্ৰতিবেদনসমূহ লাভ ‎কৰিব সেই বিষয়ে কেনেকৈ সিদ্ধান্ত লোৱা হ’ব?” য়েচুৰীয়ে লগতে কৈছিল যে এনে জটিল বিষয়ত ‎মৌনতা অৱলম্বন কৰাটো অপৰাধমূলক কাৰ্যকলাপ স্বীকাৰ কৰাৰ সমান। ‎আন এটা টুইটত য়েচুৰীয়ে লিখিছিল, “আমাৰ গণতন্ত্ৰ ধ্বংস কৰিবলৈ ৰাজহুৱা ধনেৰে পেগাছাছ সংগ্ৰহ কৰা ‎হৈছে। নিৰ্বাচন আয়োগ, ৰাজনৈতিক নেতা, উচ্চতম ন্যায়ালয়, স্পৰ্শকাতৰ বিষয়ৰ তদন্ত কৰা বিষয়াসকলৰ ‎ওপৰত চোৰাংচোৱাগিৰি কৰাটো গণতন্ত্ৰৰ প্ৰতি গুৰুতৰ ভাবুকিৰ সমান। যিটো গ্ৰহণযোগ্য নহয়।

Previous Post

এশ কোটিৰো অধিক টকাৰে তুলিৰাম ৰংহাঙে নিৰ্মাণ কৰিছে প্ৰাসাদোপম অট্টালিকা

Next Post

ৰাজ্য চৰকাৰৰ মহিলা কৰ্মচাৰীক অপমান মুখ্যমন্ত্ৰীৰ : কাইলৈ জিলাই জিলাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিব কংগ্ৰছে

Related Posts

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?
দেশ

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?

June 16, 2025
অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ
দেশ

অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ

May 19, 2025
এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে
দেশ

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

May 19, 2025
Next Post
ৰাজ্য চৰকাৰৰ মহিলা কৰ্মচাৰীক অপমান মুখ্যমন্ত্ৰীৰ : কাইলৈ জিলাই জিলাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিব কংগ্ৰছে

ৰাজ্য চৰকাৰৰ মহিলা কৰ্মচাৰীক অপমান মুখ্যমন্ত্ৰীৰ : কাইলৈ জিলাই জিলাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিব কংগ্ৰছে

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.