চিনেমাত ভৌতিক বা কল্প কাহিনী এক জনপ্ৰিয় বিষয়। পৃথিৱীত ভূত সম্পৰ্কে নিৰ্মাণ কৰা এনেকুৱা অজস্ৰ ভাল চিনেমা আাছে। ভয় লাগিলেও বহুতে ভূতৰ চিনেমা চাই ভাল পায়। ভূত সম্পৰ্কে নিৰ্মাণ কৰা চিনেমাৰো এক বুজন পৰিমাণৰ দৰ্শক আছে।
ভূতৰ চিনেমা চাই ভাল পোৱা লোকসকলৰ বাবে আছে এটা ভাল খবৰ। শেহতীয়াকৈ এক গৱেষণাত ওলাইছে আচৰিত তথ্য। গৱেষক সকলৰ মতে, ভয়লগা বা ভূতৰ চিনেমা চালে শৰীৰ, স্বাস্থ্য আৰু মন সকলো ভালে থাকে।
বিশেষজ্ঞসকলৰ যুক্তি-
ভূতৰ চিনেমা চালে মানুহৰ মন আৰু শৰীৰটো সচেতন হৈ পৰে। চিনেমা চাই থকাৰ সময়ত হঠাতে ভূতৰ চিঞৰত বা দৃশ্যত বাৰে বাৰে চোফা বা বিচনাত জপিয়াই উঠিবও পাৰে। কিন্তু ই বহুত কেলৰি নষ্ট কৰে।
গৱেষকসকলে দাবী কৰিছে যে এখন ভূতৰ চিনেমা চোৱাতো প্ৰায় ৩০ মিনিট খোজ কঢ়াৰ সমতুল্য।
ভূতৰ চিনেমাই চিন্তামুক্ত কৰি তোলে। চিনেমাৰ ভয়ত দৰ্শক ইমানেই নিমগ্ন হৈ পৰে যে বাস্তৱ জীৱনৰ সমস্যাবোৰ সৰু যেন লাগে।
ধৰি লওক আপুনি ‘ৰাগিনী এম এম এছ’ বা ‘ইভিল ডেড’ চাই আছে। এই সময়ছোৱাত আপোনাৰ মগজু আটাইতকৈ সজাগ হ’ব। ফলত মগজুত ৰক্ত সঞ্চালন বৃদ্ধি পাব। আপোনাৰ মগজুৱে অধিক সক্ৰিয়ভাৱে কাম কৰিব।
গৱেষণাৰ মতে, ভয়ংকৰ চিনেমা চোৱাৰ সময়ত পুৰুষ-মহিলা উভয়ৰে শৰীৰত এড্ৰিনেলিনৰ জোৱাৰ উঠে। ফলত শ্বেত ৰক্তকণিকাৰ পৰিমাণ বৃদ্ধি পায় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।