• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

কাক কুকুৰ বুলি গালি পাৰিলে মহুৱা মৈত্ৰই???

News Desk by News Desk
April 22, 2025
in দেশ
Share on FacebookShare on Whatsapp

বিজেপি সাংসদক কুকুৰ আখ্যা দিলে মহুৱা মৈত্ৰই । নাম নোলোৱাকৈয়ে বিজেপি সাংসদ নিশিকান্ত ডুবেক ‘কুকুৰ’ আখ্যা দি আক্ৰমণ কৰিলে মহুৱা ‎মৈত্ৰই। দেওবাৰে মহুৱাই নিজৰ এক্স হেণ্ডেলত লিখিলে এইদৰে – এটা পিটবুলে মালিকৰ আদেশ ‎অবিহনে একো নকৰে।

উল্লেখ্য যে উচ্চতম ন্যায়ালয় আৰু মুখ্য ন্যায়াধীশক লৈ বিজেপই সাংসদ নিশিকান্ত ডুবেয়ে কৰা ‎বিতৰ্কিত মন্তব্যৰ পিছতেই এই দৰে নিশিকান্তক সামাজিক মাধ্যমত তুলাধূনা দিলে তৃণমূলৰ সাংসদ ‎মহুৱা মৈত্ৰই। ‎

শনিবাৰে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই ৱাকফ আইনক সমৰ্থন কৰিবলৈ গৈ উচ্চতম ন্যায়ালয়ক ‎আক্ৰমণ কৰে।  উচ্চতম ন্যায়ালয়ক লক্ষ্য কৰি বিজেপি সাংসদ নিশিকান্ত ডুবেই কয় যে যদি আইন ‎প্ৰণয়ন কৰাটো উচ্চতম ন্যায়ালয়ৰ কাম হয় তেন্তে সংসদ বন্ধ কৰি দিয়ক। ‎

নিশিকান্ত ডুবেই কয় যে যদি এই দেশত গৃহযুদ্ধ আৰম্ভ হয়, তেন্তে ইয়াৰ বাবে মুখ্য ন্যায়াধীশ সঞ্জীৱ ‎খান্না দায়ী হ’ব। ‎

ডুবেৰ এই বক্তব্য ৰাজহুৱা হোৱাৰ পিছত সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হয়। নিশিকান্তৰ বিৰুদ্ধে আইনী ‎ব্যৱস্থা গ্ৰহণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদনো দাখিল কৰে বিৰোধী শিবিৰ।

এনে বিতৰ্কৰ মাজতে সাংসদ মহুৱা মৈত্ৰই দেওবাৰে এক্স হেণ্ডেলত কাৰো নাম নোলোৱাকৈ এটা ‎বাৰ্তা পোষ্ট কৰে। তেওঁ লিখিছে, “মনত ৰাখিব, মালিকৰ আজ্ঞা অবিহনে পিট বুলে একো নকৰে। ‎বিজেপিয়ে ন্যায়পালিকাৰ ওপৰত চলোৱা আক্ৰমণ সমগ্ৰ দেশে চাই আছে। এয়া উচ্চতম ন্যায়ালয়ৰ ‎বিচাৰপীঠক অপমান কৰাৰ নিৰ্লজ্জ প্ৰচেষ্টা। এজন মূৰ্খ অত্যাচাৰী শাসকৰ শাসনত দেশৰ বাবে ‎এইটোৱেই আটাইতকৈ বেয়া সময়।”‎

মন কৰিবলগীয়া যে নিশিকান্তৰ মহুৱাৰ সৈতে সংঘাত বহুদিন ধৰি চলি আহিছে। ইয়াৰ পূৰ্বে ‎নিশিকান্তই মহুৱাক সাংসদৰ পৰ্টেলৰ লগইন আইডি আৰু পাছৱৰ্ড শ্বেয়াৰ কৰাৰ অভিযোগ উত্থাপন ‎কৰিছিল। যিটো বিষয় আদালতলৈও গৈছিল। সেই ঘটনাৰ বাবেই ২০২৩ চনত মহুৱা মৈত্ৰই সাংসদ ‎পদো হেৰুৱাবলগীয়া হৈছিল। পিছলৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কৃষ্ণনগৰ সমষ্টিৰ পৰা জয়ী ‎হৈ মহুৱা পুনৰ সাংসদ হৈছিল।

সি যি কি নহওক, সাংসদ নিশিকান্ত ডুবেই দেশৰ ন্যায়পালিকাৰ ওপৰত চলোৱা এই আক্ৰমণে ‎বিজেপিৰ ফেচিষ্ট চৰিত্ৰটোকেই পুনৰবাৰ উদঙাই দিলে। বিজেপিৰ শাসন কালত দেশৰ ন্যায়পালিকা ‎আৰু সংবিধানৰ ওপৰত যেন উপৰ্যুপৰি আক্ৰমণ কৰা হৈছে তথা বিজেপি নেতা সকলে যে আইন-‎কানুন একো মানিব নোখোজে এই ঘটনা তাৰেই উৎকৃষ্ট উদাহৰণ। ‎

Previous Post

নিৰ্বাচন আয়োগৰ ভোটদান প্ৰক্ৰিয়াই ভোটাৰৰ গোপনীয়তা ভংগ কৰিবঃ চি পি আই(এম)

Next Post

ৰক্তাক্ত  ভূস্বৰ্গ! ধৰ্ম সুধি সুধি গুলীচালনা সন্ত্ৰাসবাদী, একেদিনাই ২৮ জনৰ মৃত্যু

Related Posts

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?
দেশ

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?

June 16, 2025
অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ
দেশ

অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ

May 19, 2025
এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে
দেশ

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

May 19, 2025
Next Post
ৰক্তাক্ত  ভূস্বৰ্গ! ধৰ্ম সুধি সুধি গুলীচালনা সন্ত্ৰাসবাদী, একেদিনাই ২৮ জনৰ মৃত্যু

ৰক্তাক্ত  ভূস্বৰ্গ! ধৰ্ম সুধি সুধি গুলীচালনা সন্ত্ৰাসবাদী, একেদিনাই ২৮ জনৰ মৃত্যু

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.