স্থানান্তৰত ইতিপূর্বে প্রকাশিত আমাৰ এটা নিবন্ধত আমি নব্যউদাৰ অর্থনীতিত দ্রব্যমূল্য বৃদ্ধিৰ ক্ষেত্রত একচেটিয়া পুঁজিৰ ভূমিকা সন্দর্ভত বহলাই লিখিছিলো। তাত আমি লিখিছিলো- “ভাৰতবৰ্ষৰ দৰে দেশত দ্রব্যমূল্য বৃদ্ধিৰ লগত ৰাজনৈতিক ভ্রষ্টাচাৰৰো যে এক গোপন সম্পর্ক আছে, সেই কথাত কোনো সন্দেহ নাই। যিবিলাক কোম্পানীয়ে ইলেক্টৰেল ব’ণ্ডৰ জৰিয়তে বিজেপি দলক কোটি কোটি টকা দান দিছিল, সেই সকলো কোম্পানীয়েই অন্যায়ভাবে সেই টকা গ্ৰাহকৰ পৰা উঠাই লৈছিল। ঠিকাদাৰী কোম্পানীবিলাকে অবৈধ নিবিদাৰ জৰিয়তে, অত্যধিক লাভত নির্মাণ, যোগান আদি কার্য চলাবলৈ সুবিধা পাইছিল। চৰকাৰে তেওঁলোকক পৰিশোধ কৰা ধন ৰাজকোষৰ পৰাই যায়। নিৰ্বাচনৰ সময়ত ক্ষমতাত থকা দলে ব্যবসায়ীসকলৰ পৰা বলেৰে আদায় কৰি লোৱা চান্দাৰ ক্ষতিপূৰণ কৰিবলৈ দ্রব্যমূল্য বৃদ্ধি কৰাৰ সুবিধা চৰকাৰেই দিয়ে। কিন্তু একে সময়তে আমি এই কথা পাহৰি যোৱা উচিত নহয় যে পুঁজিবাদী ব্যৱস্থাটোতে দ্রব্যমূল্য বৃদ্ধিৰ ব্যৱস্থাগত কাৰণ নিহিত হৈ থাকে।”
দ্রব্যমূল্য বৃদ্ধিৰ লগত মুদ্রাস্ফীতিৰ ওতঃপ্রোত সম্পর্ক আছে। মুদ্রাস্ফীতি বুলি ক’লে আমি সাধাৰণতে এছোৱা নির্দিষ্ট সময়ত মূল্যবৃদ্ধিৰ হাৰৰ কথা বুজোঁ। ইয়াৰ ফলত জনগণৰ জীবনযাত্ৰাৰ ব্যয় বৃদ্ধি পায়। ধৰক, এটা ত্রৈমাসিকত ভিত্তি বছৰৰ গ্রাহক মূল্য সূচী (Base year CPI) ১০০ আৰু তাৰ পাছৰ ত্রৈমাসিকত গ্রাহক মূল্য সূচী ১১০। তেন্তে বুজিব লাগিব, আলোচ্য কালছোৱাত মুদ্রাস্ফীতি বৃদ্ধিৰ হাৰ ১০ শতাংশ।
অসমৰ জনতাই যোৱা ভালেকেইবছৰ ধৰি ক্রমবর্ধমান দ্রব্যমূল্যৰ দুর্ভোগ ভোগ কৰি আহিব লগা হৈছে। শাক-পাচলি, মাছ-মাংসকে ধৰি আন প্রতিটো অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য ধাৰাবাহিকভাবে বৃদ্ধি পাই আহিছে। ঔষধৰ ক্ষেত্ৰতো চৰকাৰে মূল্যবৃদ্ধিত ভেটা দিব পৰা নাই; অস্বাভাৱিক ধৰণে ঔষধৰ মূল্য বৃদ্ধি হৈ আছে। যোৱাটো ভোগালী বিহুৰ সময়লৈকে পাচলিৰ দাম ৬০-৮০ টকাৰ পৰা ২৫০ টকা পর্যন্ত হৈছিল। মূল্যবৃদ্ধিৰ ফলত এতিয়া প্রতি কিলো ছাগলী মাংসৰ দাম ঠাই বিশেষে ৬৫০ টকাৰ পৰা ৭৫০ টকা; স্থানীয় কুকুৰাৰ দাম প্রতি কিলোত ৫০০-৬০০ টকা, ব্ৰইলাৰ কুকুৰাৰ দাম ২৬০-২৮০ টকা; প্রতি কিলো হাঁহৰ মাংসৰ দাম ৭০০-৮০০ টকা। সেইদৰে মাছৰ মূল্যও যথেষ্ট বৃদ্ধি পাইছে। মূল্যবৃদ্ধিৰ পৰা কণীৰ দৰে অতি পুষ্টিকৰ আৰু অত্যাৱশ্যকীয় সামগ্রীয়েও বেহাই পোৱা নাই। একে সময়তে ইন্ধনৰ ক্রমবর্ধমান মূল্যইও পণ্যসামগ্ৰীৰ দাম বৃদ্ধিত অৰিহণা যোগাইছে। চৰকাৰৰ ক্ৰমবর্ধমান পৰিবহণ কৰ আৰু টোল কৰৰ কথা আছেই। শেহতীয়াকৈ, যোৱা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ হিমন্ত বিশ্ব চৰকাৰে বাণিজ্যিক বাহনৰ ওপৰত ১ শতাংশ অতিৰিক্ত কৰ আৰোপ কৰি পৰিবহণ ব্যয় অধিক বৃদ্ধি হোৱাৰ পথ প্রশস্ত কৰিছে। গতিকে স্বাভাবিক মুদ্রাস্ফীতিৰ লগতে চৰকাৰী কৰ-কাটলেও দ্রব্যমূল্য বৃদ্ধিত অৰিহণা যোগাইছে। চৰকাৰৰ এনে ধৰণৰ নীতিৰ ফলত সৰ্বসাধাৰণ যাত্ৰীয়ে বৰ্ধিত হাৰত পৰিবহণ ব্যয়ো বহন কৰিব লগা হৈছে। নিমখ, তেল, আলু, পিঁয়াজ জাতীয় গেলামালবোৰৰ কথা নক’লোৱেই বা! ইন্ধনৰ বৰ্ধিত মূল্য মুদ্রাস্ফীতি বৃদ্ধিৰ অন্যতম কাৰণ। আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, আৰু লগতে অন্যান্য কাৰণত, বিশ্বজুৰি মুদ্রাস্ফীতিৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে। আমাৰ চৰকাৰে তেলৰ দাম বৃদ্ধিত চৰকাৰৰ হাত নাই বুলি দায়সৰা মন্তব্য দি বিষয়টো তল পেলাবলৈ বিচাৰে। কিন্তু আমি জানো- কেন্দ্ৰীয় চৰকাৰে প্ৰতি লিটাৰ পেট্রোল আৰু ডিজেলৰ পৰা যথাক্রমে ৫৫ আৰু ৫০ শতাংশ কৰ (খুচুৰা মূল্যৰ ওপৰত) লাভ কৰে। ২০২২-২৩ আৰু ২০২৩-২৪ চনত কেন্দ্ৰীয় চৰকাৰে পেট্রোল আৰু ডিজেলৰ পৰা আৱকাৰী কৰৰ বাবদ লাভ কৰা মুঠ ধনৰ পৰিমাণ আছিল যথাক্রমে ২,৮৭,০০০ কোটি আৰু ২,৭৩,০০০ কোটি টকা। ৰাজ্য চৰকাৰসমূহে ইন্ধনৰ ওপৰত ভিন্ন হাৰৰ বিক্ৰী কৰ (ভেট) আৰোপ কৰে। অসমৰ ক্ষেত্ৰত পেট্রোল আৰু ডিজেলৰ ওপৰত আৰোপ কৰা কেন্দ্ৰীয় আৰু ৰাজ্যিক ভেটৰ পৰিমাণ যথাক্রমে ৩২.৬৬ শতাংশ (মুঠ মূল্যৰ পৰা ৫ টকা ৰেহাই দিয়া হয়) আৰু ২৩.৬৬ শতাংশ (ইয়াতো ৫ টকা ৰেহাই আছে)। তদুপৰি সময়ে সময়ে আৰোপ কৰি থকা নতুন নতুন কৰৰ কথা আছেই। কেৱল সেয়ে নহয়, আৰোপিত কৰৰো হাৰ সুযোগ বুজি বঢ়াই থকা হয়। চৰকাৰী কৰ আদিৰ বাবে মধ্যবিত্ত শ্রেণীয়ে ভালকৈ উশাহল’ব নোৱাৰা পৰিস্থিতি সৃষ্টি হৈছে। সম্প্রতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৰসাতল পাইছেগৈ এক ডলাৰৰ মূল্য ৮৬.৬৫ টকা। আমদানীকৃত পণ্যৰ মূল্য অৱধাৰিতভাৱে অধিক বৃদ্ধি পাইছে। নক’লেও চলে যে ১,২৫০ টকা ৰাজসাহায্য পাই থকা হিতাধিকাৰীসকলেও একেখন বজাৰৰ পৰাই পণ্যসামগ্রী ক্ৰয় কৰিব লাগে। চৰকাৰৰ এনেবোৰ কথাৰ প্রতি লক্ষ্য ৰাখি কোনোবা এজন গায়কে তেওঁৰ গীতত সঠিকভাৱেই কৈছে-চামুচেৰে দি বেলছাৰে নি আছা…..।
অসমত দৰিদ্ৰতাৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ যথেষ্ট বেছি। তাৰ অন্যতম কাৰণ হ’ল-প্রাথমিক খণ্ডৰ ওপৰত সৰ্বাধিক নিৰ্ভৰশীলতা (অর্থাৎ কৃষি, বনজ সম্পদ, মৎস্য ব্যৱসায়, জীৱ-জন্তু পালন, খনিজ সম্পদ ইত্যাদি), কৃষিৰ নিম্ন হাৰৰ উৎপাদনশীলতা, পণ্য বিক্ৰীৰ সা-সুবিধাৰ অভাৱ, কেঁচা সামগ্রী উৎপাদনৰ ওপৰত অধিক নিৰ্ভৰশীলতা, পণ্যোৎপাদন খণ্ডৰ শোচনীয় অৱস্থা ইত্যাদি। স্বাভাৱিকতে অসমৰ মানুহৰ গড় উপাৰ্জন দেশৰ প্ৰায়বোৰ ৰাজ্যতকৈ যথেষ্ট কম। মানুহৰ মুদ্রা উপাৰ্জন প্রায় স্থিৰ হৈ থকাৰ বিপৰীতে দ্রব্যমূল্যৰ ক্ৰমবৃদ্ধিৰ ফলত আৰু নিতৌ নতুন পৰোক্ষ কৰৰ হেঁচাত মানুহৰ জীৱন-জীৱিকা অতিশয় কষ্টকৰ হৈ উঠিছে। ইয়াৰ ফলত মানুহৰ প্ৰকৃত আয় (Real income) কমি গৈছে আৰু তাৰ অৱধাৰিত পৰিণাম হিচাপে ক্রয়ক্ষমতাও হ্রাস পাইছে, যি কাৰণত অত্যাৱশ্যকীয় সামগ্ৰীৰো চাহিদা ক্রমাৎ কমি গৈছে। ক্রয়ক্ষমতাৰ অভাৱত ভোগালী বিহুটোকো বহু লোকে ভালকৈ উপভোগ কৰিব নোৱাৰিলে। যোৱা দূর্গা পূজাতো মানুহৰ অনুৰূপ অৱস্থাই হৈছিল। বস্ত্ৰ আৰু খেলনা-পুতলাৰ ভালেকেইজন ব্যৱসায়ীয়ে লোকচান হোৱা বুলি আক্ষেপ কৰিছিল। অসম ব্যৱসায়ী সন্থাৰ মতে, যোৱা এবছৰত অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ২০- ৩০ শতাংশ বাঢ়িছে।
দ্রব্যমূল্য নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ নহয়-
২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰত আমি শুনিবলৈ পাইছিলো “বহুত হুৱা মেহেংগাই কী মাৰ, অব কী বাৰ মোদী চৰকাৰ।” এতিয়া প্রশ্ন কৰিলে কয়, বহির্দেশীয় আৰু আন্তর্দেশীয় কাৰণত মূল্যবৃদ্ধি হৈছে। যোগান বিভাগৰ বিষয়াই কয়- যোগান শৃংখল অর্থাৎ উৎপাদন, বিতৰণ আৰু বিক্ৰীৰ স্বাভাৱিক প্রক্রিয়া ব্যাহত হোৱা কাৰণে মূল্যবৃদ্ধি হৈছে। (যোগান শৃংখল ব্যাহত হোৱা কাৰণসমূহৰ ভিতৰত অন্যতম হ’ল-অতিমাৰী, প্রাকৃতিক দুর্যোগ, পৰিবহণ ব্যয় বৃদ্ধি, প্রতিকূল জলবায়ু, চাইবাৰ আক্ৰমণ, ভূ-ৰাজনৈতিক সংঘর্ষ ইত্যাদি।) গোলকীয় কাৰণত যদি মুদ্রাস্ফীতি বৃদ্ধি হৈ থাকে, তেন্তে তাক নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰৰ সুযোগ নাথাকে। কিন্তু এনে ধৰণৰ ব্যাখ্যাই সাধাৰণ মানুহৰ ক্রোধ আৰু হতাশা প্রশমিত কৰিব নোৱাৰে, আৰু নোৱাৰে চৰকাৰৰ নীতি নির্ধাৰণৰ ব্যৰ্থতাৰ কথা ঢাকি ৰাখিবও।
তাতকৈও উদ্বেগৰ কথা, স্থানীয়ভাবে উৎপাদিত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত অসম কৃষি বিপণন পৰিষদ বেয়াকৈ ব্যর্থ হৈছে। মূল্যবৃদ্ধি সমস্যাৰ মোকাবিলা কৰিবলৈ চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহত ৰাজসাহায্যৰ ব্যৱস্থা কৰাৰ লগতে কৃষকসকল উপকৃত হ’ব পৰাকৈ কৃষক-কেন্দ্রিক নীতি প্ৰৱৰ্তন কৰা দৰকাৰ। মধ্যভোগীয়ে সামগ্ৰীৰ দৰ নিৰ্ধাৰণ কৰা ক্ষেত্ৰত চৰকাৰৰ কঠোৰ নিৰীক্ষণ থাকিব লাগে আৰু লগতে কৃষকে যাতে ফচলৰ যথাযথ মূল্য পায়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। স্থানীয়ভাবে উৎপাদিত পণ্যৰ অন্ততঃ পঞ্চাছ শতাংশ চৰকাৰে সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিব লাগে। এই ব্যবস্থাসমূহে বজাৰৰ উদ্বায়িতাও হ্রাস কৰিব।
কিন্তু পৰিতাপৰ কথা, আমাৰ চৰকাৰৰ সেইবোৰৰ প্ৰতি ভ্রুক্ষেপ নাই, অধিক পৰিমাণৰ কৰ সংগ্ৰহৰ ব্যৱস্থা কৰাতহে ব্যস্ত! পিছে মূল্যবৃদ্ধিৰ কাৰণে তেওঁলোকে আন্তর্দেশীয়-বহির্দেশীয় কাৰণ দেখুৱাই গা এৰা দি ফুৰিলে নহ’ব। পৰিস্থিতিৰ অধিক অৱনতি নহ’বলৈ চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাক শক্তিশালী কৰাৰ লগতে সাৰ্বজনীন কৰি তোলা দৰকাৰ, যাতে সৰ্বসাধাৰণ লোকে ক্রয়সাধ্য দামত অত্যাৱশ্যকীয় সামগ্ৰীবোৰ কিনিব পাৰে। কেৱল “বি পি এল” শ্ৰেণীৰ পৰিয়ালক পঁয়ত্রিছ কিলো চাউল আৰু ১,২৫০ টকা দি দায় সাৰি থাকিবলৈ বিচাৰিলে নহ’ব। (মোদী চৰকাৰৰ বি পি এলৰ সংজ্ঞা প্ৰৱঞ্চনামূলক। এহাতেদি দেশৰ দৰিদ্ৰ লোকৰ সংখ্যা ১১.২৮ শতাংশ (প্রায় ১৬.২ কোটি) বুলি কয়; আনহাতে ৮১.৬ লোকক ৰেচন আৰু নগদ ধন দি থাকিব লগা হৈছে!) মানুহক জ্বালা-যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰিবলৈ ৰাজসাহায্যৰ জৰিয়তে পৰিবহণ ব্যয় হ্রাস কৰিব লাগে আৰু মজুতকাৰীৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে। (পাৰিবনে? চৰকাৰ মজুতকাৰীসকলৰ ওচৰত ঋণী নহয় জানো?) অন্যথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্রাস কৰাটো সম্ভৱ নহ’ব। কোৱা বাহুল্য, একমাত্র প্রবল গণ আন্দোলনেহে জনবিৰোধী চৰকাৰ এটাক এনে পথ ল’বলৈ বাধ্য কৰিব পাৰিব। ইতিপূর্বে আমি উল্লেখ কৰিছো যে মূল্যবৃদ্ধি পুঁজিবাদী ব্যৱস্থাটোৰে ব্যৱস্থাগত পৰিণাম। কিন্তু প্রশ্ন হ’ল, আমি চৰকাৰটোক পুঁজিপতিসকলৰ উপকাৰ সাধিবলৈকে নির্বাচিত কৰি পঠাওঁ নেকি? তেওঁলোকৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু আমাৰ জীৱন-জীৱিকা সহজ কৰি তুলিব বুলি ৰাজনৈতিক দলে দিয়া প্রতিশ্রুতিসমূহ বিশ্বাস কৰিহে আমি একোটা দলক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিওঁ। তেওঁলোক যদি প্রতিশ্রুতি পূৰণত ব্যর্থ হয়, তেন্তে তেওঁলোকৰ ব্যর্থতাৰ প্ৰতিবাদত আন্দোলন কৰাৰ অধিকাৰ জনতাৰ আছে।
