• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

কৃষি মন্ত্রীৰ সমষ্টিতে কৃষক ৰাইজৰ হাহাকাৰ

News Desk by News Desk
October 21, 2022
in ৰাজনীতি, সমাজ
Share on FacebookShare on Whatsapp

পল্লৱ হাজৰিকা, বোকাখাত

অসমৰ কৃষক সমাজৰ অতিকে আদৰৰ কাতি বিহু মঙলবাৰে অৰ্থাৎ ১৮ অক্টোবৰত ৰাজ্যজুৰি উদযাপিত হৈ গ’ল। অৱশ্যে কিছু কিছু অঞ্চলত কাতি বিহুৰ চাকি নজলাৰ খবৰো আহিল। বন্যহস্তীৰ উপদ্ৰপ, বানপানী,ক’ৰবাত খৰাং আদিয়েই ইয়াৰ কাৰণ।

তাৰ বিপৰিতে বোকাখাত বিধান সভা সমষ্টিৰ ঐতিহাসিক মহুৰা দিহিঙিয়া পথাৰত বোকাখাত কৃষি বিষয়া কাৰ্যালয়ৰ সৌজন্যত মেলা সদৃশ পৰিবেশৰ মাজেৰে কাতি বিহু উদযাপন কৰা হ’ল।

ঐতিহাসিক পথাৰখনত আকাশ বন্তিৰ লগতে পাঁচ হাজাৰ বন্তি প্ৰজ্বলন কৰি কৃষি মন্ত্ৰী অতুল বৰাই কাতি বিহু পাতিলে। পিঠা-পনাৰ সোৱাদ আৰু দিহা নাম আদিৰে কাতি বিহুৰ সন্ধ্যা দিহিঙিয়া পথাৰত এক উৎসৱমুখৰ পৰিবেশ দেখা পোৱা গ’ল।

বোকাখাত মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ সৌজন্যত কৃষক আৰু কৃষিৰ লগত জড়িত কাতি বিহুতো ধুমধামেৰে উদযাপন কৰাৰ সময়ত বোকাখাত মহকুমাৰ কৃষি আৰু কৃষকৰ লগত জড়িত কেতবোৰ প্ৰশ্ন নিশ্চয় পুণৰ প্ৰসংগিক হ’ব।

যিহেতু বোকাখাত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৌজন্যতেই কাতি বিহুতো বোকাখাতত ৰাজহুৱাকৈ উদযাপন কৰা হ’ল সেইবাবেই বোকাখাত মহকুমা কৃষি বিভাগে আৰু কৃষি মন্ত্ৰী অতুল বৰাই বোকাখাতৰ কৃষিখণ্ড আৰু কৃষক সমাজৰ প্ৰতি বিগত সময়বোৰত কি ভূমিকা পালন কৰি আহিছে সেই প্ৰশ্ন প্ৰাসংগিক প্ৰশ্ন হিছাপেই বোকাখাতৰ সচেতন ভাৱে কৃষি কৰ্মৰ লগত জড়িত নতুন প্ৰজন্মই তুলিব।

ইয়াত নতুন প্ৰজন্ম বুলি এইবাবেই কোৱা হৈছে কাৰণ পৰম্পৰাগত জেষ্ঠ কৃষক সকলে বোকাখাতৰ কৃষি বিভাগ আৰু কৃষি মন্ত্ৰীৰ প্ৰতি এনে প্ৰশ্ন তুলিবলৈ ইতিমধ্যেই এৰি দিছে। ইয়াৰ কাৰণ হিছাপে থিয় দিব দীৰ্ঘদিনৰ বঞ্চনাৰ পৰা উদ্ভত হতাশা আৰু অগপ-বিজেপিৰ নেতা পালিনেতাৰ মিথ্যাচাৰ।

বান অধ্যুষিত বোকাখাত সমষ্টিত ইতিমধ্যে দুবাৰকৈ কৃষি মন্ত্ৰী অতুল বৰাই বিধায়ক গাদী দখল কৰিছে। প্ৰতি বছৰেই বোকাখাত সমষ্টিত বানপানীয়ে কৃষকৰ মাজত সৃষ্টি কৰা হাহাকাৰ আৰু ক্ষয়ক্ষতিৰ সাক্ষী হৈ আহিছে অতুল বৰা।

বানপানীৰ সময়ত বা পানী শুকাই যোৱাৰ পাছত মন্ত্ৰী গৰাকীয়ে বান অধ্যুষিত অঞ্চলবোৰ ভ্ৰমন কৰোতে সততে উচ্ছাৰিত শব্দ যুৰি হ’ল “তাৎক্ষণিক ক্ষতিপুৰণ”। কিন্তু তাৎক্ষণিক ক্ষতিপুৰণতো বাদেই বান ক্ষতিগ্ৰস্থ কৃষকে জড়িপ আদিৰ অন্তত পাব লগীয়া ক্ষতিপুৰণ পোৱাৰ নজিৰেই আজিলৈকে বোকাখাত সমষ্টিত সৃষ্টি নহ’ল।

 মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ সৌজন্যত আৰু কৃষি মন্ত্ৰীৰ উপস্থিতিত মেলা সদৃশ কাতি বিহু উদযাপনৰ পাছত এই প্ৰসংগবোৰ আলচ নোহোৱাকৈ থাকিবনে?

প্ৰত্যেক বছৰেই বানপানীৰ পাছত কৃষি বিভাগৰ তৰফৰ পৰা কৰা ক্ষেত্ৰ ভিত্তিক অধ্যয়ণৰ ক্ষেত্ৰতো মহকুমা কৃষি বিভাগে কৃষকৰ আভুৱা ভৰি আহিছে। বহু সময়ত এনে জড়িপৰ দায়িত্ব মহকুমা কৃষি বিভাগে শাসনাধিস্ত দলৰ কিছু সংখ্যক নেতা পালি নেতাক দিয়েই দায়িত্ব সামৰে। ফলত প্ৰকৃত ক্ষেত্ৰ ভিত্তক অধ্যয়ণৰ ফলাফলৰ পৰা বঞ্চিত হৈ আহিছে সাধাৰণ কৃষক।

চলিত বৰ্ষৰ ফেব্ৰুবাৰী মাহত পাঁচ তাৰিখে ৰাজ্যখনৰ   অন্যান্য ঠাইৰ লগতে বোকাখাত সমষ্টিৰো কিছু কিছু অঞ্চলত প্ৰবল শিলাবৃষ্টি হৈছিল। ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হৈছিল কৃষক সকল। বিশেষকৈ সৰিয়হ আৰু ৰঙালাও খেতি কৰা কৃষক সকলৰ অৱস্থা সহ্যাতিত হৈছিল সেই প্ৰবল শিলাবৃষ্টিত। বহু অঞ্চলৰ বাসগৃহ সমুহৰ চাল চালনীৰ দৰে হৈছিল।

শিলাবৃষ্টিৰ দুদিনৰ পিছত উপস্থিত হোৱা কৃষি মন্ত্ৰী অতুল বৰাৰ মিছা আশ্বাস আৰু  অগপ-বিজেপিৰ নেতা পালি নেতায়ে কৰা সাধাৰণ জড়িপ অন্তত কৃষকে লাভ কৰিলে দহ বৰ্গ ফুটৰ এখন মাত্ৰ তেনেই সাধাৰণ তিৰ্পাল। তাতো স্বজন-তোষনৰ অভিযোগ উঠিল। নেতা-পালি নেতাৰ বাই-ভনী, কুটুম্বৰ মাজতেই সামৰণি পৰিল তিৰ্পাল বিতৰণৰ খেলখনৰ। সৰিয়হ, ৰঙালাওৰ কৃষকে আজি ন মাহৰ অন্ততো ক্ষতিপুৰণৰ নামত ফুটাকড়ি এটাও নাপালে।

ঐতিহাসিক দিহিঙীয়া পথাৰৰ কাতি বিহুৰ মেলাত কৃষকৰ সৰ্বাংগীণ উন্নতিৰ বাবে ভগৱানৰ ওচৰত কৃষি মন্ত্ৰী গৰাকীয়ে আঁঠু লোৱাৰ পাছত বা পাঁচ হাজাৰ বন্তিৰে পথাৰৰ পোক পতংগ খেদাৰ দিহা কৰাৰ পাছত কৃষকে এই বঞ্চনাৰ কথা নোসোঁৱৰিবনে?

অলপতে বোকাখাত সমষ্টিত বাদাম খেতিৰ প্ৰসংগ বাতৰিৰ শিৰোনামলৈ আহিছিল। সমষ্টিটোৰ কিছু সচেতন কৃষকে ফঁহিয়াই দেখুৱাইছিল যে বোকাখাত সমষ্টিৰ পাৰিপাৰ্শ্বিকতা, ইয়াৰ কৃষি ভূমি বাদাম খেতিৰ বাবে উপযোগী নহয়। তাৰ পাছতো বোকাখাত সমষ্টিলৈ বিধায়ক হিছাপে অতুল বৰা আগমন হোৱাৰ পাছৰ পৰাই বোকাখাত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত সমষ্টিটোৰ কৃষকক বিনামুলীয়াকৈ যোগান ধৰিবলৈ কুইণ্টলে কুইণ্টলে বাদামৰ বীজ মজুত ৰখা হয়।

এই বছৰো এক বিশেষ সুত্ৰৰ মতে বোকাখাত মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ে আঠানব্বৈ কুইণ্টল বাদামৰ বীজ মজুত ৰাখিছে। অথচ বোকাখাত সমষ্টিৰ কৃষকে বাদামৰ খেতি নকৰেই, এই খেতিৰ পৰা উপকৃত হোৱাৰ প্ৰসংগয়েই নাহে। তেনে প্ৰত্যেক বছৰে ৰবি শস্যৰ বতৰত ইমান বৃহৎ পৰিমানৰ বাদামৰ বীজ কাৰ্যালয়টোত মজুত ৰখাৰ ৰহস্য কি? অৱশ্যে মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা বাদামৰ বীজ সৰকি ক’লাবজাৰ পোৱাৰ খবৰেও প্ৰতি বছৰ ৰবি খেতিৰ বতৰত বাতৰিৰ শিৰোনাম দখল কৰে। 

অৱশ্যে অলপতে কৃষিমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত  “খেতি যদি নহয়েই বীজ নিনিলেই হ’ল”- বুলি কৈ বাদামৰ খেতি সামৰিলে। লক্ষ টকাৰ বোকাখতিয়া কাতি বিহুৰ “জলপানৰ উগাৰ” সামৰি বোকাখতিয়া কৃষকে এইবোৰ বিষয় কথাৰ মজিয়ালৈ নানিবনে? আনহাতে বোকাখাত সমষ্টিৰ প্ৰকৃত কৃষকে উন্নত মানৰ বীজ, ৰাসায়নীক সাৰ, কীটনাশক, পলী হাউচ, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি লাভ নকৰা আৰু অগপ বিজেপিৰ নেতা পালীনেতাই হোৰাহোৰে লাভ কৰা আদি বিষয়বোৰো পুণৰ আলোচনা নকৰিবনে?

Tags: Assam governmentatul borahBJPbukakhat
Previous Post

‘গেৰুৱা বৌদ্ধিক জালিয়াতী’

Next Post

মূৰৰ পৰা গেলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ,মাত্ৰ দুটা মাহত ৬২টি নৱজাতকৰ মৃত্যু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত

Related Posts

অসম

গৰু বিহুত খোৱা এশ এবিধ শাক কি কি জানো আহক

April 14, 2025
যৌন নিৰ্যাতনৰ বলি হৈছে নেকি আপোনাৰ কণমাণি সন্তান? কেনেকৈ বুজিব আপুনি?
সমাজ

যৌন নিৰ্যাতনৰ বলি হৈছে নেকি আপোনাৰ কণমাণি সন্তান? কেনেকৈ বুজিব আপুনি?

August 21, 2024
বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ
ৰাজনীতি

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ

July 21, 2023
Next Post
মূৰৰ পৰা গেলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ,মাত্ৰ দুটা মাহত ৬২টি নৱজাতকৰ মৃত্যু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত

মূৰৰ পৰা গেলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ,মাত্ৰ দুটা মাহত ৬২টি নৱজাতকৰ মৃত্যু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.