CITU ৰ অসম ৰাজ্যিক কমিটিয়ে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল আয়োজন কৰে। সংবাদমেল সম্বোধন কৰি অসম ৰাজ্যিক সমিতিৰ সম্পাদক তপন শৰ্মাই কয় যে-দেশৰ স্বাধীনতাৰ ৭৫ বর্ষপূর্তিৰ সময়ত আমি উদ্বেগেৰে লক্ষ্য কৰিছো কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নীতিৰ ফলত দেশখনৰ কোটি কোটি শ্ৰমজীৱী নাগৰিকে দেশৰ সংবিধান প্রদত্ত অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। বহু যুৱক-যুৱতীয়ে যোগ্যতা থকাৰ পাছটো চাকৰিৰ পৰা বঞ্চিত হৈ আছে। অসম ইয়াৰ ব্যতিক্রম নহয়, প্রায় ১ কোটিতকৈ অধিক শ্রমিকে প্রাপ্য মজুৰি আৰু সামাজিক সুৰক্ষাৰ পৰা বঞ্চিত হৈ আছে। অসমত ২০ লাখ নিবনুৱা যুৱক-যুৱতী উপযুক্ত নিয়োগ পৰা বঞ্চিত হৈ আছে, বিগত সাত বছৰ ধৰি ন্যূনতম মজুৰি বৃদ্ধি কৰা নাই যাৰ ফলত ১৮টা অনুসূচিভুক্ত প্রায় ১০ লাখ শ্রমিকে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। অতি সম্প্ৰতি ১১ লাখ চাহ বনুৱাৰ বাবে চৰকাৰে মাত্ৰ দৈনিক ২৭ টকা বৃদ্ধি কৰি প্ৰতাৰণাৰ নিদৰ্শন দাঙি ধৰিলে। ব্যক্তিগত মালিকানাধীন কাৰখানাবোৰত প্ৰচলিত শ্রম আইন প্রয়োগৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা নির্লিপ্ত ভূমিকাৰ স্বৰূপক নঙঠা কৰি দেখুৱালে মইনা নায়ক আৰু ক্ষনিধৰ কলিতাৰ ঘটনাই। শ্রম আইনৰ সামান্য সুবিধাৰ পৰাও বঞ্চিত কৰি ৰখাৰ বাবে বিভিন্ন প্ৰকাৰৰ কূট কৌশল অৱলম্বন কৰি চৰম শোষণ চলাই আছে এই অসমত। এইদৰে শ্ৰমিক নেতাজনে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। লগতে অহা ১ছেপ্টেম্বৰত CITUৰ আহ্বানত গুৱাহাটীৰ ৰটাৰী ক্লাৱত অনুষ্ঠিত হ’ব বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি সদৰি কৰিছে সংবাদমেলযোগে। উল্লেখ্য যে মূলতঃ ৫টা দাবীৰ ওপৰত হ’ব এই বিক্ষোভ কাৰ্যসূচী। সেই দাবী সমূহ হ’ল-শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী ২১ হাজাৰ টকা ধাৰ্য কৰা, অঙ্গনবাড়ী কর্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীক মাননিৰ সলনি মজুৰি দিয়া, চাহ শ্রমিকক দৈনিক মজুৰি ৩৫১ টকাকৈ আদায় দিয়া, নিৰ্মাণ আৰু মটৰ শ্রমিকসহ সকলো শ্রমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰা আৰু ঠিকা শ্রমিকৰ সমান কামৰ সমান মজুৰি নিশ্চিত কৰা।