• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

জন্তুটোৰ নাম

প্ৰণৱজ্যোতি ডেকা by প্ৰণৱজ্যোতি ডেকা
August 28, 2024
in সাহিত্য
Share on FacebookShare on Whatsapp

অৱশেষত জন্তুটো জোলোঙাৰ পৰা ওলাল
কিন্তু মেকুৰী নহয়

‘জন্তুটোৰ নাম কি’? কবিয়ে সুধিছিল
উত্তৰটো সকলোৱে জানিও নাজানে
পিছে জন্তুটো নিজেই জোলোঙাৰ পৰা ওলাই আহিল কোনেও নভবাকৈয়ে
‘কুকুৰ’ হেনো তাৰ নাম

এনে প্ৰজাতিৰ কুকুৰ আমি দেখা নাছিলো
কোনোবাই কলে, এইটো জাৰ্মান চেফাৰ্ড।
হবও পাৰে, হিটলাৰৰ আছিল তেনে এজাক কুকুৰ,
ইহুদী দেখিলে জঁপিয়াই পৰে

কোনোবাই ক’লে, পগলা কুকুৰ
কাক কেতিয়া কামোৰে একো ঠিক নাই
উচিষ্ট বিচাৰি ঘূৰি ফুৰে
অনুচিত গাঁও অনুচিত চহৰ
বিচাৰি ফুৰে ডাষ্টবিন
খাদ্য দেখিলে সি ৰব নোৱাৰে
‘যিমানেই খাই তাৰ পেট নভৰে’
চকুৰ পলকতে সি
হাতীও খাই শেষ কৰিব পাৰে…

কোনোবাই ক’লে, ই ঢেঁকুৰা কুকুৰ
‘জঙ্গী’ নেতাৰ বাটৰ সংগী
আই-বাইৰ বুকুৰ কুটুম
উলাহতে ভৰি চেলেকে নেজ জোকাৰি
ৰঙা ৰঙৰ প্ৰতি পিছে তাৰ অদ্ভূত এলাৰ্জী

তাৰ ধৰ্ম কি নাজানো
ৰাতি ৰাতি সি
মৌলানাৰ ঘৰৰ চোতালত
এৰেহা মঙহৰ হাড় চোবায়

বাটৰ কুকুৰৰ দৃশ্য ল’লে
মিডিয়াৰ প্ৰথম টাৰ্গেট্ এই কুকুৰটো
কি যে বিনয়ী, শান্ত আৰু প্ৰভুভক্ত
ভুক্তভোগীয়ে জানে,শান্ত হৈ থাকিলে
আচলতে সি কিমান হিংস্ৰ
ইয়াৰ কামোৰতে মৃত্যু হৈছিল
এগৰাকী গান্ধীবাদী
সিদিনাও শান্ত হৈ আছিল সি….

দিন মাহ বছৰ পাৰ হৈ যায়
লেই লেই চেই চেই মাৰ কিল খাই
সি প্ৰকাণ্ড এটা হল
তাৰ বিচৰণ ভূমি
চৰণীয়া পথাৰ, চাহবাগান,উদ্যোগ, কাৰখানা, গভীৰ অৰণ্যানি
পঞ্চতাৰকা গৃহতো সি অনায়াসে প্ৰবেশ কৰে, নাই তাৰ লেখমানো ভয়

দুৰ্বল মানুহবোৰ লগে ভাগে থকাই ভাল
কাৰণ এতিয়া সি এটা গেঙৰ ৰজা
কেৱল হাতীয়েই নহয়,
গিলিব পাৰে সাতামপুৰুষীয়া সম্প্ৰীতি আৰু সভ্যতা

Previous Post

৯ মাহতে ভাঙি পৰিল নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰা ছত্ৰপতি শিৱাজীৰ প্ৰতিমূৰ্তি

Next Post

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কংগ্ৰেছৰ

Related Posts

২১ফেব্ৰুৱাৰী : ভাষা দিৱসৰ চিন্তা আৰু দুঃচিন্তা
অভিমত

২১ফেব্ৰুৱাৰী : ভাষা দিৱসৰ চিন্তা আৰু দুঃচিন্তা

February 21, 2025
এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষাৰ দিৱস উদযাপন
অসম

এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষাৰ দিৱস উদযাপন

February 21, 2025
শোষিতজনৰ কবি মোহনকৃষ্ণৰ মৃত্যু দিৱসৰ শ্ৰদ্ধাঞ্জলি : গুণীন চৌধুৰী
বিশেষ লেখা

শোষিতজনৰ কবি মোহনকৃষ্ণৰ মৃত্যু দিৱসৰ শ্ৰদ্ধাঞ্জলি : গুণীন চৌধুৰী

January 11, 2025
Next Post
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কংগ্ৰেছৰ

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কংগ্ৰেছৰ

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.