“তাৰমানে মিঞা মুছলমানে গোটেই অসমখন ল‘বই, মিঞা উজনিলৈ যাবই, কিয় যাব? আমি নিদিওঁ, আপোনালোকে কি কৰে কৰক।” অসমৰে এটা জনগোষ্ঠীক(কেৱল মিঞা নহয়, মুছলমানো)লৈ কোনো জনপ্ৰতিনিধিয়ে এনে বক্তব্য কৰিব পাৰে বুলি ভবা নাছিলোঁ। গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোনোৱাললৈ কোনো মুখ্যমন্ত্ৰীয়ে এনেদৰে চিঞৰি চিঞৰি উত্তেজিত ভাবে অসাংবিধানিক কথা কোৱাৰ দৃষ্টান্ত নাই। ভাৰতৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কব পাৰে, Yes I am a mad dog and I can bite anybody if you don’t tie me up. কিন্তু কি আচৰিত কথা, আমাৰেই দুৰ্ভাগ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ মুখত ঠিক তেনে কথা এটাই শুনিলোঁ, “হয়, মই পগলা কুকুৰ, মোক যদি ভালদৰে বান্ধি নাৰাখে, কাক কেতিয়া কামুৰিম একো ঠিক নাই।…”। এগৰাকী মুখ্যমন্ত্ৰী সমগ্ৰ ৰাজ্যখনৰ জনতাৰ সন্মানীয় প্ৰতিনিধি। তেওঁ নিজকে পগলা কুকুৰৰ লগত তুলনা কৰি বুজাব খুজিছে নেকি যে তেওঁ প্ৰতিনিধিত্ব কৰা সকলো প্ৰজাই কুকুৰ? চৰকাৰ এখনৰ শীৰ্ষ পদাধিকাৰীয়ে এনে কথা কব লাগেনে? এনে কথা কোৱাৰ পাছত কোনোবাই নিজকে চৰকাৰৰ এটা অংশ বুলি ভাবিব পাৰিবনে? ভাৰত এখন সাৰ্বভৌম প্ৰজাতান্ত্রিক গণৰাজ্য। ভাৰতীয় সংবিধানৰ ২৫, ২৬, ২৭ আৰু ২৮ নং অনুচ্ছেদত ধৰ্মৰ স্বাধীনতাৰ অধিকাৰৰ বিষয়ে ভালদৰে বৰ্ণনা কৰা হৈছে। “ৰাষ্ট্ৰই কোনো ধৰ্মৰ ক্ষেত্ৰত এটাক আনটোতকৈ অগ্ৰাধিকাৰ দিব নোৱাৰিব।..” অৰ্থাৎ ৰাষ্ট্ৰৰ কোনো ধৰ্ম নাই, সকলো ধর্মৰ ক্ষেত্ৰত ৰাষ্ট্ৰই সম দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব| প্ৰাপ্তব্য়স্ক নাগৰিকে নিজৰ ইচ্ছামতে যিকোনো ধৰ্ম পালন আৰু গ্ৰহণ কৰাৰ স্বাধীনতা থাকিব। ইমান পৰিষ্কাৰ আৰু স্পষ্ট ভাবে সংবিধানত নিৰ্দেশনা থাকোতেও কি যুক্তিৰ আধাৰত মুখ্যমন্ত্ৰীয়ে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি ঘৃণাৰ বাতাবৰণ বিয়পাইছে ভাবিলে আচৰিত হব লাগে। যদি কেৱল এটা বিশেষ সম্প্ৰদায়ৰ মানুহক ‘কামুৰিব‘লৈ লয়, তেন্তে ৰাজ্যৰ অৱস্থা কি হবলৈ গৈ আছে, অনুমান কৰিব পৰিছোঁনে আমি?
এৰিষ্টোটেলে কৈছিল,”যি কেতিয়াও আজ্ঞা পালন কৰিবলৈ শিকা নাই, তেওঁ ভাল শাসক হ’ব নোৱাৰে, গণতন্ত্ৰৰ উৰ্দ্ধত কেৱল একনায়কত্ববাদীসকলহে থাকিব পাৰে|” গণতন্ত্ৰত ভিন্ন আৰু বিপৰীতমুখী ধাৰণা প্ৰকাশ কৰাৰ স্বাধীনতা অতি প্ৰয়োজনীয়। যদি গণতন্ত্ৰক মূলতঃ এটা প্ৰক্ৰিয়া হিচাপে ধৰা যায় – সমাজ নিৰ্মাণৰ বাবে সামূহিক সিদ্ধান্ত আৰু সামূহিক স্বাৰ্থ বজাই ৰাখিবলৈ মুক্ত পৰিবেশ গুৰুত্বপূৰ্ণ। সামাজিক মাধ্যমত দেখিলোঁ, দুগৰাকী গায়ক গায়িকাই মুখ্যমন্ত্ৰীয়ে মিঞাৰ প্ৰতি কৰা অৱজ্ঞাসূচক মন্তব্যৰ প্ৰতিবাদত এটি গীত গাইছে, বাংলাদেশত ভাইৰেল হোৱা “দেশটা তোমাৰ বাপেৰ নেকি”ৰ অনুকৰণত। গীতটোত এফালে মিঞা জাতিক জাগি উঠাৰ কথা কৈছে , আনফালে অসমৰ সকলো মানুহে শান্তি সম্প্রীতি বজাই ৰখাৰ কথাও কৈছে। শুনিছোঁ, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।মুখেৰে আমি গণতন্ত্ৰৰ কথা কৈ থাকোঁ, কিন্তু গণতন্ত্ৰৰ তাৎপৰ্য হৃদয়ঙ্গম কৰিব নোৱাৰো। মানুহৰ কথা কোৱাৰ মুক্ত পৰিবেশ আৰু ৰাষ্ট্ৰই তেনে পৰিবেশ জীয়াই ৰখাটোৱেই গণতন্ত্ৰৰ প্ৰাথমিক ধাৰণা। আনহাতে সংখ্যালঘুৰ ৰক্ষণাবেক্ষণ ধৰ্মনিৰপেক্ষ দেশৰ সাংবিধানিক দায়িত্ব। সংখ্যালঘুসকলৰ ওপৰত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ সামাজিক/সাংস্কৃতিক আধিপত্য ৰোধ কৰিবলৈ সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষাৰ ক্ষেত্ৰত সামাজিক ন্যায়ৰ নীতিসমূহ মানৱীয় দৃষ্টিকোনেৰে চোৱাটো প্ৰয়োজনীয় বুলি ভাবো। মিঞাসকল এসময়ত বাংলাদেশৰ পৰা অহা ভগনীয়া, এই কথা সকলোৱে জানে। তেওঁলোকৰ সৰহসংখ্যকেই ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে, খেতি-বাতি আৰু বিভিন্ন কামত নিয়োজিত হৈ অৰ্থনৈতিক ভাৰসাম্য ৰক্ষাত সহায় কৰি আহিছে| তেওঁলোকৰ কোনোবা যদি অবৈধ ভাবে আছে, বিতাড়ণ কৰক, কোনেও আপত্তি নকৰে। কিন্তু যদি মিঞা- মুছলমানৰ ৰাজনীতিয়ে সাম্প্ৰদায়িক ৰূপ ধাৰণ কৰে, তেন্তে তাৰ বাবে দায়ী কোন হব? আগতেও কৈছোঁ, গণতন্ত্ৰত মতভিন্নতা আৰু বিৰোধী(চৰকাৰে নিবিচৰা)ধাৰণা প্ৰকাশ কৰাৰ স্বাধীনতা অপৰিহাৰ্য। এই কথাবোৰ মোৰ দৰে বহুতেই কৈ আছে, কাৰণ গণতন্ত্ৰ সম্পূৰ্ণ শেষ হোৱা বুলি এতিয়াও ভবা নাই|
ভাৰতীয় সংবিধানত সংখ্যালঘুৰ বাবে বিভিন্ন বিধান আৰু সুৰক্ষাৰ ব্যৱস্থা আছে, সমতাৰ অধিকাৰ (ধাৰা ১৪), ধৰ্ম, জাতি, জাতি, লিংগ, বা জন্মস্থানৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰা (ধাৰা ১৫), আৰু ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ (ধাৰা ২৫-২৮)। ইয়াৰ উপৰিও ভাষিক আৰু সাংস্কৃতিক সংখ্যালঘুসকলৰ বাবে নিজৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বাবে নিৰ্দিষ্ট ব্যৱস্থা আছে। উজনিৰ এগৰাকী উশৃংখল নেতাৰ প্ৰসংগত ডঃ হীৰেন গোহাঁয়ে কৈছে, “বোধশক্তি,সময় অনুযায়ী সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু দুৰদৃষ্টি নাথাকিলে মানুহ কোনোমতে নেতা হব নোৱাৰে”। আমাৰ মুখ্যমন্ত্ৰীয়ে বাৰু নিজৰ ক্ষেত্ৰত এই ব্যাখ্যা গ্ৰহণ কৰিবলৈ সাজু নেকি?
সংবিধানে বহুত্ববাদী ভাৰতীয় সমাজৰ বৈচিত্ৰ্যতা আৰু মানৱ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি সংখ্যালঘুৰ নিৰাপত্তাৰ বিষয়টো শক্তিশালী হোৱাৰ পোষকতা কৰিছে। সংখ্যালঘু গোটসমূহক বৈষম্যমূলক ভাবে ব্যৱহাৰ কৰা কাৰ্য অসাংবিধানিক, সেয়েহে সংখ্যালঘুৰ বাবে সাংবিধানিক সুৰক্ষা ব্যৱস্থাৰ জৰিয়তে জাতি, ধৰ্ম, ভাষা বা সাংস্কৃতিক পৰিচয়ৰ ওপৰত ভিত্তি কৰি বৈষম্যৰোধ কৰিবলৈ আইনী কাঠামো আৰু অন্যান্য ব্যৱস্থা গ্ৰহণ কৰিছে। এই সুৰক্ষাসমূহৰ ভিতৰত আইনৰ অধীনত সম ব্যৱহাৰৰ ব্যৱস্থা, নিয়োগ আৰু ৰাজহুৱা সেৱাত বৈষম্যমূলক প্ৰথাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰু ধৰ্মীয় বৈপৰীত্যৰ ক্ষেত্ৰত প্ৰতিকাৰৰ ব্যৱস্থা আদিয়েই প্ৰধান।
সংখ্যালঘু সম্পৰ্কীয় সাংবিধানিক নীতি নিৰ্দেশনা মানি চলিবলৈ সংখ্যাগুৰুসকলৰ বহুতেই দোদুল্যমানতাত ভোগা দেখা যায়, ইয়াৰ কাৰণ সংবিধানৰ নিৰ্দেশনা সম্পৰ্কে আমাৰ বেছি ভাগ লোক অজ্ঞ। সংখ্যালঘু সম্প্ৰদায়ৰ সম্পত্তি আৰু জীৱনৰ নিৰাপত্তাৰ দিশটো কিয় গুৰুত্বপূৰ্ণ, সাম্প্ৰতিক বাংলাদেশৰ ঘটনাই আমাৰ চকু মুকলি কৰিব পাৰে। বাংলাদেশত হিন্দুসকল সংখ্যালঘিষ্ঠ। গণ বিক্ষোভৰ কালছোৱাত মুছলিম মৌলবাদীয়ে বহু হিন্দুৰ ঘৰ জ্বলাই দিলে | মঠ মন্দিৰ পৰ্যন্ত ৰক্ষা নপৰিল। ভাৰতবৰ্ষৰ নাগৰিকে বিচাৰে, বাংলাদেশত সংখ্যালঘু হিন্দুখিনি সুৰক্ষিত হৈ থাকক। যদি বাংলাদেশত সংখ্যালঘুসকল সুৰক্ষিত হৈ থকাটো আমি বিচাৰো, তেন্তে ভাৰতত সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ দায়িত্ব কাৰ? যিহেতু আমি গণতন্ত্ৰ আৰু সংবিধানৰ ওপৰত বিশ্বাস স্থাপন কৰিছো, সংবিধানৰ নীতি নিৰ্দেশনাসমূহো মানি চলা উচিত।এটা কথা পাহৰি গলে নচলিব যে সাম্প্ৰদায়িক দলসমূহে নিজৰ নিজৰ সম্প্ৰদায়টোক ঢাল হিচাবেহে ব্যৱহাৰ কৰে, তেওঁলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰত এই দলসমূহ কিমান দায়বদ্ধ, তাৰ প্ৰমাণ আমি নেদেখাকৈ থকা নাই। মৌলবাদীসকলে জানে যে সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ মাজত উত্তেজনা বৃদ্ধি হ‘লে নিৰাপত্তাৰ স্বাৰ্থত সংখ্যালঘু সম্প্ৰদায় অধিক উদ্বিগ্ন হৈ পৰে। আৰু সেই নেতাসকলে তাৰেই সুযোগ লয়।
এয়াই হৈছে ৰাজনীতি। ৰাজনীতিৰ পৰা মূল্যবোধ আজি তিৰোহিত। অমাৰ্ত্য সেনৰ ভাষাত আমাৰো প্ৰশ্ন কৰিবলৈ মন যায়, আমি কোনখন গণতন্ত্ৰৰ কথা কৈছোঁ? হিংসা, ঘৃণা বিয়পোৱা ভাষণ, অসহিষ্ণুতা দেখিও কেতিয়াৰ পৰা ইমান সহনশীল হবলৈ ধৰিলো? সমস্যাটো এইটো নহয় যে ভাৰতীয় মানুহ অসহিষ্ণু, কিন্তু সমস্যাটো হল অসহিষ্ণুতাৰ প্ৰতি সহনশীলতা গণতন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ, সেই কথা বুজি নোপোৱাটোহে। যিখন সমাজত সংখ্যাগৰিষ্ঠ মানুহে মৌলবাদ আৰু মূল্যবোধৰ মাজত পাৰ্থক্য বিচাৰি নাপায়, যিখন সমাজত দুৰ্নীতিপৰায়ন, অপৰাধী নেতাৰ মাজতো শক্তিশালী চৰিত্ৰ বিচাৰি পায়, তেনে গণতন্ত্ৰই সমাজত কিমান বেছি ক্ষতি কৰি আহিছে অনুভৱ কৰা দৰকাৰ। মানৱতা আৰু ভাতৃত্ববোধ সুস্থ সমাজ নিৰ্মাণৰ লাই খুটা, যেতিয়া লাই খুটাৰ গুৰিতে ঘুনে ধৰে, তাৰ পিছত সুস্থ সমাজৰ আশা কৰিব পাৰোঁনে? মানুহৰ বিৰুদ্ধে মানুহক হিংসাৰ বাবে উচতাই ক্ষমতা দখলৰ বাবে সাম্প্ৰদায়িক ৰাজনীতিৰ যি বেহা, ৰাইজে বাৰু বুজি নাপায়, আনকি দুই এক বুদ্ধিজীৱী সাহিত্যিকে মিঞা বিতৰ্কৰ জৰিয়তে সমাজত কি অঘটন ঘটিব পাৰে সেই সম্পৰ্কে দায়বদ্ধতা প্ৰকাশ কৰাতকৈ জনগণৰ সিদ্ধান্তৰ ওপৰত ঠেলি দিয়ে, মিঞা আৰু মাৰোৱাৰীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদকো স্বতফুৰ্ত আখ্যা দিয়ে! তেওঁলোকে চৰকাৰৰ সতে একমত পোষণ কৰি ধৰ্ষণকাৰীত কৈ ধৰ্ষণকাৰীৰ ধৰ্মটোহে অধিক জগৰীয়া বুলি ৰায় দিছে।
ধিংৰ ধর্ষণকাণ্ডক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে কিছুদিন ধৰি ৰাজ্যখনৰ পৰিবেশ উত্তাল কৰি তুলিছে। ধর্ষণকাৰী মুছলমান সম্প্ৰদায়ৰ হোৱা বাবেই হয়তো মুখ্যমন্ত্ৰী হৈ উঠিছে অধিক আক্ৰমণাত্মক। এতিয়া ধৰ্ষণ জেহাদৰ প্ৰসংগ নানিলেই হয়। আনহাতে কাকতত প্ৰকাশ পাইছে, দুই তিনিদিনৰ ভিতৰতে অসমত ২৪ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে, ইয়াৰ মাজত হিন্দু মুছলমান সকলো আছে। আনকি সম্পৰ্কীয় মামা,খুড়া, শিক্ষক, পুৰোহিত আদিৰ দ্বাৰাও ধৰ্ষণ হৈছে। আৰ.জি.কৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ কাণ্ডৰ লগত জড়িতসকল কোন? এওঁলোক পিছে মুছলমান নহয়, হিন্দু। কিন্তু সেইবুলি সকলো হিন্দুক যদি কোনোবাই অপৰাধী, ধৰ্ষক বুলি কয়, আমি মানি লব পাৰিমনে? কোনোবা সম্প্ৰদায়ৰ মাজত অপৰাধীৰ সংখ্যা বেছি হব পাৰে, তাৰ বাবে সমগ্ৰ সম্প্ৰদায় কি দৰে জগৰীয়া হব? কাঠুৱা নামৰ ঠাইত ৬জন ‘মানুহে‘ ৫ দিন ধৰি এটা ‘মন্দিৰ‘ত এজনী আঠ বছৰীয়া কণমানিক ধৰ্ষণ কৰিছিল , মন্দিৰটোৰ পূজাৰী আৰু তেওঁৰ পূত্ৰও তাৰ মাজত আছিল, পিছত তাইক নৃশংস ভাবে হত্যা কৰা হল, ঈশ্বৰৰ ৰক্ষক পূৰোহিতে এই জঘন্য কাণ্ড সংঘটিত কৰিছিল, মন্দিৰটোৰ ‘ঈশ্বৰ‘ৰ দৰে আমাৰ দিল্লীৰ ঈশ্বৰেও তেতিয়া মৌনতা অৱলম্বন কৰিছিল। অৱশ্যে গেৰুৱা বাহিনীয়ে এটা কাম কৰিলে, উচ্চবৰ্ণৰ ধৰ্ষণকাৰীকেইটাৰ মুক্তিৰ দাবী তুলি সমদল উলিয়ালে, কাৰণ ধৰ্ষিতা গৰাকীৰ নাম আছিল আসিফা বানু! বিলকিছ বানুৰ ব্ৰাহ্মণ ধর্ষণকাৰী কেইটাক আকৌ বিশেষ অনুকম্পা দেখুৱাই জেলৰ পৰা মুকলি কৰি আনিলে গুজৰাট চৰকাৰৰ পৃষ্ঠপোষকতাত। হাথৰস ধৰ্ষণৰ বলি আকৌ হিন্দু, ধৰ্ষক কেইটাও উচ্ছবৰ্ণৰ হিন্দু।এনেস্থলত ধর্ষণকাৰী হিন্দুৱেই হওঁক বা মুছলমান, জাতি সম্প্ৰদায়ৰ ভিত্তিত ভাগ কৰা অযুক্তিকৰ, সিঁহতৰ ধৰ্ম এটাই- ‘ধৰ্ষক‘।
অসমত কোনোদিনে হিন্দু ভাৱনা ইমান উগ্ৰ নাছিল| অসমীয়া মানুহৰ সহনশীলতা আৰু মানৱীয় মূল্যবোধক কোনো ৰাজনীতিয়েই নিঃশেষ কৰিব পৰা নাছিল। অসমৰ বংগমুলীয়া মুছলমানসকলৰ সন্তানসকলৰ বেছিভাগেই পঢ়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত। ভাষিক পৰিচয়- অসমীয়া। এই স্বতফুৰ্ত প্ৰক্ৰিয়াটো বন্ধ কৰিবলৈ দুষ্ট চক্ৰৰ উচটনি আমি সহ্য কৰি থাকিমনে? অসম আন্দোলনৰ সময়ত হিংসা, হত্যা আৰু অগ্নি সংযোগৰ ফলত বিধ্বস্ত হৈ পৰা নলবাৰীৰ পাৰ্শ্বৱৰ্তী নাহেৰবাৰী অঞ্চলত বতাহগিলা হাইস্কুলত এখন সভাত অংশ লৈ হিন্দু, মুছলমান, নেপালী, বড়ো, বেঙ্গলী আৰু অসমীয়া মানুহৰ মাজত মৰম ভালপোৱাৰ সুন্দৰ পৰিবেশ দেখি হতবাক হৈ পৰিছিলো, তাক যদি কোনোবাই বিনষ্ট কৰিব খোজে, সহ্য কৰিব পাৰি জানো? হিংসা কেতিয়াও স্বতফুৰ্ত নহয়, মৰম আৰু ভালপোৱাহে স্বতফুৰ্ত| কিন্তু আজি ৰাজনীতিৰ ক খ নজনা সাধাৰণ মানুহৰ দেহত বান্ধি দিয়া হৈছে সাম্প্ৰদায়িকতাৰ মানৱবোমা, সুযোগৰ সন্ধানত সিহঁতে ঘাটে বাটে ঘূৰি ফুৰিছে। ৰিমট কণ্ট্ৰোলটো থাকে ক্ষমতা খকুৱা নৰখাদক নেতাসকলৰ হাতত। সাম্প্ৰদায়িক সংঘৰ্ষই উদ্দাত্ত ভাষণ দি উচটাই থকা নেতাৰ একো ক্ষতি নকৰে, তেওঁলোকৰ সন্তানসকলৰো একো নহয়, কিন্তু হিংসাৰ জুইত জাহ যাব হেজাৰে হেজাৰে সাধাৰণ মানুহ, তেওঁলোকৰ সন্তান আৰু আটোম-টোকাৰী বাসগৃহ। সাধাৰণ মানুহ মৰিব ৰাজপথত, উচাটাই জোল খোৱাসকল বহিব ৰাজপাতত।
সম্প্ৰতি মুখ্যমন্ত্ৰীৰ এই অসহিষ্ণুতাৰ আঁৰত অন্য দুটা কাৰণ থাকিব পাৰে। ধুবুৰী সমষ্টিত মৌলবাদী নেতা বদৰুদ্দিন আজমলৰ পৰাজয় আৰু যোৰহাটত কংগ্ৰেছৰ জয়। তেওঁ আতংকিত হৈ উঠিছে ৰকিবুল হুছেইন বা গৌৰৱ গগৈ বিজয়ী হোৱাৰ বাবে নহয়, আতংকৰ কাৰণ, ধুবুৰীত সংখ্যালঘু আৰু যোৰহাটত সংখ্যগুৰুসকলে ধৰ্মনিৰপেক্ষতাৰ প্ৰতি মত সাব্যস্ত কৰাটোহে। দহ লাখ মানুহে ধুবুৰীত মৌলবাদ আৰু সম্প্ৰদায়িকতাৰ বিৰুদ্ধে ভোট দি মৌলবাদৰ বিৰুদ্ধে যি জেহাদ ঘোষণা কৰিলে, তাৰ পাৰ্শ্বক্ৰিয়া সুদূৰপ্ৰসাৰী। যোৰহাট সমষ্টিৰ নিৰ্বাচন আছিল মূলতঃ বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু আন এগৰাকী ভাবী মুখ্যমন্ত্ৰীৰ সন্মানৰ যুজঁ। এই যুঁজত সাম্প্ৰদায়িকতা পৰাজিত হল। ইয়াক সহজ ভাবে লব নোৱাৰি এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ এটাই উপায় হয়তো বিচাৰি পালে, গণচেতনাত সাম্প্ৰদায়িক ভেদভাব অধিক তীব্ৰতৰ কৰি ৰাজ্যখন অশান্ত কৰি তোলা। উচটনিমূলক বক্তৃতা শুনি আপোনাৰ মনত যাতে ক্ষোভ, হতাশা, প্ৰতিশোধপৰায়নতাৰ ভাব জাগ্ৰত হৈ উঠে, সাম্প্ৰদায়িক ৰাজনীতিয়ে তাকেই বিচাৰে। তেওঁলোকে বিচাৰে আপোনাৰ খং উঠক, আপুনি অসহিষ্ণু হৈ উঠক। আপোনাৰ মনত মিঞা বিদ্বেষ, হিন্দু বিদ্বেষ জাগ্ৰত হৈ উঠক।
হিউমেন জাষ্টিছ ইনিচিয়েটিভ‘ নামৰ সংস্থাটোৰ মতে-“ক্ষমতাত অধিষ্ঠিত কোনো শাসকে যেতিয়া ধৰ্মক হাথিয়াৰ হিচাবে ব্যৱহাৰ কৰে, তেতিয়াই গণ চেতনাত জন্ম হয় অসহিষ্ণুতাৰ, তাৰেই ফলত সৃষ্টি হয় হিংসা ঘৃণা আৰু প্ৰতিশোধৰ দাবাগ্নি…..,”
আপুনি ভাবে নেকি এগৰাকী মুছলিম মৌলবাদী আৰু এগৰাকী হিন্দু মৌলাবাদীৰ চাৰিত্ৰগত কিবা পাৰ্থক্য আছে? এক কথাত, তেওঁলোক একো একোজন ৰাজনৈতিক ব্যৱসায়ী। ধৰ্মীয় উন্মাদনা বিয়পাই দি দুই শত্ৰুৱে বুজাপৰাৰ ভিত্তিতেই নিজৰ নিজৰ ক‘লাসাম্ৰাজ্যৰ ঘোঁৰা অনায়াসে দৌৰাই থাকিব। তেওঁলোকে ভালদৰে বুজি পাইছে যে বিপদ সমাগত, কিন্তু জনসাধাৰণক সেই কথা বুজিবলৈ নিদিয়ে, কিন্তু চিন্তাশীল মাত্ৰেই অনুমান কৰিব পাৰে যে সাম্প্ৰদায়িক নেতাসকলে তেওঁলোকৰ অদক্ষতা ঢাকিবলৈ আশ্ৰয় লয় হিংসাৰ, কাৰণ – “হিংসাই অযোগ্য-অদক্ষ-অবিবেচকসকলৰ শেষ আশ্ৰয়”। শেষত হাতযোৰ কৰি অনুৰোধ জনালোঁ, ধৰ্মীয় হিংসাৰ জালত ভৰি নিদিব।
