• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, June 24, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

সাম্প্ৰদায়িক হিংসাৰ ফান্দৰ পৰা সময় থাকোতেই ৰাইজ আঁতৰি আহক

হীৰেন গোহাঁই by হীৰেন গোহাঁই
August 27, 2024
in অভিমত
Share on FacebookShare on Whatsapp

হীৰেন গোহাঁই

বিজেপিৰ শাসনত অসমত বহিৰাগত বৃহৎ বনিয়া গোষ্ঠীৰ ভূমি আগ্ৰাসনকে ধৰি অৰ্থনৈতিক আধিপত্য এতিয়া গুৰুতৰ হৈ পৰিছে। কিন্তু এই বিষয়টোক লৈ বহিঃৰাজ্যৰ পৰা অহা সাধাৰণ ৰাইজৰ বিৰুদ্ধে উগ্ৰ জাতি দাম্ভিকতাই অসমৰ সমাজ জীৱনৰ বিপদ মাতি আনিব। আনহাতে শেহতীয়াকৈ অনা অসমীয়াৰ লগতে পমুৱা মিঞা সকলক শত্ৰু হিচাপে গণ্য কৰা কাৰ্যই অসমৰ ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব। অসম আন্দোলনৰ পৰিণতি কি হ’ল আমি আজি দেখিছোঁ। অসম আন্দোলনে ভূমিস্থ কৰা অগপক গেৰুৱা বাহিনীৰ কোলাত নিদ্ৰা যোৱা আমি দেখিছোঁ। ‘মিঞা খেদা’ আন্দোলনে বিজেপিৰ সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিকে পোহপাল দিব। সাম্প্ৰদায়িক ঘৃণাৰ উৎকট প্ৰচাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিব। যদি সঁচাই আমি খিলঞ্জীয়া প্ৰেমী তেন্তে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাত সোচ্চাৰ নহওঁ কিয়? কিয় আমি চৃড়ান্ত এন আৰ চি প্ৰকাশৰ বাবে মাত নামাতো? কিয় আমি ‘কা’ ৰূপা‌‌য়ণৰ বিৰুদ্ধে গৰজি উঠা নাই? এই অৱস্থাই মিঞা খেদা, সাধাৰণ অনা অসমীয়া বিৰোধী তথাকথিত আন্দোলন আৰু বিজেপিৰ সাম্প্ৰদায়িক এজেণ্ডা কিন্তু একেটা বিন্দুতে মিলিত হৈছে। অসম আন্দোলনৰ আলোকত শিক্ষা লৈ অসমক ভালপোৱা জাতিপ্ৰেমীসকলে বিজেপিৰ অপশাসন, বিভাজনবাদী শাসনক বৰ্তমান পৰিস্থিতিৰ বাবে জবাবদিহি কৰিব লাগিব। অসমৰ মাটি সুৰক্ষিত কৰিব নোৱাৰাৰ বাবে দায়ী কোন?

ধৰ্ষণৰ ঘটনাক ধৰ্মৰ নামত বিভাজন কৰা, আইনৰ শাসনক বুঢ়া আঙুলি দেখুৱাই এনকাউণ্টাৰ কৰাৰ পক্ষত যি সকল সোচ্চাৰ হৈছে সেয়া আটাইতকৈ বেয়া পৰম্পৰা। এনকাউণ্টাৰৰাজ মানেই এখন বিচাৰহীন, আইনহীন, গণতন্ত্ৰবিহীন সমাজ ৰাষ্ট্ৰৰ পোষকতা। এই পৰিস্থিতিয়ে যিকোনো নিৰ্দোষী মানুহক, গণতান্ত্ৰিক আন্দোলন-প্ৰতিবাদত অংশগ্ৰহণ কৰা লোককো ৰাষ্ট্ৰই দোষী সজাই হত্যা কৰাৰ অনুমতি লাভ কৰিব।
ৰাজ্যখনত এখন নিৰ্বাচিত চৰকাৰ আছে, গতিকে আমাৰ মহিলাসকলক নিৰাপত্তা দিব নোৱৰা, থলুৱা ৰাইজৰ ভূমি বহিৰাগত বনিয়া গোষ্ঠীৰ আগ্ৰাসনৰ বলি হোৱা, আমাৰ স্বাভিমান সুৰক্ষিত কৰিব নোৱৰাৰ বাবে দায়ী কোন? কোনো ধৰ্ম, সম্প্ৰদায়ক শত্ৰু হিচাপে দাঙি ধৰাটো আচলতে বৰ্তমান চৰকাৰখনক সুৰক্ষা দিয়াৰ পৰিকল্পনাৰ অংশহে।

মন কৰিবলগীয়া কথা এয়ে যে যিবোৰ কাকতত মিঞা মানুহমাত্ৰেই ধৰ্ষণকাৰী আৰু যৌনসংযমহীন পাষণ্ড বুলি দেখুৱা হয়,তাৰেই আন পৃষ্ঠাত আন সম্প্ৰদায়ৰে হিন্দু দুৰ্বৃত্তই কিশোৰী বা বালিকাৰ ওপৰত নিকৃষ্ট যৌন অত্যাচাৰ চলোৱাৰ খবৰো ওলায়। অথচ বদনাম কেৱল মিঞাৰ কিয়? সকলো চৰায়ে মাছ খায়,মাছৰোকাৰে বদনাম হয়।

অৱশ্যে চৰম দাৰিদ্ৰ্য আৰু শিক্ষাহীনতাৰ ফলত আৰু জীৱিকাৰ সন্ধানত সৰুতে ঘৰ এৰি অহা বাবে মিঞা কিশোৰ আৰু যুৱকৰ মাজত সংযমৰ শিক্ষা বা অভ্যাস নাথাকে। তাতে চাৰিওপিনে মাধ্যমসমূহত যৌন প্ৰৰোচনাই উৎকট ৰূপ লোৱাত সংযমৰ ধাৰণা লোপ পায়। নাৰীৰ প্ৰতি সন্মানৰ ভাব দেশত থকা হ’লে কলকাতাৰ মেডিকেল কলেজৰ হাস্পতালত ঘটা বীভৎস ঘটনা অসম্ভৱ হ’লহেতেন। মোৰ কৈশোৰ আৰু যৌৱনৰ কেইবাটাও বছৰ কলকাতাত কটাইছিলোঁ। তেতিয়া কিন্তু ৰাতি বাৰ- চাৰে বাৰ বজাতো চাকৰিৰ পৰা যুৱতী কৰ্মচাৰীক নিৰ্ভয়ে উভতি যোৱা দেখিছিলোঁ।

প্ৰভাৱশালী মহল এটাই মুখ্যমন্ত্ৰীৰ দায়িত্বহীন আৰু লেকামহীন উক্তিত সাহ পাই পুনৰ মিঞাবিৰোধী উত্তেজনা প্ৰচাৰ কৰিছে। মিঞা খেদাত লাগি গৈছে। কিন্তু উজনিত মাটি কিনিছে কোনে, মিঞাই নে বহিৰাগত বেপাৰীয়ে?নাগৰিকত্ব থাকিলে জীৱিকাৰ সন্ধানত ভাৰতৰ সকলো ৰাজ্যলৈ
মানুহ যোৱাত বাধা নাই।আইন ভংগ কৰিলে পুলিচে ব্যৱস্থা ল’ব পাৰে। আইনৰ ভিতৰত চলা মিঞাক খেদাখেদি কৰাৰ অধিকাৰ কাৰো নাই।

মোৰ অনুমান যে দেশীয় আৰু আন্তৰ্জাতিক কেতবোৰ শক্তিয়ে অসমত এক ব্যাপক লোমহৰ্ষক সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চক্ৰান্ত কৰিছে। জানি বা নাজানি মুখ্যমন্ত্ৰীয়েও তাত সহযোগ কৰা যেন লাগে। কিন্ত্ত এনে সংঘৰ্ষই নিশ্চিত ভাবে অসমৰ অস্তিত্বকে লোপ কৰিব। সেয়ে সাম্প্ৰদায়িক হিংসাৰ ফান্দৰ পৰা সময় থাকোতেই ৰাইজ আঁতৰি আহক। জয় আই অসম!

Tags: assamAssam governmentassam govtBJPhiren gohain
Previous Post

মিছন বনৰক্ষা: অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ বিলুপ্তপ্ৰায় প্ৰাণীৰ সুৰক্ষা প্ৰদানৰ এক নতুন পদক্ষেপ

Next Post

বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাতক বিজেপি চৰকাৰে উচটনি দিছে:চিপিআই(এম)

Related Posts

২১ফেব্ৰুৱাৰী : ভাষা দিৱসৰ চিন্তা আৰু দুঃচিন্তা
অভিমত

২১ফেব্ৰুৱাৰী : ভাষা দিৱসৰ চিন্তা আৰু দুঃচিন্তা

February 21, 2025
বনতৰা : সংৰক্ষণ নে চখ পূৰণ?
অভিমত

বনতৰা : সংৰক্ষণ নে চখ পূৰণ?

February 4, 2025
মূল্যবৃদ্ধিয়ে উৎসৱৰ আনন্দ নষ্ট কৰিছে – দ্বীপেন কাকতি
অভিমত

মূল্যবৃদ্ধিয়ে উৎসৱৰ আনন্দ নষ্ট কৰিছে – দ্বীপেন কাকতি

January 31, 2025
Next Post
বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাতক বিজেপি চৰকাৰে উচটনি দিছে:চিপিআই(এম)

বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাতক বিজেপি চৰকাৰে উচটনি দিছে:চিপিআই(এম)

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.