• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

প্ৰসংগ নিযুক্তি কেলেংকাৰীঃ সৰৱ ডি.ৱাই.এফ.আই

News Desk by News Desk
September 14, 2022
in ৰাজনীতি
Share on FacebookShare on Whatsapp

লক্ষীমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ ১৮৮টা পদৰ বাবে চলিত বৰ্ষৰ ১৩ মাৰ্চত অনুষ্ঠিত বোৱা পৰীক্ষাত উকা বহী জমা দি পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱা বুলি এজন বিশেষভাৱে সক্ষম যুৱকে গুৰুতৰ অভিযোগ আনিছে। যুৱকজনে পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিনটোৰ নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি অনিয়মৰ বিৱৰণ সামাজিক মাধ্যমত দাঙি ধৰিছে। এনে ঘটনাই অসম চৰকাৰৰ অধীনত চলি থকা নিযুক্তি প্ৰক্ৰিয়াত যে চৰম ভেকোভাওনা হৈছে তাক ক্ৰমাৎ পোহৰলৈ আহিব ধৰিছে বুলি অভিযোগ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে । ডি ৱাই এফ আই ৰাজ্যিক কমিতিয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত কয় যে- অসম চৰকাৰৰ বিভিন্ন বিভাগত দুৰ্নীতিয়ে যে গভীৰতালৈ শিপাইছে সেয়া এনেবোৰ ঘটনাই প্ৰমাণ কৰিছে। ইয়াৰ বাবে সঠিক আৰু নিৰপেক্ষ তদন্ত অতি জৰুৰী। ভুক্তভোগী প্ৰাৰ্থীয়ে নিজৰ অভিজ্ঞতাৰে অভিযোগ বৰ্ণনা কৰাৰ পাছত অসম চৰকাৰ আৰু আৰক্ষী বিভাগক কি প্ৰমাণ লাগে?
ৰাজ্যৰ প্ৰতিটো বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াতে গুৰুতৰ অনিয়ম আৰু পক্ষপাতিত্ব হোৱাৰ প্ৰবল সম্ভাৱনা আছে বুলি সন্দেহ প্ৰকাশ কৰিছে ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে লগতে এনে অভিযোগৰ সঠিক তদন্ত কৰাৰ পৰিৱৰ্তে অভিযোগকাৰীক আৰক্ষীৰ ভয়-ভাবুকি, শাসক দলৰ নেতা-মন্ত্ৰীৰ ভাবুকি আৰু অভিযোগকাৰীৰ চৰিত্ৰহননৰ দৰে প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি মত প্ৰকাশ কৰি এনে নিকৃষ্ট কাণ্ড বন্ধ কৰি অভিযোগবোৰৰ সঠিক তদন্তৰ দাবী উত্থাপন কৰিছে।
ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু সভাপতি ৰুস্তম আলীয়ে প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে অসম চৰকাৰৰ অধীনত হোৱা প্ৰতিটো নিযুক্তি প্ৰক্ৰিয়াতে গুৰুতৰ অনিয়ম হোৱাৰ অভিযোগ ক্ৰমাগতভাৱে আহিব ধৰিছে। ভিক্টৰ দাস নামৰ যুৱকজনে ২৬ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম হোৱা বুলি অভিযোগ কৰাৰ পাছতে তেওঁক দাগী অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লৈছে। চৰকাৰ আৰু পুলিচ প্ৰশাসনে অনিয়মৰ অভিযোগ অস্বীকাৰ কৰি থকাৰ সময়তে আৰক্ষীয়ে ৭ জনকৈ দালালক গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে। এই দালাল কেইটাই জলসিঞ্চন বিভাগত নিযুক্তি দিয়াৰ বাবে প্ৰস্তুতি চলাইছিল। এইখিনি সময়তে সকলোকে আচৰিত কৰি খোদ বি জে পি দলৰ সভাপতি তথা পূৰ্বৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ বিৰুদ্ধেই টকাৰ বিনিময়ত জলসিঞ্চন বিভাগত চাকৰি দিয়াৰ প্ৰলোভন দিয়া বুলি এগৰাকী যুৱতীয়ে গুৰুতৰ অভিযোগ আনিছে।
এনেদৰে এটাৰ পাছত এটাকৈ প্ৰতিদিনে ওলাই থকা দুৰ্নীতি-অনিয়মৰ খবৰে চাকৰি প্ৰাৰ্থী যুৱক-যুৱতীৰ লগতে সাধাৰণ জনতাকো উদ্বিগ্ন আৰু হতাশ কৰি তুলিছে। অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনে লোৱা ভুমিকা আৰু তেওঁলোকৰ বক্তব্যই লাখ লাখ যুৱক-যুৱতীক আশাহত কৰি তুলিছে। পৰীক্ষাৰ দিনত ইন্টাৰনেট কৰ্তন কৰি চমক দিব বিচৰা এইখন চৰকাৰৰ দিনত দুৰ্নীতি আৰু অনিয়মৰ পদ্ধতিহে যে পৰিৱৰ্তন হৈছে সেয়া শেহতীয়া অভিযোগবোৰে ইংগিত দিছে। পূৰ্বৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ সলনি এতিয়া উকা অ’এম আৰ (OMR Sheet) শ্বীট জমা দিয়ে । যি অ’ এম আৰ শ্বীটত দালাল চক্ৰই শুদ্ধ উত্তৰ বহুৱাই ভাল নম্বৰ পোৱাই দিয়াৰ সম্ভাৱনা থাকে। এনে অতি সুক্ষ্ম পৰ্যায়ৰ দুৰ্নীতি আৰু অনিয়ম ধৰা পেলাবলৈ হ’লে চৰকাৰৰ সদিচ্ছা আৰু আৰু আৰক্ষীৰ নিৰপেক্ষ তদন্ত অতি জৰুৰী। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ঘোষণা কৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এই কাম কৰিব পাৰিবনে ? লগতে সংগঠনটোৱে নিযুক্তি প্ৰক্ৰিয়াত উত্থাপিত অভিযোগবোৰৰ তদন্তৰ বাবে এখন বিশেষ নিৰপেক্ষ আয়োগ গঠন কৰাৰ দাবী উত্থাপন কৰিছে।

Tags: Assam governmentBJPdyfi
Previous Post

ইচ্ছাই প্ৰধান কথা! ২৬লিটাৰ তেজেৰে লিখিলে ধৰ্মগ্ৰন্থ..

Next Post

আজি শ্ৰী শ্ৰী মাধৱ দেৱৰ তিৰোভাৱ তিথি

Related Posts

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ
ৰাজনীতি

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ

July 21, 2023
লোকসভা সচিবালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ সাংসদ পদ।
ৰাজনীতি

লোকসভা সচিবালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ সাংসদ পদ।

March 24, 2023
ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।
ৰাজনীতি

ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।

March 7, 2023
Next Post
আজি শ্ৰী শ্ৰী মাধৱ দেৱৰ তিৰোভাৱ তিথি

আজি শ্ৰী শ্ৰী মাধৱ দেৱৰ তিৰোভাৱ তিথি

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.