দেশখন আচলতে কাৰ?
ঐ কিনাৰাম,
কিনিবা কিমান চাহবাগান
কিমান বিদ্যালয়
ম্যাদীপত্তাত সোমাল কাৰ
পথ আৰু পথাৰ
কয়লা খনিৰ পাহাৰ,গছ লতা বন
অৰণ্য আৰু চৰাই?
খাল-বিল-নদী-জলাশয়
তোমাৰেই নেকি মহাশয়
নামজাৰী হল নেকি তোমাৰেই নামত
নদীদ্বীপ মা-জু-লী ?
আঁচনিৰ যাদুঘৰ
ইতিহাস কলংকৰ
ঐ কিনাৰাম
ঋণৰ হৰ্ডিঙত উলমি ৰয়
বিকাশৰ বিজ্ঞাপন
এনেকৈ চলে নেকি দেশ
জাতি মাটিৰ ভেটিত
ভেদনীতিৰ ৰাজনীতি
উত্তৰ বিচাৰিলে ইয়াৰ
‘বাবৰ’ৰ সন্ধানত হাহাকাৰ
গাঁও-ভুই, নদী-ঘাট, চৰ আৰু চহৰ?
বুলডেজাৰ লগাই
দীন-দুখীয়াৰ ঘৰ ভাঙিছা
মাতৃ বধিছা
শিশু বধিছা
বধিছা নিৰীহ মানুহ?
ঐ কিনাৰাম
দেশখন আচলতে কাৰ
জাগিব লাগিলে জনগণ
বিচাৰি নাপাবা বাট পলাই যোৱাৰ
দেশখন আচলতে কাৰ
সেউজীয়াৰ বিনিময়ত অ-সভ্যতা
সেউজীয়াৰ বিনিময়ত
বালি চিমেণ্ট আলকতৰা
কিমান দিনলৈ সেউজীয়াৰ বিনিময়ত
ঘূৰিব গাড়ীৰ চকা?
ইমান খালে এটা পেটে
কি পাব ক্ষুধাৰ দেশে
সুধিছানে নিজকে এবাৰ
ঐ কিনাৰাম
দেশখন আচলতে কাৰ?
