• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

কিয় সন্মানীয় ৰমন মেগছেছে বঁটা প্ৰত্যাখ্যান কৰিলে CPI(M) নেত্ৰী কে কে শ্বেলাজাই?

News Desk by News Desk
September 5, 2022
in ৰাজনীতি
Share on FacebookShare on Whatsapp

বিভিন্ন বাতৰিৰ প্ৰকাশিত তথ্য অনুসৰি কেৰালাৰ ৰাজহুৱা স্বাস্থ‍্যখণ্ডৰ আমূল পৰিৱৰ্তন অনাৰ লগতে ক’ৰ’ণা ভাইৰাছ, নিপাহ ভাইৰাছ আদিৰ দৰে ভয়াৱহ ভাইৰাছৰ বিৰুদ্ধে দৃঢ়তাৰে মোকাবিলা কৰাৰ বাবে কেৰালাৰ LDF চৰকাৰৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা CPI(M) দলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য কে কে শ্বেলাজাক ২০২২ বৰ্ষৰ ৰমন মেগছেছে বঁটাৰ বাবে মনোনীত কৰি বঁটা প্ৰদানকাৰী সংস্থাৰ পৰা তেওঁলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছিল। পিছে বাওঁপন্থী নেত্ৰীগৰাকীয়ে এই বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

উল্লেখ্য যে ১৯৫৮ চনৰ পৰা নিউ ইয়ৰ্ক চহৰৰ ‘ৰকেফেলৰ ব্ৰাডাৰচ ফাণ্ড’ নামৰ এটি সংস্থাই ফিলিপাইনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ নামত এই বঁটা সাংবাদিকতা, লেখা মেলা, সামাজিক সেৱা আদিৰ বাবে এছিয়া মহাদেশৰ  বিভিন্ন ব্যক্তিক প্ৰদান কৰি আহিছে। ৰমন মেগছেছে বঁটাক কোনোৱে এছিয়াৰ ন’বেল পুৰস্কাৰ হিচাপেও মান্যতা দিছে। পিছে এইবাৰ এই বঁটাৰ বাবে মনোনীত হোৱা কেৰালাৰ মাট্টনুৰ বিধানসভাৰ পৰা নিৰ্বাচিত ৬৫ বছৰীয়া কে কে শ্বেলাজাই এই বঁটা অস্বীকাৰ কৰে।

K K Shailaja

বঁটা গ্ৰহণ নকৰাৰ তিনিটা মূল কাৰণ :

বঁটাৰ বাবে মনোনীত হোৱাৰ খবৰ পাই শ্বেলাজাই তেওঁৰ দল ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ৰ শীৰ্ষ নেতা সকলৰ লগত আলোচনা কৰে। এই আলোচনাৰ অন্তত তেখেতে এই বঁটা গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে সাংবাদিকসকলে প্ৰশ্ন কৰাত বঁটা গ্ৰহণ নকৰাৰ সিদ্ধান্তৰ পক্ষে তিনিটা মূল কাৰণৰ কথা উল্লেখ কৰে।

প্ৰথম কাৰণ : কেৰালাৰ বাওঁপন্থী চৰকাৰে কৰা ৰাজহুৱা  শিক্ষা আৰু স্বাস্থ্যৰ আমূল পৰিৱৰ্তনৰ কথা সৰ্বজনবিদিত। ই এক সমূহীয়া প্ৰচেষ্টাৰ ফল। এয়া কেৱল এজন ব্যক্তিৰ বাবে হোৱা কথা নহয়, ই সম্ভৱ হৈছে  বিকল্প ৰাজনৈতিক নীতিৰ বাবে। ইয়াৰ বাবে কেৱল  কে কে শ্বেলাজা নহয়, কেৰালাৰ বাওঁপন্থী চৰকাৰ আৰু বিশেষকৈ তেওঁলোকৰ স্বাস্থ্য বিভাগে মান্যতা পোৱা উচিত।

দ্বিতীয় কাৰণ : ৰমন মেগছেছে বঁটা ফিলিপাইনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ নামত দিয়া হয়। ৰমন মেগছেছে নিজেই এজন কমিউনিষ্ট বিৰোধী লোক আছিল । তেখেতৰ শাসনকালত  কমিউনিষ্ট আন্দোলন দৃঢ়ভাবে দমন কৰা হৈছিল। সেয়ে এজন কমিউনিষ্টৰ বাবে তেওঁৰ নামত দিয়া বঁটা আদৰ্শগত ভাবে বিৰোধী কথা বুলি তেওঁ কয়।

তৃতীয় কাৰণ : ৰমন মেগছেছে বঁটা সাধাৰণতে কোনো ৰাজনৈতিক ব্যক্তিক দিয়া নহয়। বিশেষকৈ যিসকল এতিয়াও ৰাজনীতিৰ সৈতে সক্ৰিয়ভাৱে জড়িত আজিলৈ তেনে কোনো ব্যক্তিক এই বঁটা দিয়া হোৱা নাই। কে কে শ্বেলাজা যিহেতু CPI(M) দলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য সেয়ে এই বঁটা তেওঁ নলয় বুলি পাৰ্টিয়ে সিদ্ধান্ত লয়।

উল্লেখ্য যে একেই কথা শ্বেলাজাইও সাংবাদিকসকলৰ আগত কয়। Time of Indiaত প্ৰকাশিত খবৰ অনুসৰি এই বিষয়ে প্ৰশ্ন সোধাত তেওঁ কয়,

“The NGOs may not be in favour of the Communist ideology. And hence it was not right that I receive it as an individual because I was considered for something which was actually part of a collective effort. So, I decided not to accept the award. I thanked them and politely refused the award saying I was not interested in receiving it in an individual capacity.”

As Published in TOI

ৰমন মেগছেছে বঁটা এতিয়ালৈ এছিয়াৰ অন্যান্য দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰখ্যাত ব্যক্তিয়ে লাভ কৰিছে। ইয়াৰে ভিতৰত মাদাৰ টেৰেছা, জয়প্ৰকাশ নাৰায়ণ, সত্যজিৎ ৰয়, ভাৰগেজ কুৰেইন, মহেশ্বতা দেৱী, অৰবিন্দ কেজৰীৱাল, আৰ কে লক্ষ্মণ, পি চাইনাথ, ৰবিছ কুমাৰ আদিৰ দৰে ব্যক্তিয়ে লাভ কৰিছে।

কে কে শ্বেলাজাই এই বঁটা প্ৰত্যাখ্যান কৰাৰ অন্তত তেওঁৰ আদৰ্শ আৰু তেওঁৰ দলৰ নীতিৰ কথা জড়িত হৈ আছে।

এই বঁটা প্ৰত্যাখ‍্যানৰ পিছতেই দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। কোনোৱে কে কে শ্বেলাজাৰ এই সিদ্ধান্তই তেখেতৰ আদৰ্শগত স্থিতি সবল কৰিছে বুলি মত প্ৰকাশ কৰিছে। অন্যদিশে আন কিছুমানে এয়া তেওঁৰ আৰু তেওঁৰ দলৰ ঐতিহাসিক ভুল সিদ্ধান্ত বুলি সমালোচনা কৰিছে। জ্যোতি বসুয়ে প্ৰধানমন্ত্ৰী পদ প্ৰত্যাখ্যান কৰাৰ দৰে এয়া CPI(M)ৰ  দ্বিতীয় ঐতিহাসিক ভুল বুলি কোনোৱে মত প্ৰকাশ কৰে।
এই সকলৰ পাছতো আজিৰ ৰাজনৈতিক জগতত, য’ত নেতা মন্ত্ৰীয়ে বঁটা-সন্মানৰ পিছত দৌৰি ফুৰা খবৰ আহে , নিজে টকা খৰচ কৰি বঁটা ‘ক্ৰয়’ কৰাৰ অভিযোগ উঠে, তেনে সময়ত ৰমন মেগছেছে বঁটাৰ দৰে সন্মানীয় বঁটা আদৰ্শগত কাৰণত প্ৰত্যাখ্যান কৰা সঁচাই আজিৰ ৰাজনৈতিক জগতৰ এক বিৰল দৃশ্য।

Previous Post

কাঁ কথাছবি মহোৎসৱত সংগঠনৰ বৈষম্যমূলক আচৰণ

Next Post

এয়াইতো মমতা, বিজেপিক লৈ কঠোৰ দিদিৰ মুখত আৰএছএছৰ প্ৰশংসা…

Related Posts

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ
ৰাজনীতি

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ

July 21, 2023
লোকসভা সচিবালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ সাংসদ পদ।
ৰাজনীতি

লোকসভা সচিবালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ সাংসদ পদ।

March 24, 2023
ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।
ৰাজনীতি

ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।

March 7, 2023
Next Post
এয়াইতো মমতা, বিজেপিক লৈ কঠোৰ দিদিৰ মুখত আৰএছএছৰ প্ৰশংসা…

এয়াইতো মমতা, বিজেপিক লৈ কঠোৰ দিদিৰ মুখত আৰএছএছৰ প্ৰশংসা...

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.