সোমবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাই জনজাতিকৰণৰ দাবীত মটৰ চাইকেলেৰে সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
উক্ত প্ৰতিবাদ চলি থকাৰ সময়তে আৰক্ষী আৰু মৰাণ ছাত্র সন্থাৰ সদস্যসকলৰ মাজত হতাহতিৰ সৃষ্টি হয়। মৰাণ সকলক অতি শীঘ্ৰেই জনজাতি মৰ্যদা প্ৰদান কৰাৰ লগতে ,ষষ্ঠ অনুসূচিভুক্ত স্বায়ত্ব শাসন প্ৰদান কৰা , অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ জনজাতিৰ লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি সকলো চৰকাৰী সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা আৰু চৰকাৰীভাৱে ভূমি আবন্টন দি ভূমিপত্তা প্ৰদান কৰি গৰাখহনীয়াত ঘৰ মাটি হেৰুৱা ২৪টা ভূমিহীন পৰিয়ালক সংস্থাপনৰ নিশ্চিত ব্যৱস্থাৰ লগতে বান আৰু গৰাখহনিয়াৰ বিজ্ঞানসন্মত প্ৰতিৰোধ ব্যৱস্হাৰে স্থায়ী সমাধান কৰিবলৈ দাবী জনায় এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছিল