১৯৯১ চনৰ ১১ জানুৱাৰীত চেন্নাইত চিকিৎসাধীন হৈ থকা অসমৰ শ্ৰী মোহনকৃষ্ণ মিশ্ৰৰ অকাল বিয়োগ হৈছিল ৷ সেই সময়ত তেওঁৰ বয়স আছিল ৪০ বছৰ মাত্ৰ ৷ কেইবাবছৰ ধৰি বৃক্কৰ ৰোগত কষ্ট পাই আছিল আৰু অৱশেষত অস্ত্ৰোপচাৰৰ বাবে চেন্নাইলৈ গৈছিল ৷ কিন্তু দুখৰ বিষয় চিকিৎসা শেষ নৈহওতেই তেওঁৰ প্ৰাণ-পখী মহাশুন্যত বিলীন হৈছিল৷
অসমৰ নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্রুতিসম্পন্ন কবি এনেকৈয়ে আঁতৰি গ’ল ৷ বৰপেটাই হেৰুৱালে এজন প্ৰতিভাশালী লিখক. যিজনে তৰুণ সমাজক আলোড়িত কৰিছিল আৰু শ্ৰমিক কৃষকৰ বিপ্লৱী চেতনা প্ৰজ্বলিত কৰি তুলিবলৈ কলম হাতত লৈছিল ৷ অসমীয়া সমাজৰ কাৰণে বা ভাৰতৰ জনগণৰ কাৰণে বা বহল অৰ্থত মানৱ সমাজৰ কাৰণে তেওঁ এৰি থৈ গ’ল- এগৰাকী স্নেহ কোমল কন্যা, ‘সমদল’ আৰু ‘শাওনৰ শীতল বৃ্ষ্টি’ শীৰ্ষক দুটি মৌলিক কবিতাৰ সমষ্টি; এনিতেনি প্ৰকাশিত আধুনিক গীত, অলপ গদ্য ৰচনা ৷ অসমত মাৰ্ক্সবাদী আন্দোলন বিকশিত আৰু সম্প্ৰাসাৰিত কৰাৰ বাবে ছাত্ৰ যুৱক আৰু কৃষক সংগঠনৰ কাম-কাজত প্ৰাণ ঢালি দিয়া শ্ৰমৰ সময়ত সতীৰ্থ সকলৰ হৃদয়ত তেওঁ এৰি থৈ গৈছে বহুতো উজ্বল স্মৃতি ৷ আদৰ্শৰ ক্ষেত্ৰত কোনো আপোচ নকৰা তেওঁৰ এক বলিষ্ঠ ব্যক্তিত্বৰ ভাৱ-মূৰ্তিও সকলোৰে মানসত আঁকি থৈ গৈছে ৷
তেওঁৰ কবিতা আৰু তেওঁৰ সামাজিক ৰাজনৈতিক কৰ্ম প্ৰবাহ এটা আনটোৰ পৰিপূৰক ৷ ইয়াৰ মাজতেই প্ৰয়াত মোহনকৃষ্ণ মিশ্ৰৰ কবি প্ৰতিভা আৰু হৃদয়ৰ সম্বাদ বিচাৰি পোৱা যায় ৷
মোহনকৃষ্ণই ১৯৭৯ চনৰ বিদেশী বিতাড়ন আন্দোলন বা ‘অসম আন্দোলন’ৰ ভেদ-বাদী সাম্প্ৰদায়িক নীতিসমূহ সমৰ্থন কৰিব পৰা নাছিল ৷ আন্দোলনকাৰী যুৱকসকলৰ দৃষ্টিত এয়া আছিল অক্ষমনীয় অপৰাধ ৷ পাঠশালাত থাকোঁতে তেনে এদল তথা-কথিত দেশ-প্ৰেমিক যুৱকৰ সশস্ত্ৰ আক্ৰমণৰ ষড়যন্ত্ৰৰ কথা গম পাই তেওঁ নিশাৰ ভিতৰত এজন শুভাকাঙ্খীৰ লগত আঁতৰি আহি কোনোমতে প্ৰাণ ৰক্ষা কৰি বৰপেটাত আশ্ৰয় লয় ৷ তাৰ পিছত তেওঁ কেতিয়াবা গুৱাহাটী, কেন্দুকনা, সৰভোগ, বৰপেটা ৰোড্ আদি ঠাইত আশ্ৰয় লৈ থাকিবলগীয়া হয় ৷ অৱশেষত সৰভোগ অঞ্চলত তেওঁ শিক্ষকতাৰ চাকৰি কৰিছিল ৷ এনেকুৱা উত্তেজনা, অস্থিৰতাই তেওঁৰ ৰগ্ন শৰীৰ আৰু বেছি দুৰ্বল কৰি আনিছিল ; তথাপি তেওঁৰ ইস্পাত সদৃশ দৃঢ়তা অটুত আছিল৷
ৰামধেনু যুগৰ কবিসকলৰ একাংশ আছিল নগৰীয়া আধুনিক মধ্যবিত্ত শ্ৰেণীৰ কল্পনাৰ ৰূপকাৰ আৰু একাংশ আছিল বিপ্লৱী সমাজতান্ত্ৰিক চেতনাৰ সুৰকাৰ ৷ ষাঠিৰ আৰু সত্তৰৰ দশকৰ উত্তাল ৰাজনৈতিক পৰিবেশ আৰু গণতান্ত্ৰিক আন্দোলনৰ গৰ্ভত থিত লৈ নতুন কবিসকলে বাস্তৱতাৰ চিত্ৰকৰ হৈ ওলাই আহিবলৈ ধৰিলে ৷ এই নতুন কবিসকলে ভাৰতৰ স্বাধীনতা সম্পৰ্কে, পূৰ্ব কবিসকলে পোষন কৰা ৰোমাণ্টিক আদৰ্শৰ মোহৰ পৰা মুক্ত হৈছিল ৷ তেওঁলোকে গান্ধীবাদী অহিংস আপোচকামী মনোভাবতকৈ বিপ্লৱী আন্দোলনৰ প্ৰতিহে অধিক আকৰ্ষিত হৈছিল; নি:সংগতাৰ বেদনাতকৈ আন্তৰ্জাতিকতাবাদেহে নতুন কবিৰ মনত পোহৰ পেলাইছিল ৷ সদা শইকীয়া, সমীৰ তাঁতি, সনন্ত তাঃতী, ৰবীন্দ্ৰ সৰকাৰ, হীৰেণ ভট্টাচাৰ্য আদিৰ সৈতে মোহনকৃষ্ণ মিশ্ৰও সেই পথেৰে কাব্য-চৰ্চা আৰম্ভ কৰিছিল ৷ বিশেষকৈ মাৰ্ক্সবাদী মতাদৰ্শত বিশ্বাসী আলোচনী ‘নতুন পৃথিৱী’য়ে এই কবিসকলৰ বাবে এখনি মুক্ত মঞ্চ প্ৰস্তুত কৰি দিছিল ৷ মোহনকৃষ্ণ মিশ্ৰৰ ‘সমদল’ শীৰ্ষক কবিতা সমষ্টিৰ কেইটামান কবিতা আলোচনা কৰিলে তেওঁৰ সমাজ-সচেতন আৰু বিপ্লৱী মানসিকতাৰ পৰিচয় পোৱা যায় ৷ নিস্পেষিত শ্ৰমজীৱী জনগণক জাগ্ৰত কৰি সমাজ সলনিৰ সংগ্ৰামৰ পথলৈ আহ্বান কৰা -এই তেওঁৰ কবিতাৰ মূল সুৰ ৷ তাৰ মাজতেই তেওঁ প্ৰকৃতিৰ সৌন্দৰ্য্যৰ প্ৰতিও আকুলতা প্ৰকাশ কৰি গৈছে ৷
সাম্প্ৰতিক কালত বহু কবিয়েই আমাৰ সাহিত্যত কবিতা ৰচনা কৰি আছে ৷ আধুনিক কবিতাৰ নতুন ৰচনা শৈলী বা আংগিক সৃ্ষ্টি কৰি প্ৰস্তুত কৰা কবিতা মাত্ৰেই নামত আধুনিক হ’লেও মৰ্মবস্তু আধুনিক বুলি কোৱাতো অনেক ক্ষেত্ৰত চিন্তাৰ বিষয় হৈ পৰে ৷ ৰবীন্দ্ৰ নাথৰ মন্তব্য এই ক্ষে্ত্ৰতেই মনলৈ আহে _’শুধু ভংগী দিয়ে যেন না ভোলায় চোখ ৷’ গতিকে সামজ-বাস্তৱতাৰ প্ৰকৃত ৰূপ আৰু মানৱতাবাদী ধ্যান-ধাৰণা যিসকল কবিৰ কবিতাত পোৱা যায় তেওঁহে প্ৰকৃততে আধুনিক ৷
মোহনকৃষ্ণৰ ‘সমদল’ শীৰ্ষক সংকলনত ৪৫ টা কবিতা সন্নিবিষ্ট হৈছে ৷ এই কবিতাৰাজিত তেওঁ সমসাময়িক কবিসকলৰ যি সকলে সমাজ বাস্তৱৰ গভীৰত চলা শ্ৰেণী-সংগ্ৰাম দেখিও নেদেখাৰ ভাও জুৰি কেৱল আকাশ কুসুম বিচাৰি ‘নিৰ্জনতা’. নি:সংগতা আদি আখ্যাৰে কাগজৰ নাওঁ পানীত উটাই দি ৰং চাই চাই সময়ে অপচয় কৰি আছে তেওঁলোকক ব্যঙ্গৰ চাবুক মাৰি তেওঁ চেতনা জগাব খুজিছে ৷
কবি মোহনকৃষ্ণৰ মিশ্র্ৰ দৃ্ষ্টিভঙ্গীত সংকীৰ্ণ জাতীয়তাবাদ বা সাম্প্ৰদায়িকতা পাবলৈ নাই ৷ তেওঁ শোষিত মানৱৰ পক্ষত থিয় দি আছে সংগ্ৰামৰ বাতৰি বিলাই ৷ ‘মই অনন্ত কাল মানুহৰ স’তে’ শীৰ্ষক তেওঁৰ এটি অবিস্মৰণীয় সাৰ্থক কবিতাই সকলোকে মুগ্ধ কৰি থৈছে ৷ ইয়াৰ উপৰিও ‘প্ৰভাত’, ‘এনেকৈ আৰু কিমান দিন’, ‘বোধনৰ শংখ’, ‘আদেশ’, ‘নিৰন্ন গান’. ‘শতৰুৰ প্ৰতি’, ‘সমদল’ আদি কবিতাত তেওঁৰ বলিষ্ঠ ভাষণত সাধাৰণ কথাৰ শব্দবোৰেই কাব্যিক ব্যঞ্জনা লাভ কৰি উজ্জ্বল হৈ উঠিছে ৷
মিশ্ৰই ১৯৮৪ চনত ৩ মাৰ্চত নলবাৰীত কবি সন্মীলনীত সভাপতিৰ আসনৰ পৰা এটি মূল্যৱান ভাষণ দিছিল ৷ সেই ভাষণত কবিতা, সমাজ আৰু বিপ্লৱ সম্পৰ্কে তেওঁৰ দৃষ্টিভঙ্গী বাখ্যা কৰিছিল ৷
কবি মোহনকৃষ্ণ জনগণৰ প্ৰতি দায়বদ্ধ বিদ্ৰোহী শিবিৰৰ কবি আছিল ৷ গাঁৱলীয়া শোষিত কৃষক সমাজ, নগৰৰ শ্ৰ,মিক আৰু সকলো নিষ্পেষিত মানুহৰ প্ৰতি তেওঁ দায়বদ্ধ আছিল ৷ কবিতা লিখিবলৈ তেওঁ কলম হাতত লৈ সেই দায়বদ্ধতা কেতিয়াও পৰিত্যাগ কৰা নাই ৷
“মই কাষতেই ৰৈ আছোঁ
গতি আৰু বিবৰ্তনত মোৰ বৰ সৰল বিশ্বাস ৷
কাৰোবাক বিব্ৰত কৰি হ’লেও ক’ব লাগিব
হাতৰ মুঠি কঠিন কৰি থকা মানুহক মই বিশ্বাস কৰোঁ
মোৰ নিৰন্ধ্ৰ বিশ্বাস ৷”
***
সহায়ক লেখা : ‘শোষিত জনৰ কবি মোহনকৃষ্ণ মিশ্ৰ‘- “সমাজৰ মাজেৰে সাহিত্যলৈ” – বিজনলাল চৌধুৰী
