বিশ্বত অগ্ৰগতি লাভ কৰিছে কমিউনিষ্টে। বাওঁপন্থাৰ উত্থান শ্ৰীলংকাত। ৰাষ্ট্ৰপতিৰ পিছতে এইবাৰ শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচনত ‘বাওঁপন্থী’ৰ বিজয়।
ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচনতো বাওঁপন্থীসকলে জয়লাভ কৰে। শ্ৰীলংকাৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সংসদৰ দুই তৃতীয়াংশ আসন মাৰ্ক্সবাদী অনুৰা দিশানায়কেৰ দলে লাভ কৰে।
জনতা বিমুক্তি পেৰুমুনা (জেভিপি) নেতৃত্বাধীন বাওঁপন্থী নেশ্যনেল পিপলছ পাৱাৰ (এনপিপি)য়ে ২২৫খন আসনৰ ভিতৰত ১৫৯খন আসনত জয়লাভ কৰে। সংখ্যাগৰিষ্ঠতাৰ বাবে ১১৩খন আসনৰ প্ৰয়োজন আছিল। আনহাতে বিৰোধী মিত্ৰজোঁট ‘সমগী জন বালাৱেগয়া’ চমুকৈ এছজেবিয়ে মাত্ৰ ৪০ খন আসনহে লাভ কৰে।
অনুৰা দিশানায়কৰ ‘বাওঁপন্থী’ এন পি পি মিত্ৰজোঁটে ৬২ শতাংশতকৈ অধিক ভোট লাভ কৰি সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ১৮ শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থানত আছে সাজিত প্ৰেমদাছাৰ এছ জে বি মিত্ৰজোঁট আৰু ৫ শতাংশ ভোট লাভ কৰি তৃতীয় স্থানত আছে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহৰ দল। আনহাতে, ৰাজাপাকছে পৰিয়ালৰ দল এছ এল পি পি চতুৰ্থ স্থানলৈ চতুৰ্থ স্থান লাভ কৰে।
উল্লেখ্য যে যোৱা ছেপ্টেম্বৰ মাহত শ্ৰীলংকাত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত জেভিপিৰ নেতা অনুৰা দিশানায়কে ৪২.৩ শতাংশ ভোট লাভ কৰি জয়লাভ কৰে।
মন কৰিবলগীয়া যে ২০২২ চনত শ্ৰীলংকাৰ ভয়াৱহ অৰ্থনৈতিক সংকটৰ সময়ত অনুৰা দিশানায়কে প্ৰতিবাদী আন্দোলনৰ নেতৃত্ব দিছিল। তেওঁৰ সফল নেতৃত্বত তদানীন্তন ৰাষ্ট্ৰপতি ৰাজাপাকছেক উৎখাত কৰা হয়। ২০১৯ চনত জেভিপিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও মাত্ৰ ৩.২ শতাংশ ভোটহে লাভ কৰিছিল। কিন্তু ২০২৪ চনত বিপুল ভোটত জয় লাভ কৰে।
