অসমৰ চৰকাৰী তথা ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবোৰ বন্ধ কৰা আৰু অসমীয়া, বড়ো, ৰাভা, কাৰ্বিকে ধৰি ৰাজ্যৰ থলুৱা ভাষা-সংস্কৃতি নিঃশেষ কৰাৰ বাবে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চলোৱা ষড়যন্ত্রৰ বিৰুদ্ধে একগোট হ’ল অসমৰ প্ৰায় সকলোকেইটা বিৰোধী ৰাজনৈতিক দল। বৃস্পতিবাৰে চি পি আই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ কাৰ্যালয়ত আঞ্চলিক গণমৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ সভাপতিত্বত বিৰোধী দলসমূহৰ এখন যৌথ সভা অনুষ্ঠিত হৈ যায়। চি পি আই(এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইচফাকুৰ ৰহমানে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ তথা সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত, চি পি আইৰ ৰাজ্যিক সম্পাদক মুনিন মহন্ত আৰু নেতা বিপুল তালুকদাৰ, আম আদমী পাৰ্টিৰ নেতা আমিৰ হুছেইন আৰু শৈলেন কলিতা, ৰাইজৰ দলৰ মুখপাত্ৰ ৰাছেল হুছেইন, এন চি পি দলৰ সাধাৰণ সম্পাদক পৰেশ বৰুৱা, চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য নিৰংকুশ নাথ, আঞ্চলিক গণমৰ্চাৰ নেতা প্ৰণৱজ্যোতি চেতিয়াকে ধৰি দলকেইটাৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে। সভাত অংশগ্ৰহণকাৰী আটাইকেইটা দলৰ প্ৰতিনিধিয়ে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত ব্যৰ্থতা ঢাকি ৰাখি বিভিন্ন অজুহাতত চৰকাৰী শিক্ষানুষ্ঠানবোৰ বন্ধ আৰু স্কুলীয়া পৰ্যায়তো গণিত, বিজ্ঞান আদি বিষয়ত ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰা সিদ্ধান্তৰ প্ৰতিবাদ কৰাৰ লগতে চৰকাৰী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন সংগঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ জনবিৰোধী শিক্ষানীতিৰ জৰিয়তে ৰাজহুৱা শিক্ষাব্যৱস্থা ধ্বংস কৰি শিক্ষাৰ বেচৰকাৰীকৰণ তথা ব্যক্তিগতকৰণক অধিক উৎসাহিত কৰাৰ উপৰি থলুৱা ভাষা-সংস্কৃতিকো নিঃশেষ কৰিব বিচৰা হৈছে বুলি প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে। সভাত চি পি আই (এম এল)ৰ প্ৰতিনিধি উপস্থিত থাকিব পৰা নাছিল যদিও সিদ্ধান্তসমূহৰ প্ৰতি পূৰ্ণ সমৰ্থন জ্ঞাপন কৰি আৰু ঐক্যবদ্ধ আন্দোলনৰ অংশীদাৰ হ’ব বুলি জনিবলৈ দিয়ে। ৰাজ্যত চৰকাৰী শিক্ষাৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ দাবীত ঐক্যবদ্ধ আন্দোলনৰ অংশীদাৰ হোৱাৰ বাবে অন্যান্য বিৰোধী আঞ্চলিক আৰু ধৰ্মনিৰপেক্ষ দল-সংগঠন আৰু শিক্ষাপ্ৰেমী জনসাধাৰণৰ প্রতিও সভাই আহ্বান জনায়।