এক সাক্ষাৎকাৰত ২০২২ চনৰ ৰাম নৱমীৰ সময়ত মধ্য প্ৰদেশত হোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ মধ্য প্ৰদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰৰ উত্তৰ আছিল এনেধৰণৰ: “যিখন ঘৰৰ পৰা শিল আহিছে, সেই ঘৰ শিলৰ ঘৰলৈয়ে পৰিণত কৰা হ’ব।” কথা মতেই কাম। ইয়াৰ পিছতেই ৪৫ টাকৈ ঘৰ আৰু দোকানক পৰিণত কৰা হৈছিল গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰৰ ভাষাত “শিলৰ ঘৰলৈ”। কোৱা বাহুল্য যে ইয়াৰে প্ৰায়সংখ্যক ঘৰ আছিল এক বিশেষ ধৰ্মালম্বী লোকৰ। এয়া ভাৰতৰ ৰাজনীতিত কোনো নতুন কথা নাছিল। ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ হোৱা বুলড’জাৰ এক মেচিনৰ পৰা ৰাজনৈতিক অস্ত্ৰলৈ পৰিণত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভণি হৈছিল ২০১৭ চনত যেতিয়া প্ৰথমবাৰলৈ উত্তৰ প্ৰদেশত জয়ী হৈ আহিছিল আদিত্য সিং বিষ্ট ওৰফে “যোগী আদিত্যনাথ।” মুখ্যমন্ত্ৰী হিচাপে নিজৰ ৰাজনৈতিক জীৱনত পিছলৈ “বাবা বুলড’জাৰ” নাম অৰ্জন কৰা আদিত্য সিং বিষ্টে, ধৰ্মীয় কোণেৰে চাব পৰা, সকলো স্পৰ্শকাতৰ বিষয়ত তাৎক্ষণিক ন্যায়ৰ নামত ব্যৱহাৰ কৰা আৰম্ভ কৰিলে বুলড’জাৰ নামৰ এই যন্ত্ৰ। বুলড’জাৰ এক্সনৰ কাৰ্য প্ৰণালী তেনেই সহজ : কোনো ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে নোযোৱাকৈ, কোনো অপৰাধত অভিযুক্ত ব্যক্তিৰ ঘৰ কিবা অজুহাত দি খালি কৰাই পিছ মুহূৰ্ততেই বুলড’জাৰ চলাই ঘৰ মাটিত মিহলি কৰি দিয়া।
এই বুলড’জাৰ ন্যায়ৰ ধাৰণা ৰাজনৈতিক ভাৱে ইমানেই জনপ্ৰিয় হল যে খুব কম সময়তেই এই পন্থা বিজেপি শাসিত বিভিন্ন ৰাজ্যই আঁকোৱালি লোৱাৰ লগতেই বিকাশ কৰিলে সাধাৰণ দুখীয়া মানুহৰ ঘৰ ভঙাৰ ন ন কাৰণ। চৰকাৰী মাটিৰ বেদখলমুক্ত কৰা, উন্নয়নৰ অথবা নগৰ শুৱনিকৰণ, স্মাৰ্ট চিটি নিৰ্মাণৰ নামত বস্তি খালি কৰি ঘৰ ভঙা এক সাধাৰণ কথা হৈ পৰিল। প্ৰকাশিত তথ্য অনুসৰি কেৱল ২০২৩ চনতেই পাঁচ লাখ মানুহক গৃহহীন কৰি প্ৰায় এক লাখ ঘৰ ভাঙি দিয়া হৈছিল এই দেশত। এই কাৰ্য্যত মূলতঃ প্ৰভাৱিত দলিত, মুছলিম তথা অন্য পিছপৰা দুখীয়া লোক।
এই নতুন ন্যায় ব্যৱস্থাৰ আগমন পিছে অসমতো নোহোৱাকৈ নাই। শিলসাঁকোৰ পৰা বটদ্ৰবালৈ, গৰুখুঁটিৰ পৰা কচুতলিলৈ- ভিন্ন সময়ত ভিন্ন কাৰণত অসমতো ঘৰ ভঙাৰ কাৰ্য্য চলিল।
ইয়াৰ পৰিপ্ৰেক্ষিতত, সময়ে সময়ে উচ্চ ন্যায়ালয়সমূহত বহু লেখ আবেদন ইতিমধ্যে ভুক্তভুগি সকলে দাখিল কৰি আহিছে। ইয়াৰে কিছু লেখ আবেদন ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ সমুখটো আহি পৰিছিল। এই সকলোবোৰ আবেদনৰ সুনানি গ্ৰহণ কৰি যোৱা ১৩ নৱেম্বৰ, ২০২৪ তাৰিখে উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰে। ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে বুলড’জাৰ এক্সনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আইনী যুক্তিৰে প্ৰতিষ্ঠা কৰে কিয় এই ধৰণৰ তাৎক্ষণিক ন্যায়ৰ ধাৰণা ভাৰতৰ সংবিধানৰ পৰিপন্থী। ন্যায়ালয়ে “আইনৰ শাসন” (Rule of law) ৰ ধাৰণাৰ বিস্তৃত আলোচনা কৰি পুনৰ মনত পেলাই দিয়ে ব্ৰিটিছ আইনজ্ঞ এলবাৰ্ট ভেন ডাইছিয়ে প্ৰদান কৰা আইনৰ শাসনৰ তিনিটা মূল ভেটি : আইনৰ আধিপত্যতা, আইনৰ সমুখত সমতা আৰু আইনী ব্যৱস্থাৰ প্রাধান্যতা। উল্লেখ্য যে ভাৰতীয় সাংবিধানিক ব্যৱস্থাৰ এক মৌলিক কাঠামো হৈছে আইনৰ শাসন। ইন্দিৰা গান্ধী বনাম ৰাজ নাৰায়ণ ৰায়ত এই কথা উচ্চতম ন্যায়ালয়ে ১৯৭৬ চনতেই প্ৰতিষ্ঠা কৰি গৈছে। গণতান্ত্ৰিক ব্যৱস্থাত আইনৰ শাসন অনিবাৰ্য আৰু এই শাসন বৰ্তাই ৰখাৰ মূল দ্বায়িত্ব হৈছে ন্যায়ালয় সমূহৰ। এই কথা বহু ৰায়ত ন্যায়ালয়ে মত প্ৰদান কৰি গৈছে যে ৰাষ্ট্ৰৰ ইচ্ছামত ক্ষমতাৰ ব্যৱহাৰ (অপব্যৱহাৰ) ৰ বিৰুদ্ধে আইনৰ শাসনৰ ধাৰণই মূলতঃ সুৰক্ষা প্ৰদান কৰে। আইনৰ শাসনক ভিত্তি কৰি গঠন হোৱা এখন দেশত “বুলড’জাৰ ন্যায়” কোনো কাৰণত ন্যায়সংগত হব নোৱাৰে। যি দেশত এক প্ৰতিষ্ঠিত আইনী ব্যৱস্থা আছে, সেই ব্যৱস্থা যিমানেই লেহেমীয়া গতিৰ নহওঁক কিয়, তাৰ মাজেৰে দিয়া ন্যায়হে শুদ্ধ বুলি বিবেচনা কৰা হব। বুলড’জাৰ চলোৱাসকলে নিজকে judge,jury and executor হিচাপে ভবাটোয়েই আইনবিৰুদ্ধ। প্ৰথম কথা, অভিযুক্ত এজনক যেতিয়ালৈ ন্যায়ালয়ে দোষী সাব্যস্ত নকৰে তেতিয়ালৈ তেওঁক নিৰ্দোষী হিচাপে গণ্য কৰা হয়। পিছে “বুলড’জাৰ ন্যায়” ৰ ক্ষেত্ৰত এই কথা ওলোটা কিয়নো অভিযুক্ত হোৱাৰ দুই এদিনতে শাস্তি হিচাপে ভাঙি পেলোৱা হয় তেওঁৰ ঘৰ। ইয়াৰ অৰ্থ এই ব্যৱস্থাত অভিযুক্ত মানেই দোষী। দ্বিতীয়তে, আইনৰ এক প্ৰতিষ্ঠিত ধাৰণা হৈছে অভিযুক্তক আত্মপক্ষ দাঙি ধৰাৰ সুযোগ দিয়া। এই ধাৰণাৰো সম্পূৰ্ণ বিৰোধী এই তথাকথিত বুলড’জাৰ এক্সন কিয়নো আত্মপক্ষ বাদেই ন্যায়িক দণ্ডাধীশৰ সমুখত গৈ পোৱাৰ আগেই বহু সময়ত ইয়াত ভাঙি দিয়া হয় ঘৰ। আনহাতে বেদখল খালি কৰা আইন সন্মত হবলৈ হলে প্ৰায় দুসপ্তাহ আগতেই জাননী জাৰি কৰি আত্মপক্ষ দাঙি ধৰাৰ সুযোগ দিয়াটো বাঞ্চনীয়। পিছে অসমতেই এনে বহু উচ্ছেদ ইতিমধ্যে হৈ গৈছে যি জাননী নিদিয়াকৈয়ে খুব কম সময়ৰ ভিতৰত, বা এদিন দুদিন পূৰ্বে জাননী জাৰী কৰি ঘৰ ভাঙি দিয়া হৈছে। ইয়াৰে লগতে উচ্চতম ন্যায়ালয়ে আলোচনা কৰা আন এটা বিষয় হৈছে সংবিধানত প্ৰদান কৰা ৰাষ্ট্ৰৰ অংগ সমূহৰ ক্ষমতাৰ পৃথকীকৰণ । ভাৰতৰ সংবিধানৰ অনুসৰি বিধানপালিকাৰ দ্বায়িত্ব আইন প্ৰনয়ণ কৰা, কাৰ্য্যপালিকাৰ দ্বায়িত্ব আইন কার্যকৰীকৰণ আৰু ন্যায়পালিকাৰ দ্বায়িত্ব বিচাৰ কৰাৰ। এতিয়া যিহেতু বুলড’জাৰ ব্যৱহাৰ কৰি ঘৰ ভাঙি শাস্তি দিয়াৰ কাম খোদ কাৰ্য্যপালিকাই নিজৰ হাতত লৈছে, তেন্তে প্ৰশ্ন হয় ন্যায়পালিকাৰ কাম কি থাকিল? এই বিষয়ত উচ্চতম ন্যায়ালয়ে নিজৰ পুৰণি ৰায়ত এই বিষয়ত কৰা আলোচনাৰ উদ্ধৃতি দি প্ৰতিষ্ঠা কৰে যে কাৰ্য্যপালিকাৰ নিজৰ হাতত ন্যায়পালিকাৰ দ্বায়িত্ব লোৱা কাৰ্য অসাংবিধানিক। এই সকলোবোৰ কথাৰ লগতে ন্যায়ালয়ে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২১ ৰ জীয়াই থকাৰ অধিকাৰ ভিতৰৰ এটা গুৰুত্ব পূৰ্ণ অধিকাৰ হৈছে বাসস্থানৰ অধিকাৰ। এই ক্ষেত্ৰত চামেলি সিং বনাম উত্তৰ প্ৰদেশ এক ঐতিহাসিক ৰায়। এই ৰায়ত উচ্চতম ন্যায়ালয়ে মত পোষণ কৰিছিল যে অনুচ্ছেদ ২১ ৰ জীয়াই থকা অধিকাৰে পশুসম জীয়াই থকা অধিকাৰ নুবুজাই। ই হব লাগিব অৰ্থবহ। ইয়াৰ বাবে প্ৰয়োজনীয় মৌলিক বস্তু – অন্ন, বস্ত্ৰ, বাসস্থান এই সকলোবোৰৰ অধিকাৰ তেওঁৰ থাকিব লাগিব। ভাৰতীয় ন্যায় ব্যৱস্থাত এজন অভিযুক্ত দোষী সাব্যস্ত হলেও তেওঁৰ কিছুমান মৌলিক অধিকাৰ শেষ হৈ নাযায়। তেওঁৰ শাস্তি ি হব আইনৰ যথাযথ প্ৰক্ৰিয়াৰ (Due process) অনুসৰি। ইয়াৰোপৰি, এই দেশৰ ন্যায় ব্যৱস্থাত সামূহিক শাস্তিৰো কোনো ঠাই নাই। বুলড’জাৰ চলাই ঘৰ ভাঙি কেৱল অভিযুক্ত নহয়, তেওঁৰ পৰিয়ালৰ আন সদস্য যি সমূহৰ সেই অপৰাধৰ সৈতে কোনো সম্পৰ্ক নাই, তেনে ব্যক্তিকো শাস্তি প্ৰদান কৰা হয়। এই কাৰ্য্য কেৱল এনে দেশত হে প্ৰযোজ্য হব পাৰে যত আইনৰ শাসন নাই, ন্যায়ালয় নাই আছে কেৱল একনায়কত্ববাদ।
মুঠৰ উপৰত এই সকলোবোৰ যুক্তি ৰে চালি জাৰি চাই উচ্চতম ন্যায়ালয়ে বুলড’জাৰ এক্সন অসাংবিধানিক আৰু ভাৰতৰ ন্যায় ব্যৱস্থাৰ পৰিপন্থী বুলি মত পোষণ কৰে। ইয়াৰে পৰিপ্ৰেক্ষিতত সংবিধানৰ ১৪২ অনুচ্ছেদত উচ্চতম ন্যায়ালয়ক “সম্পূৰ্ণ ন্যায়” কৰাৰ বাবে প্ৰদান কৰা বিশেষ ক্ষমতাৰ অধীনত ন্যায়ালয়ে ঘৰ ভঙাৰ আগতে কৰ্তৃপক্ষই পালন কৰিবলগীয়া কিছু নিয়মাৱলী এই ৰায়ৰ দ্বাৰা নিৰ্দেশ দিয়ে। ইয়াৰে কিছুমান গুৰুত্বপূৰ্ণ নিৰ্দেশ হৈছে যে ঘৰ ভঙাৰ আগতে আইন অনুসৰি সময় বা নুন্যতম ১৫ দিনৰ আগতে কাৰণ দৰ্শোৱাৰ জাননী দিয়া, জাননী যাতে পুৰণি তাৰিখত দিব নোৱাৰে, সেয়ে জাননী প্ৰকাশ কৰাৰ লগে লগে মেইল যোগে জিলা দণ্ডাধীশক প্ৰেৰণ কৰা, তিনিমাহৰ ভিতৰত জিলা পৰ্য্যায়ত এনে এক অনলাইন পৰ্টেল খোলা যত এই জাননী সমূহ প্ৰকাশ কৰা হব, ইয়াৰে পিছতে যাৰ গৃহ ভঙা হব তেওঁক আত্মপক্ষৰ ৰখাৰ উদ্দেশ্যে ব্যক্তিগত সুনানি কৰা যি লিখিত ৰূপে ৰখা হব, সুনানিৰ পিছত এক
অন্তিম আদেশ প্ৰকাশ কৰা যি ন্যায়ালয়ত আপীল কৰিব পাৰি, ঘৰ ভঙাৰ সকলো কাৰ্য আদিৰ পৰা অন্তলৈকে ভিদিঅ’ কৰি ৰখা আদি । উল্লেখ্য যে যদিহে ইয়াৰে কোনো নিৰ্দেশ পালন নকৰাকৈ ঘৰ ভঙা হয়, তেন্তে তাৰ বাবে যি ক্ষতিপুৰণ সেয়া দিব লাগিব দ্বায়িত্বত থকা আমোলাৰ নিজৰ পকেটৰ পৰা।
১৩ নৱেম্বৰ, ২০২৪ ৰ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে “বুলড’জাৰ ন্যায়”ৰ নামত চলা অন্যায়ৰ শেষ ঘটাবলৈ কিমানদূৰ সক্ষম হব সেয়া সময়ে কব। পিছে, ইমান বছৰে চলি থকা এই কাৰ্য্য যিয়ে লাখ লাখ পৰিয়ালক গৃহহীন কৰিলে, তেওঁলোকৰ ন্যায় দিয়াত একপ্ৰকাৰ ব্যৰ্থ। ন্যায়ালয়ে যিখিনি কথা এই ৰায়ত দাঙি ধৰিছে তাত কোনো নতুনত্ব নাই। অনুচ্ছেদ ২১ ৰ অধীনৰ বাসস্থানৰ অধিকাৰ, অপৰাধীৰ সাংবিধানিক অধিকাৰ, আত্মপক্ষ দাঙি ধৰাৰ অধিকাৰ, আইনৰ শাসন এয়া প্ৰতিষ্ঠিত আইনগত নীতি। এই সকলোবোৰ সকলোৱে জানিও ইচ্ছাকৃত ভাবে লাখ লাখ মানুহৰ ঘৰ ভাঙি দিয়া কাৰ্য্য ইমান বছৰ কোনোয়ে ফঁহিয়াই নাচাই , নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰাৰ মনসাৰে চলাই নিলে সেয়াহে চিন্তনীয়। আনহাতে, ন্যায়ালয়ে এই সমূহৰ পিছত থকা ৰাজনীতিক আওকাণ কৰি কেৱল আমোলাক দোষী সাব্যস্ত কৰাৰ নীতিও এশ শতাংশ গ্ৰহণযোগ্য নহয়। ভাৰতৰ কাৰ্য্যপালিকা কাগজে কলমে স্বাধীন হলেও নেতা মন্ত্ৰীৰ আদেশ অবিহনে যে ইয়াত একো কাম নহয়, সেয়া সর্বজনবিদিত। তেনে ক্ষেত্ৰত কোনো ডাঙৰ নেতাৰ এটা ফোনকলেৰে ঘৰ ভাঙি দিয়াৰ নিৰ্দেশ কেনেকৈ এজন আমোলাই অমান্য কৰিব পাৰিব, সেয়াহে ভাবিবলগীয়া।
এয়া আশা কৰিব পাৰি যে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ সমূহকলৈ আগন্তুক সময়ত সংসদে আইন প্ৰণয়ন কৰিব।
আইন প্ৰণয়ন কৰোঁতে যাতে ন্যায়ালয়ৰ এই ৰায়ক লঘূকৰণ কৰা নহয়, সেই বিষয়ে নজৰ ৰখাৰ গুৰু দ্বায়িত্ব থাকিব বিৰোধীৰ হাতত। আজিৰ সময়ত এনে বহু বৰষুণ জাপি নোলোৱাকৈয়ে পাৰ হৈ গল, এই ক্ষেত্ৰত দেৰিকে হলেও ন্যায়ালয়ে নিজৰ সাংবিধনিক দ্বায়িত্ব পালন কৰিছে তাৰ বাবে ন্যায়ালয় ধন্যবাদৰ পাত্ৰ। এনে কিছুমান ৰায়ৰ বাবেই হয়তো আজিও ৰাইজৰ আছে ন্যায়পালিকাৰ উপৰত অগাধ বিশ্বাস ।
(২০২৫ চনৰ জানুৱাৰী মাহৰ ‘যুৱপ্ৰবাহ’ আলোচনীত প্ৰকাশিত)
