অসমৰ কেওখন আসনতে বিজেপিৰ জয় হৈছে, কাৰণ এই নিৰ্বাচনত আপোনাৰ বিবেক পৰাজিত হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰৰ নামত ঘৃণা ভৰা বক্তৃতা দিয়াৰ বাবে আনকি নিৰ্বাচন আয়োগেও সকীয়নি দিবলগীয়া হল। ইয়াৰ আগতে হাৰিয়ানাৰ নিৰ্বাচনৰ সময়তো বাবৰসকলক বিচাৰি উলিয়াই এসেকা দিব লাগে বুলি হুংকাৰ দিছিল। এই যে বাবৰ, হিন্দু মুছলমান আদিৰ নামত দেশখনৰ মানুহক বিভাজন কৰি ক্ষমতাত বৰ্তি থাকিব বিচাৰিছে, সকলো সুখ সম্ভোগ আহৰণ কৰিব বিচাৰিছে, দেশখনৰ জনসাধাৰনক নিজৰ মাজতে কটা কটি কৰি থাকিবলৈ উদ্গনি দিছে, ইয়াৰ জৰিয়তে দেশৰ ভৱিষ্যত কাৰ হাতত তুলি দিব বিচাৰিছে, আপুনি এবাৰ ভাবি চাইছেনে? বিনিময়ত আপুনি সিহঁতৰ হাতত তুলি দিছে অবাধ ক্ষমতা। এই কথাবোৰৰ দ্বাৰা মানুহক পতিয়ন নিয়াব পৰাৰ একমাত্ৰ কাৰণ হল মানুহৰ অজ্ঞতা আৰু আত্মবিশ্বাসহীনতা। কিন্তু অনুসন্ধিৎসুসকলৰ মনত নিশ্চয় প্ৰশ্ন জাগিব, বাবৰে কি এনেকুৱা বেয়া কাম কৰিছিল, যাৰ ফলত আজি এহেজাৰ বছৰ পিছতো এই প্ৰসংগ সজীব হৈ আছে? সচাঁকৈয়ে বাবৰ আছিলনে সাম্প্ৰদায়িক? তেওঁ সচাঁকৈয়ে মন্দিৰ ভাঙি মজ্জিদ সাজিছিলনে? সম্ৰাট বাবৰে পুত্ৰ হুমায়ুনলৈ বুলি লিখা কেইটামান উপদেশ যাৰ ঐতিহাসিক নাম বাবৰনামা। ইয়াৰে দুটামান বাক্য এনেধৰণৰ: ১)তুমি ধর্মীয় বিদ্বেষৰ দ্বাৰা প্ৰভাৱিত নহবা, নিৰপেক্ষভাবে ন্যায় বিচাৰ কৰিবা আৰু সকলো অংশৰ জনগণৰ ধৰ্মীয় অনুভূতি আৰু আচাৰ অনুষ্ঠানৰ প্ৰতি যথোচিত সম্মান দেখুৱাবা। ২) বিশেষকৈ গোবধৰ পৰা বিৰত থাকিবা। ইয়াৰ ফলত এই দেশৰ জনগণ তোমাৰ প্ৰতি কৃতজ্ঞতাৰ পাশত আবদ্ধ হব। ৩) তুমি কেতিয়াও কোনো সম্প্রদায়ৰ উপাসনাৰ ঠাই ধ্বংস নকৰিবা। ৪) দমনৰ তৰোৱালৰ সলনি প্ৰেম আৰু কর্তব্যবোধৰ তাৰোৱালেৰে ইছলাম প্ৰচাৰ কৰাত মন দিবা ইত্যাদি।(শশী শৰ্মা, অসমত হিন্দু-মুছলমানৰ সাংস্কৃতিক সম্পর্ক, পৃষ্ঠা-২২৫)।
উল্লেখযোগ্য যে জাতীয় পুৰাতত্ত্ব বিভাগত বাবৰে পুতেক হুমায়ূনলৈ দিয়া এই উপদেশাবলী লিপি আকাৰে এতিয়াও সংৰক্ষিত হৈ আছে। যিগৰাকী মানুহে নিজ পুত্ৰক এনে উপদেশ দিব পাৰে, তেওঁ কিদৰে মন্দিৰ ভাঙি মজ্জিদ সাজিব, সেই কথা ভাবিহে পাৰ নাপালোঁ। একেখন কিতাপতে বাবৰি মছজিদ আৰু শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কতো লেখকে বৰ গুৰুত্বপূৰ্ণ কথাৰ অৱতাৰনা কৰা দেখা গৈছে। কৈছে, “…শ্ৰীমন্ত শংকৰদেৱ (খ্রীঃ ১৪৪৯ — খ্রীঃ ১৫৬৮) আৰু বাবৰ(১৪৮৩ খ্ৰীঃজন্ম) প্ৰায় সমসাময়িক। ড. মহেশ্বৰ নেওগে বিচাৰ কৰি দেখুৱাইছে যে শংকৰদেৱে দ্বিতীয়বাৰ তীৰ্থ পৰ্যটনলৈ গৈছিল ৯৭ বছৰ বয়সত অৰ্থাৎ খ্ৰীঃ ১৫৪৬ চনত। সেইটো আছিল বাবৰৰ পুত্ৰ হুমায়ুনৰ ৰাজত্বকাল। বাবৰে ৰাম মন্দিৰ ধ্বংস কৰি তাৰ ধ্বংসস্তূপৰ ওপৰত বাৱৰি মছজিদ সজোৱাহেঁতেন শংকৰদেৱৱে নিশ্চয় প্ৰতিক্ৰিয়া ব্যক্ত কৰিলেহেঁতেন আৰু তেওঁৰ ৰচনাত তাৰ প্ৰভাব পৰিলহেতেন। বৰং চৰিত পুথিয়ে জানিবলৈ দিয়ে যে সেই সময়ত হিন্দু-মুছলমানৰ সম্পৰ্ক মধুৰহে আছিল। চৰিত পুথি মতে বাৰানসী ভ্ৰমণৰ সময়ত শংকৰদেৱে সশিষ্যে মুছলমান ৰামভক্ত কবীৰৰ ঘৰলৈ গৈ কবীৰৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছিল। মুছলমান বাবৰে হিন্দুৰ ৰাম মন্দিৰ ধ্বংস কৰোৱাহেঁতেন ৰামভক্ত কবীৰ নিশ্চয় অসন্তুষ্ট হৈ পৰিলহেতেন আৰু শংকৰদেৱ,চৈতন্যদেব প্রমুখ্যে বিশিষ্ট বৈষ্ণৱসকলেও কবীৰৰ বাসগৃহ পৰিদৰ্শন কৰি শ্ৰদ্ধা প্রদর্শন নকৰিলেহেঁতেন। সিয়ে অনুভৱ কৰিবলৈ দিয়ে যে এই চৰিত্ৰপুথিসমূহ ৰচনা কৰা কালৰ অসমকে ধৰি ভাৰতত হিন্দু-মুছলমানৰ সম্পৰ্ক আছিল অতি মধুৰ। আনহাতে শঙ্কৰদেৱৰ কোনো চৰিত পুথিত মোগলৰ বিৰুদ্ধে ঘৃণাসূচক কথা পোৱা নাযায়।(ঐ,পৃষ্ঠা-২২৯)
এইখিনি পঢ়াৰ পিছত সহজেই অনুমান কৰিব পাৰি যে বাবৰ সম্পৰ্কে চলাই থকা প্ৰচাৰ সঁচা নহয়। ইও আচলতে ইতিহাস বিকৃতিয়েই।
আনহাতে হিন্দুত্ববাদীৰ পূৰ্বপুৰুষসকলে ভাৰতৰ স্বাধীনতাৰ সময়ত কি ভূমিকা গ্ৰহণ কৰিছিল চাওঁ আহক।
হেডগেৱাৰ। সম্পূৰ্ণ নাম কেশৱ বালিৰাম হেডগেৱাৰ(১৮৮৯ – ১৯৪০), চিকিৎসা বিজ্ঞানৰ স্নাতক হোৱাৰ পিছত ১৯২০ চনত ‘অনুশীলন সমিতি’ত যোগদান, ১৯২২ চনত তাৰপিছত জাতীয় কংগ্ৰেছৰ সদস্য।
কংগ্ৰেছৰ সদস্য হৈ থাকোঁতে হেডগেৱাৰে চাভাৰকাৰৰ হিন্দু দৰ্শন অধ্যয়ন কৰি ১৯২৫ চনত কংগ্ৰেছৰ পৰা ওলাই আহে আৰু আৰএছএছ নামৰ হিন্দুত্ববাদী সংগঠন এটা প্ৰতিষ্ঠা কৰে।
আৰ এছ এছ প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা ডাঃহেডগেৱাৰে আৰ এছ এছৰ কেডাৰসকলক গান্ধীৰ নেতৃত্বত চলা আন্দোলনত যোগদান নকৰিবলৈ আহ্বান জনায়। (Sunil Ambekar, “The RSS: Roadmaps for the 21st century”, পৃ. ১৯)
গোলৱালকাৰ। সম্পূৰ্ণ নাম মহাদেৱ সদাশিবৰাও গোলৱালকাৰ(১৯০৬- ১৯৭৩), গুৰুজী নামেৰেও পৰিচিত। স্বাধীনতা সংগ্ৰামক “ভূখণ্ডীয় জাতীয়তাবাদ” আখ্যা দি কৈছিল, হিন্দু ৰাষ্ট্ৰ আমাৰ লক্ষ্য। (বাঞ্চ অৱ থ’টছ, ১৯৬৬, আৰ এছ এছ প্ৰকাশন)।যি সময়ত ভাৰতৰ কোটি কোটি জনসাধাৰণ, কংগ্ৰেছ, সমাজবাদী অথবা কমিউনিষ্ট, সকলো দল সংগঠন লগ হৈ ভাৰতৰ স্বাধীনতা আন্দোলনত ব্ৰিটিছৰ বিৰুদ্ধে জপিয়াই পৰিছিল, সেই সময়ত ভাৰতত হিন্দুৰাষ্ট্ৰ গঢ়ি তোলাৰ বিকল্প নাই বুলি গোলৱালকাৰ, চাভাৰকাৰ বাহিনীয়ে ভাৰতীয় মানুহক হিন্দু মুছলমান হিচাবে বিভক্ত কৰিবলৈ উঠি পৰি লাগিছিল। নাজী জাৰ্মানীৰ ইহুদী নিৰ্যাতনৰ প্ৰশংসা কৰি গোলৱালকাৰে কৈছিল যে জাতিগত ভাবে গৌৰৱৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে,….জাৰ্মানীয়েও দেখুৱাইছে যে মূললৈকে পাৰ্থক্য থকা দুটা জাতি আৰু সংস্কৃতিৰ বাবে ঐক্যবদ্ধভাবে বসবাস কৰাটো কিমান অসম্ভৱ, আমি এই কথা শিকিলেহে লাভৱান হম আৰু হিন্দুস্থানৰ বাবে এক ভাল শিক্ষা গ্ৰহণ কৰিব পাৰিম।” (গোলৱালকাৰ, Bunch of Thoughts)|
গোলৱালকাৰে ত্ৰিৰংগা পতাকাক বলিদান, শান্তি আৰু বিশুদ্ধতাৰ প্ৰতীক বুলি নাভাবে।তেওঁ ইয়াৰ অৰ্থ উলিয়ালে সংকীৰ্ণ দৃটিভঙ্গীৰে, তেওঁৰ মতে পতাকাৰ তিনিটা ৰঙৰ ভিতৰত হিন্দুৰ বাবে গেৰুৱা ৰং, মুছলমানৰ বাবে সেউজীয়া আৰু বাকী সকলো সম্প্ৰদায়ৰ বাবে বগা ৰং। মুছলমান সম্প্ৰদায়ৰ বাবে বিশেষভাৱে সেউজীয়া ৰঙে পতাকাত স্থান পালে, সেয়াই তেওঁৰ আপত্তি। যদি ই সঁচাও হয়, মুছলমানৰ প্ৰতিনিধিত্ব কৰিবলৈ সেউজীয়া ৰং ব্যৱহাৰ কৰাত আপত্তি কিয়? ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানে অংশগ্ৰহণ কৰা নাছিল নেকি? দিল্লীৰ ইণ্ডিয়া গেটত উল্লেখ কৰা ৯৫৩০০ গৰাকী স্বাধীনতা সংগ্ৰামীৰ নাম উল্লেখ আছে, ইয়াৰে ৬১৯৪৫ জনেই মুছলমান, মুঠ মুক্তিযোদ্ধাৰ ৬৫%ই মুছলমান আছিল। বিখ্যাত লেখক খুশৱন্ত সিঙৰ উদ্ধৃতিৰে কব পাৰি যে, “ভাৰতীয় স্বাধীনতা মুছলমানৰ তেজত লিখা আছে, তেওঁলোকৰ জনসংখ্যাৰ অনুপাতে স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ অংশগ্ৰহণ বহু বেছি আছিল”…।
১৯২৭ চনৰ ডিচেম্বৰ মাহত ভগৎ সিংৰ সহযোগী আছফাকুল্লাহ খানক কাকৰি ষড়যন্ত্ৰৰ গোচৰত ফাঁচী দিয়া হৈছিল। মিৰুত ষড়যন্ত্ৰৰ গোচৰত গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছিল শৌকত উছমানী, মুজাফ্ফৰ আহমেদ। ১৯২৫ চনত বংগত কবি কাজী নজৰুল ইছলাম, কুতুবুদ্দিন আহমদ, এছ.এছ.মিৰাজকাৰ আৰু ছামছুদ্দিন হুছেইনে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত থকা বাওঁপন্থীসকলক লৈ শ্ৰমিক আৰু কৃষক পাৰ্টি প্ৰতিষ্ঠা কৰি গাঁৱৰ মাজলৈ স্বাধীনতাৰ বাৰ্তা কঢ়িয়াই নিছিল।
১৯২১ চনৰ কংগ্ৰেছৰ আহমেদাবাদ অধিবেশনত কমিউনিষ্ট নেতা হাছৰৎ মোহানীয়ে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ দাঙি ধৰা প্ৰথম ব্যক্তি আৰু এই প্ৰস্তাৱ সমৰ্থন কৰিছিল
মঘাফুৰ আহমদ আজাজীয়ে। ইনকিলাব জিন্দাবাদ শ্লোগানৰ স্ৰষ্টা আছিল হাছৰৎ মোহানী। ‘Quit India,” শ্লোগানটো আছিল ইউচুফ মেহেৰালীয়ে সৃষ্টি কৰা। (Sanchari Pal, Yusuf Meherally, The Forgotten Freedom Fighter) “চাৰে জাহাঁ সে আচ্ছা হিন্দুস্তা হামাৰা” কবিতাৰ লেখক আছিল ইকবাল। মুছলমান স্বাধীনতা সংগ্ৰামীৰ তালিকাখন বহু দীঘলীয়া। তাৰ ভিতৰত, খান আব্দুল গফ্ফৰ খান, মৌলানা আবুল কালাম আজাদ, মৌলানা মহম্মদ আলী, মহম্মদ বৰকথুল্লা, বদৰউদ্দীন ত্যবজী, হাকিম আজমল খান , মহম্মদ আলী জিন্না, ডাঃ এম.এ আলী, মুনছি জাকাউল্লাহ, বেগম হজৰত মহল,আছঘৰী বেগম, হাবিবা, ছুৰাইয়া ত্যবজী আৰু বি আম্মা আদি বহুতৰে নাম লব পাৰি।
দেওবন্দী মুছলমান পণ্ডিত মহম্মদ তাইব আৰু কিফায়াতুল্লাহ দিহলাউ, জমিয়ত উলেমা-ই-হিন্দৰ নেতা মৌলানা ছায়িদ হুছেইন আহমদ মাদানী আছিল স্বাধীনতা আন্দোলনৰ বিশিষ্ট্য নেতা।কৈছিল: “হিন্দু-মুছলমান ঐক্য ভাৰতৰ স্বাধীনতাৰ পূৰ্বচৰ্ত। ই তেওঁলোকৰ কৰ্তব্য, সৰ্বশক্তিমানৰ আদেশ। (Sources of Indian Traditions: Modern India, Pakistan and Bangladesh, পৃষ্ঠা ৪৫৭)
কিন্তু ইয়াৰ বিপৰীতে গোলৱালকাৰৰ দৃষ্টিভংগী আছিল সম্পূৰ্ণ অগণতান্ত্ৰিক।কৈছিল, “হিন্দুস্থানৰ বিদেশী জাতিবোৰে হিন্দুজাতিত একত্ৰিত হ’ব লাগিব, তেওঁলোকে সম্পূৰ্ণৰূপে হিন্দুজাতিৰ অধীন হৈ থাকিব লাগিব, আনকি নাগৰিকত্বৰ অধিকাৰো দাবী নকৰাকৈ থাকক, আমাৰ কবলগীয়া নাই।” (We or Our Nationhood Defined)
গোলৱালকাৰে তেওঁৰ ‘বাঞ্চ অৱ থ’টছ’ত সংখ্যালঘু (মুছলমান আৰু খ্ৰীষ্টান) আৰু বিপ্লৱী কৰ্মী (কমিউনিষ্ট)ক আভ্যন্তৰীণ ভাবুকি বুলি গণ্য কৰিছিল।
বীৰ চাভাৰকাৰ। সম্পূৰ্ণ নাম বিনায়ক দামোদৰ চাভাৰকাৰ(১৮৮৩-১৯৬৬), এগৰাকী ইংৰাজ বিষয়াক হত্যা কৰাৰ অপৰাধত(Nasik Conspiracy Case 1910) ৫০ বছৰ জেল হয় ১৯১০ চনত। আন্দামানৰ চেলুলাৰ জেলত (১৯১০-১৯২১)নবছৰত মুঠ পাচখন মাৰ্চি পেটিচন দাখিল কৰাৰ পিছত তেওঁক ৰত্নগিৰী জেললৈ বদলি কৰে।জেলবন্দীত্বৰ পৰা মুক্তি বিচাৰি পুনৰ তেওঁ ব্ৰিটিছৰ শৰণাপন্ন হয় আৰু নিজকে পিতৃ-মাতৃৰ অবাটে যোৱা সন্তান বুলি কৈ কলে , “মোক জেলত ভৰাই থলে আপোনালোকৰ লাভ কি, বৰং জেলৰ বাহিৰত থাকিলে আপোনালোকৰ প্ৰতি ভাৰতীয়ৰ বিশ্বাস উভতাই অনাৰ ক্ষেত্ৰত মই কাম কৰিব পাৰিম।..”,(Akhsaya Mukul, “Savarkar had begged the British for mercy”. The Times of India. 3 May 2002)
অৱশেষত তেওঁ ইংৰাজৰ অনুকম্পা লাভ কৰিবলৈ সক্ষম হয় আৰু ১৯২৪ চনৰ ৬ জানুৱাৰীত তেওঁক মুকলি আকাশৰ তললৈ আহে। কিন্তু ৰত্নগিৰি জিলাৰ বাহিৰলৈ যাব নোৱাৰিব বুলি চৰ্ত আৰোপ কৰে। ব্ৰিটিছ কৰ্তৃপক্ষই তেওঁক থাকিবলৈ এটা বাংলোৰ ব্যৱস্থা কৰি দিছিল। এই বাংলোতেই গান্ধী হত্যাকাৰী নাথুৰাম গডছেক(১৯২৯ চন) প্ৰথমবাৰৰ বাবে লগ পায়.. (Malgonkar, M. Kapoor,”The Men Who Killed Gandhi” পৃষ্ঠা ৪১), ১৯৩৭ চনলৈকে চাভাৰকাৰ ৰত্নগিৰিতে আবদ্ধ হৈ আছিল যদিও নাথুৰামৰ লগত গভীৰ ঘনিষ্ঠতা গঢ়ি উঠিছিল।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪২ চনত যেতিয়া কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল, তেতিয়া চাভাৰকাৰে হিন্দুসকলক ইয়াৰ পৰা আঁতৰি থাকি ইংৰাজ চৰকাৰৰ আজ্ঞাবহ হৈ থাকিবলৈ আহ্বান জনাইছিল। যি সময়ত নেতাজীয়ে আজাদহীন্দ ফৌজ গঠন কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধত নামিছিল, সেই সময়ত চাভাৰকাৰৰ নেতৃত্বত হিন্দু মহাসভাই দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছক সহায় কৰিবলৈ সশস্ত্ৰ বাহিনীত হিন্দু যুৱকসকলক নিযুক্তি দিয়াৰ বাবে হিন্দু সামৰিক ব’ৰ্ড গঠন কৰিছিল।(McKean, Lise Divine Enterprise: Gurus and the Hindu Nationalist Movement, পৃ৭২)
আনকি চাভাৰকাৰে “Stick to your Posts” শীৰ্ষক এখন গোহাঁৰি পত্ৰ পৌৰসভা, স্থানীয় সংস্থা, বিধায়িনী দলৰ সদস্য আৰু সেনাবাহিনীত কৰ্মৰত জোৱানসকলৰ মাজত বিতৰন কৰিছিল আৰু নিজৰ নিজৰ পদ নেৰিবলৈ আৰু কোনো মূল্যৰ বিনিময়ত ভাৰত ত্যাগ আন্দোলনত যোগদান নকৰিবলৈ সকিয়াই দিছিল।(Prabhu Bapu, “Hindu Mahasabha in Colonial North India, 1915–1930: Constructing Nation and History.” পৃ ১০৩)
১৯৩৭ চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্যাপকভাবে জয়লাভ কৰি মুছলিম লীগ আৰু হিন্দু মহাসভাক প্ৰায় অস্তিত্ববিহীন কৰিছিল। কিন্তু ১৯৩৯ চনত ভাইচৰয় লৰ্ড লিনলিথগৱে ভাৰতীয় জনসাধাৰণৰ লগত আলোচনা নকৰাকৈয়ে ভাৰত দ্বিতীয় বিশ্বযুদ্ধৰ অংশীদাৰ বুলি ঘোষণা কৰা কাৰ্যৰ প্ৰতিবাদত কংগ্ৰেছ থকা ৰাজ্যসমূহত চৰকাৰে পদত্যাগ কৰে। ইয়াৰ সুযোগ গ্ৰহণ কৰি চাভাৰকাৰৰ নেতৃত্বত হিন্দু মহাসভাই মুছলিম লীগ আৰু অন্যান্য দলৰ সৈতে বুজাবুজি কৰি সিন্ধ, এনডব্লিউএফপি(NWFP) আৰু বংগত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে।(Andersen, Walter, “The Rashtriya Swayamsevak Sangh: III: Participation in Politics”, Economic and Political Weekly, পৃ: 673–682)| বংগত শ্যামাপ্ৰসাদ মুখাৰ্জী মুছলিম লীগ নেতৃত্বাধীন এই চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী আছিল। ক্ষমতাৰ চকীখন পাবৰ বাবে এটা ৰাজনৈতিক দলৰ এনে আপোচ আমি গ্ৰহণ কৰিমনে?
এতিয়া ইংৰাজ শাসকৰ পদানুসৰণ কৰি ধৰ্মীয় বিভাজনেৰে হিন্দুত্ববাদীসকলে শাসন কৰি থাকিব ঠিকেই, কিন্তু এনেদৰে থাকিলে ভাৰতবৰ্ষ টুকুৰা টুকুৰ হবলৈ হয়তো বেছিদিন নালাগিব। দেশখন টুকুৰা টুকুৰ কৰে তেওঁলোকে, কিন্তু অপবাদ দিয়ে বাওঁপন্থীক, যিয়ে হিন্দুত্ববাদীৰ বিভাজনমুখী ৰাজনীতিৰ বিৰোধ কৰে। হেডগেৱাৰ,গোলৱালকাৰৰ,চাভাৰকাৰৰ দৃষ্টিভঙ্গীয়ে আমাৰ চিনাকি ভাৰতবৰ্ষৰ বৰ্ণময় ঐতিহ্যক প্ৰতিফলিত নকৰে। নিৰ্বাচনত কোন জিকিল, কোন হাৰিল তাৰ বিচাৰ কৰাতকৈ আপুনি আপোনাৰ বিবেকক প্ৰথমে জয়ী কৰাব লাগিব, সেই জয় সম্ভৱ হলেহে ভাৰতৰ অখণ্ডতা ৰক্ষা পৰিব।
পুনৰ কৈছোঁ, এই জয় আপোনাৰ বিবেকৰ পৰাজয়, এই কথাবোৰ বুজি পাব লাগিব, ইয়াৰ বিৰুদ্ধে যুঁজিব লাগিব, তেতিয়াহে ১০০ বছৰীয়া পুৰণি বেমাৰৰ সংক্ৰমণৰ পৰা আমি আঁতৰি থাকিব পাৰিম।
