প্ৰণৱজ্যোতি ডেকা
ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে। ইয়াৰ পটভূমি আছিল ধর্মৰ ভিত্তিত বিভাজিত পাকিস্তানত পূৱ পাকিস্তানৰ মাতৃভাষা বাংলাৰ প্ৰতি অন্যায় আৰু অৱহেলা।
১৯৪৭ চনত দেশবিভাজিত হৈ স্বাধীনতা লাভ কৰিছিল ভাৰতবৰ্ষই আৰু জন্ম হৈছিল আন এখন ৰাষ্ট্ৰ পাকিস্থান। পাকিস্থানৰ জন্ম হৈছিল ধর্মৰ ভিত্তিত, কিন্তু ভাৰতৰ ক্ষেত্ৰত ই প্ৰযোজ্য নাছিল। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ সংবিধানত ধৰ্মনিৰপেক্ষ শব্দটো নাছিল যদিও পৰৱৰ্তী সময়ত ১৯৭৬ চনত ধৰ্মনিৰপেক্ষতাৰ ধাৰণাক সংবিধানত সন্নিবিষ্ট কৰা হয়।
সময় বাগৰাৰ লগে লগে ধর্মীয় পৰিচয়ৰ ভিত্তিত প্রতিষ্ঠিত তথাকথিত সংযুক্ত ৰাষ্ট্ৰ ‘অভিন্ন পাকিস্তান’ প্ৰত্যাহ্বানৰ সম্মুখীন হল।ই আছিল পূব আৰু পশ্চিম পাকিস্তানৰ ৰাজনৈতিক প্রেক্ষাপটত জন্ম লাভ কৰা দুটা ভিন্ন শাখা, ‘মাতৃভাষা’ আৰু ‘ধৰ্মীয় আবেগ’ একেলগে আগবাঢ়ি যোৱা প্ৰক্ৰিয়াটো আছিল খুবেই জটিল, গতিকে এক অনতিক্রম্য বিচ্ছিন্নতাই পৰৱৰ্তী সময়ত তীব্ৰ ৰূপ ধাৰণ কৰিলে।
১৯৪৮ চনৰ ২৪ মার্চত ঢাকা বিশ্ববিদ্যালয়ৰ সমাবর্তনৰ বক্তৃতাত মহম্মদ আলী জিন্নাই সম্ভবত তেওঁৰ জীবনৰ সকলোতকৈ ডাঙৰ ভুলটো কৰি পেলালে, যেতিয়া তেওঁ ভাষণত কৈছিল, “…..কেবল এটা ৰাষ্ট্ৰভাষা থাকিব পাৰিব … , সেই ভাষা নিঃসন্দেহে উর্দু, অন্য কোনো ভাষা নহয়।” ঢাকাত সেইদিনা মুহুৰ্তৰ ভিতৰতে আৰম্ভ হৈছিল তীব্র প্রতিবাদ, বাংলা ভাষাৰ প্ৰতি জিন্নাৰ এই দৃষ্টিভংগীয়ে বাঙালীৰ অনুভূতিত বাৰুকৈয়ে জোকাৰণি তুলিলে, তীব্র প্রতিবাদৰ জুইয়ে পূব পাকিস্তান আগুৰি ধৰিলে। বুদ্ধিজীবীসকলে জিন্নাৰ এই তত্ত্বক ‘অযৌক্তিক’, ‘অগ্রহণযোগ্য’ হিচাবে প্রত্যাখ্যান কৰিলে। কাৰণ ‘অবিভক্ত পাকিস্তানত’ ৫৫শতাংশ লোক আছিল বাংলাভাষী। সেয়াই আছিল আৰম্ভণি।
১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত ঢাকা বিশ্ববিদ্যালয়ৰ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু একাংশ প্ৰগতিশীল ৰাজনৈতিক কৰ্মীয়ে প্ৰতিবাদী সমদল আৰম্ভ কৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাত ৰফিক, বৰ্কত উল্লা, ছালাম আদি কেইবাজনো ছাত্ৰ নিহত হয়। এই ঘটনাৰ প্ৰভাৱে সমগ্ৰ পূৰ্ববংগ জোঁকাৰি গৈছিল, ফলত ২১ ফেব্ৰুৱাৰীত ছাত্ৰ হত্যাকাণ্ডৰ প্ৰতিবাদত সমগ্ৰ দেশতে বিদ্ৰোহৰ জুই জ্বলি উঠে। ২২ ফেব্ৰুৱাৰীত পুনৰ আৰক্ষীৰ গুলি চালনাত নিহত হৈছিল ছফিউৰ ৰহমান, টানি আৱাল আৰু আলিউল্লাহ নামৰ কিশোৰ যুৱক। ২৩ ফেব্ৰুৱাৰীত ফুলবাৰিয়াত শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলক নৃশংসভাৱে আক্ৰমণ কৰিছিল আৰক্ষীয়ে। এই নিৰ্লজ্জ, নিৰ্মম, আৰক্ষীৰ আক্ৰমণৰ প্ৰতিবাদত মুছলিম লীগে সেইদিনাই সংসদীয় দলৰ পৰা পদত্যাগ কৰিছিল। ২৪ ফেব্ৰুৱাৰীত শ্বহীদ ছফিউৰ ৰহমানৰ পিতৃয়ে উদ্বোধন কৰে ভাষা আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি জীয়াই ৰাখিবলৈ মেডিকেল কলেজৰ হোষ্টেল চৌহদত ছাত্ৰ-ছাত্ৰীসকলে নিশাটোৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা শ্বহীদ মিনাৰ।
১৯৬৯ত বাংলাদেশত পাক বিৰোধী গণঅভ্যুত্থান আৰম্ভ হয় আৰু দীর্ঘ ২৩ বছৰৰ পাকিস্তানী শাসনৰ শিকলি ছিন্ন কৰি ১৯৭১ চনৰ ১৬ ডিচেম্বৰত বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত আৰু ভাৰতীয় সেনাৰ সহযোগত স্বাধীন বাংলাদেশৰ সৃষ্টি হয়।
কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ ১৯০৫ চনত ৰচিত চিৰন্তন ছন্দোময় শব্দ, গভীৰ হৃদয়গ্রাহী গীতৰ পংক্তিসমূহ হৈ উঠে সার্বভৌম বাংলাদেশৰ জাতীয় সংগীত।
“আমার সোনার বাংলা, আমি তোমায় ভালোবাসি/চিরদিন তোমার আকাশ, তোমার বাতাস, আমার প্রাণে বাজায় বাঁশি।
চমুকৈ হলেও উনুকিয়াই থব লাগিব যে ১৯৭২ চনত বাংলাদেশৰ সংবিধান লিপিবদ্ধ কৰা হয় নতুন ৰাষ্ট্রৰ চাৰিটা বৈশিষ্টৰ ভিত্তিত। সেয়া হল, “জাতীয়তাবাদ, গনতন্ত্র, ধর্মনিৰপেক্ষতা আৰু সমাজতন্ত্রবাদ”(Nationalism, Socialism, Democracy and Secularism)।
কানাডাৰ ভেংকুভাৰ নিবাসী দুগৰাকী বঙালী লোক ৰফিকুল ইছলাম আৰু আব্দুছ চালামে ১৯৯৮ চনত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান কফি আন্নানৰ ওচৰত একৈশ ফেব্ৰুৱাৰীৰ দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস ৰূপে স্বীকৃতি দিবলৈ আবেদন জনায় আৰু ১৯৯৯ চনত ইউনেস্কোৱে এই দিনটো International Mother Language Day হিচাবে গৃহীত কৰে। ইয়াৰ পিছত ২০০০ চনত ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহে ২১ ফেব্ৰুৱাৰীৰ দিনটোক ভাষা দিৱস হিচাবে গ্ৰহণ কৰি সকলো সদস্য দেশকে “বিশ্বৰ মানৱে ব্যৱহাৰ কৰা সকলো ভাষাৰ সংৰক্ষণ আৰু সুৰক্ষা”ৰ বাবে অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰে।
এনেদৰেই ২১ ফেব্ৰুৱাৰীৰ দিনটো বাংলাদেশত এক জাতীয় উৎসৱত পৰিণত হৈছে। প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰীৰ দিনটো আৰম্ভ হোৱাৰ লগে লগে নিশা ১২ বজাত শ্বহীদ মিনাৰত প্ৰথমে পুষ্পমাল্য অৰ্পণ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে। তাৰ পিছত বিশিষ্ট্য লেখক সাহিত্যিক সকলে। ভাষা দিৱস উদযাপনৰ সময়ত ধৰ্ম, দল মত, ৰাজনীতি নিৰ্বিশেষে সকলো এক হৈ যায়। এটাই মাথোঁ পৰিচয় – বাঙালী। ১৯৫২ চনত ভাষা আন্দোলনত শ্বহীদ হোৱাসকলৰ স্মৃতিত শ্বহীদ মিনাৰত নিশাৰে পৰা পিছদিনা সম্পূৰ্ণ দিনটো শ্বহীদ প্ৰাংগন হৈ পৰে লোকে লোকাৰণ্য| বিৰ দি বাট পাবলৈ নাই। বাংলা ভাষাৰ প্ৰতি বাংলাদেশী মানুহৰ এই প্ৰীতি কেৱল আবেগিক নহয়, ভাষাটোৰ প্ৰতি সংবেদনশীল দায়বদ্ধতা, নেদেখিলে বুজা নাযায়।বাঙালী পৰিচয়েৰে সেই দেশৰ নাগৰিক ইমান দিনে এক আৰু অভিন্ন আছিল, পিছে বাংলাদেশৰ আত্মাক তচনচ কৰা মৌলবাদীৰ বাংলাদেশত এইবাৰ কিদৰে এই দিৱস উদযাপন হয় লক্ষণীয় হব।
সম্প্ৰতি বাংলাদেশত ধৰ্মীয় ঘৃণাই তীব্ৰ কৰি তুলিছে ভাৰত বিৰোধী প্ৰচাৰ। পিছে ই নতুন কথা নহয়|১৯৭৫ চনত বংগবন্ধু মজিবুৰক হত্যা কৰি ১৯৭৭ চনত জিয়াউৰ ৰহমানৰ শাসন কালত সংবিধানৰ পৰা ধৰ্মনিৰপক্ষ শব্দটো আঁতৰাই বাংলাদেশ ইছলামিক ৰাষ্ট্ৰ ঘোষিত হৈছিল। পুনৰ ২০১০ চনত শ্বেখ হাচিনা শাসনলৈ অহাত বাংলাদেশৰ সংবিধানত ধর্মনিৰপেক্ষতাক স্থান দিয়া হয়। পুনৰ ২০২৫ত ইউনিছ চৰকাৰে ধর্মনিৰপেক্ষতা শব্দটো কিদৰে দুৰ কৰিব পাৰি তাৰ আঁচনি প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে।
ভাৰত বাংলাদেশ দুয়োখন দেশতে এতিয়া সংখ্যালঘুসকলৰ ওপৰত দৈনন্দিন চলি আছে নানা ধৰণৰ নিৰ্যাতন, চৰকাৰৰ যেন একো নাই কৰিবলৈ।বাংলাদেশৰ মুছলিম মৌলবাদীসকলৰ তৎপৰতাত অসমত বসবাস কৰা একাংশ মুছলমান নিশ্চয় প্ৰভাৱিত কৰিব, ইতিমধ্যে আৰক্ষীৰ হাতত এই বিষয়ে বহু তথ্য হাতত পৰা বুলি জানিব পৰা গৈছে,কেইবাজনো গ্ৰেপ্তাৰ হৈছে, এই কথাবোৰত ধৰ্মনিৰপেক্ষ অথবা সঁচা অৰ্থত ধাৰ্মিক মানৱতাবাদী ইছলামসকলে গুৰুত্ব দিয়া উচিত। ইছলাম মৌলবাদীৰ এনে তৎপৰতাই হিন্দুত্ববাদীসকলৰ সংগঠন বৃদ্ধি কৰাত সহায় কৰিব। অৰ্থাৎ ইছলামিক ৰাষ্ট্ৰ আৰু হিন্দুৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দুয়োপক্ষ একেলগে আগবাঢ়িব, কিন্তু বলিদান দিব লাগিব সাধাৰণ শ্ৰমজীবি মানুহে। দুয়ো দেশৰে বেমাৰ একেটাই, ধৰ্মনিৰপেক্ষতাৰ প্ৰতি এলাৰ্জী। ভাষা গৌণ। ধৰ্মীয় গোৰামীৰ সমুখত ভাষা আজি বিপন্ন।
জিন্নাৰ সুৰতেই সুৰ মিলাই আমাৰ শাসকবৰ্গইও ‘এক দেশ-এক ভাষা-এক ধৰ্ম’ বা চমুকৈ ‘হিন্দী-হিন্দু-হিন্দুস্থান’ৰ বিভাজনমুখী বাণী দেশৰ চুকে কোনে বিয়াপাই দিয়াৰ চেষ্টা কৰিছে। ভাৰতেও পাকিস্তানৰ আদৰ্শ গ্ৰহণ কৰি ধৰ্মনিৰপেক্ষতাক সংবিধানৰ পৰা বিদায় দিবলৈ তৎপৰ হৈছে নেকি? উল্লেখ কৰা ভাল যে জিন্নাৰ নেতৃত্বত সৰ্বভাৰতীয় মুছলিম লীগে দ্বিজাতিতত্ত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল ১৯৪০ চনত লাহোৰ অধিবেশনত।আৰু জিন্নাক সমৰ্থন কৰি ১৯৪৩ চনৰ ১৫ আগষ্টত নাগপুৰত চাভাৰকাৰে কৈছিল, “মিঃ জিন্নাৰ দ্বিজাতিতত্ত্বৰ সৈতে মোৰ কোনো মতভেদ নাই। আমি হিন্দু নিজে এটা জাতি আৰু হিন্দু আৰু মুছলমান যে দুটা জাতি সেয়া এক ঐতিহাসিক সত্য।”( S Ramaswami, Politcal Scince< Page,242)
ধৰ্মৰ ভেটিত স্বাধীনতা আনিব নোৱাৰি হিন্দুত্ববাদীসকলৰ সপোন আধৰুৱা হৈ আছিল, গতিকে পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰে আশী শতাংশ লোকক ধাৰ ঋণ লৈ হিতাধিকাৰী সজাই অধোমুখী পৰিবৰ্তনৰ দিশে নিব বিচাৰিছে, দেশৰ হেজাৰ বছৰীয়া বহুভাষিক, বহুধৰ্মীয়, বহুমাত্ৰিক ৰাষ্ট্ৰৰ দৰ্শন সলনি কৰি এককেন্দ্ৰিক হিন্দু ৰাষ্ট্ৰ গঠনৰ দিশে গতি কৰিছে। ইতিহাস সলনিৰ এক পশ্যাদমুখী চেষ্টা।
এনে পৰিপ্ৰেক্ষিতত শাসকীয় দল আৰু ইয়াৰ থিংক টেংক আৰ এছ এছে দেশৰ ইতিহাস সলনি কৰাৰ লক্ষ্যৰে ইতিহাসবিদ আৰু পুৰাতত্ত্ববিদসকলক ৰাজনৈতিক নিয়ন্ত্ৰণলৈ আনিব বিচাৰিছে। দেশৰ পুৰাতত্ত্ব বিভাগে বিগত শতিকা ধৰি মন্দিৰ-মছজিদ বিতৰ্কৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে।যদিও যোৱা দহ বছৰত কেন্দ্ৰীয় অনুসন্ধান সংস্থা, নিৰ্বাচন আয়োগ, বিশ্ববিদ্যালয় অনুদান আয়োগ আদি স্বায়ত্তশাসিত সংগঠনে নিজৰ পেছাদাৰীত্ব ৰক্ষাত বিফল হৈছে।
আধিপত্যবাদী সংখ্যাগৰিষ্ঠৰ দ্বাৰা এখন ধৰ্মীয় ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাটোৱেই সম্প্ৰতি মূল লক্ষ্য। এতিয়া সেই ভয় বাস্তৱলৈ নামি আহিছে।শাসকীয় দল বিজেপিয়ে উচ্চতম ন্যায়ালয়ত ধৰ্মীয় উপাসনাস্থলী সন্দৰ্ভত প্ৰচলিত আইন সলনি কৰাৰ দাবীত গোচৰ তৰিছে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ধৰ্মীয় উপাসনা স্থানৰ চৰিত্ৰ সলনি কৰাৰ লক্ষ্যৰে যিকোনো ধৰণৰ জৰীপত নিষেধাজ্ঞা জাৰি কৰি সকাহ দিলেও আবেদনখন কিন্তু সম্পূৰ্ণৰূপে খাৰিজ কৰা নাই। স্বাধীনতাৰ পাছত ন্যায়পালিকাৰ স্বতন্ত্ৰ আৰু নিৰপেক্ষ স্থিতি দেশত দীৰ্ঘদিন ধৰি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল যদিও এতিয়া কিছু ব্যতিক্ৰম। শেহতীয়াকৈ এলাহাবাদ আদালতৰ এজন ন্যায়াধীশে আদালতৰ চৌহদত আয়োজন কৰা এখন বৈঠকত হিন্দুত্ববাদৰ সপক্ষে ভাষণ দিছিল। ই নিতান্তই সমাগত দিনৰ আগজাননী।
এনেদৰে দুয়োখন দেশৰ মৌলবাদীসকলে ইতিহাস সলনি কৰাৰ পদক্ষেপ হিচাপে সংখ্যালঘুসকলক লক্ষ্য হিচাবে নিৰ্বাচন কৰিছে। য’ত ভাষা নহয়, আগস্থান পাব ধৰ্মই। ধৰ্মৰ ভিন্নতাই মানুহৰ মাজলৈও ভিন্নতা আনিব, এসাজ ভাতৰ বাবে সংগ্ৰাম কৰা লোকৰ মাতষাৰো বন্ধ হৈ পৰিব।
এই কাৰনেই ২১ ফেব্ৰুৱাৰীৰ ভাষাদিৱস অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে, জাতি ধৰ্ম নিৰ্বিশেষে আমি যদি ইয়াৰ তাৎপৰ্য বুজি নাপাওঁ, তেন্তে ভাষাটো ৰক্ষা কৰা আমাৰ বাবে কঠিন হৈ পৰিব।
