ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই নামভৰ্তিৰ মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে স্নাতকোত্তৰ মহলা ছাত্র একতা সভাই আৰম্ভ কৰা প্ৰতিবাদ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন কলেজলৈ সম্প্ৰসাৰিত হয়। উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নাম ভৰ্তিৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত 23 আগষ্টৰ পৰাই স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাই।একেসময়তে, চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়টো অব্যাহত আছে প্ৰতিবাদ। ২৪ আগষ্টৰ পৰা ছাত্র একতা সভাৰ নেতৃত্বত মহাবিদ্যালয়ৰ প্ৰবেশদ্বাৰৰ সন্মূখত ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে মাচুলবৃদ্ধি হ্ৰাসৰ সম্পর্কে কোনো স্থিতি গ্ৰহণ কৰা নাই মহাবিদ্যালয়ৰ কতৃপক্ষই। শুক্রবাৰে বিশ্ববিদ্যালয় খনৰ অন্তৰ্গত বহু কেইখন মহাবিদ্যালয়- ডিব্ৰুগড়ৰৰ কানৈ মহাবিদ্যালয়, তিনিচুকীয়া মহাবিদ্যালয়, টিংখাং মহাবিদ্যালয়, মৰাণ মহাবিদ্যালয় , নামৰূপ মহাবিদ্যালয়, ডুমডুমা মহাবিদ্যালয় , চিলাপথাৰ মহাবিদ্যালয়, কমাৰগাঁও মহাবিদ্যালয় , দেৱৰাজ ৰয় মহাবিদ্যালয়কে ধৰি কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে মাচুল বৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা আৰু বিক্ষোভ কাৰ্যসূচী পালন কৰে। সমান্তৰাল ভাৱে বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাই অনশন কাৰ্যসূচী পালন কৰে। এতিয়া প্ৰশ্নটো হল-কিয় ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠান সমূহত কিয় বৃদ্ধি পাব ধৰিছে নাম ভৰ্তিৰ মাচুল? শিক্ষা খণ্ডত চৰকাৰে বাজেটৰ অংশ কৰ্তন কৰি ছাত্ৰ- ছাত্ৰীৰ পৰা টকা লৈ শিক্ষা প্রতিষ্ঠানসমূহ উদ্ধাৰ কৰিব বিচাৰিছে নেকি?