ভুৱা সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ নামত ধন আত্মসাত্, শিক্ষা বিভাগক উচিত তদন্তৰ দাবী তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমৰ জ্যোতি গোঁহাইৰ
তিনিচুকীয়াত সংঘটিত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগত ছাত্ৰ-ছাত্ৰীৰ নামত ব্যাপক কেলেংকাৰীৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে, শেহতীয়াকৈ তিনিচুকীয়া জিলা খনৰ দুখনকৈ শিক্ষানুষ্ঠানৰ নামত চলি থকা ভয়ানক কু-কীৰ্তিৰ কথা পোহৰলৈ আহিছে। ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগত এটা কু-চক্ৰই চক্ৰান্তৰে ধন হৰলুকি কৰি থকাৰ তথ্য পোহৰলৈ অহাৰ পিছতে এতিয়া জিলাখনত তোলপাৰ লাগিছে। দুষ্ট চক্ৰটোৱে শিক্ষানুষ্ঠনখনৰ কতৃপক্ষৰ অজ্ঞাতে শিক্ষাবৃত্তিৰ নামত বহু টকা হৰলুকী কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। পেঙেৰীস্থিত বুঢ়ীদিহিং কনিষ্ঠ মহাবিদ্যালয়ৰ ডাইচ ক’ড ১৮১৪০৩০১০০৫ ব্যৱহাৰ কৰি চক্ৰটোৱে ছাত্ৰ বৃত্তিৰ টকা হৰলুকী কৰিছে। ২০২০ চনৰ ১৬ নৱেম্বৰত কনিষ্ঠ মহাবিদ্যালয় কৰ্তৃপক্ষই ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ সঞ্চালকলৈ ২০২০-২১ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় ছাত্ৰ বৃত্তি প’ৰ্টেল ইউজাৰ আই ডি আৰু পাছৱৰ্ড বিচাৰি নিৰ্দিষ্ট ফৰ্মেটত অনলাইন যোগে আৱেদন জনাইছিল, আৱেদনৰ ভিত্তিত মহাবিদ্যালয়ৰ কতৃপক্ষই তথ্য সমূহো লাভ কৰিছিল। উল্লেখযোগ্য যে দুবছৰে ছাত্ৰবৃত্তিৰ বাবে শিক্ষানুষ্ঠানখনে ছাত্ৰ-ছাত্ৰীৰ নাম আৰু তালিকাসহ প্ৰয়োজনীয় তথ্যপাতি পঠোৱাৰ পাছতো ছাত্ৰবৃত্তি পোৱা নায়।
চলিত বছৰত বিভাগৰ ফালৰ পৰা অহা এটা হিচাপ পৰীক্ষকৰ দলে তিনিচুকীয়াৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়লৈ কনিষ্ঠ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক মতাই নিয়াৰ পাছতহে ওলাল উৰহী গছৰ ওৰ। হিচাপ পৰীক্ষকৰ দলে কনিষ্ঠ মহাবিদ্যালয়ৰ নাম, ডাইচ ক’ড, আদি উল্লেখ থকা ২০ জনীয়া ছাত্ৰ-ছাত্ৰীৰ বিৱৰণিৰ এখন তালিকা অধ্যক্ষাৰ আগত দাঙি ধৰে, কিন্তু সেই তালিকা খনত উল্লেখ থকা নামসমূহ দেখি অধ্যক্ষা চকু কপালত উঠিল।
পৰৱৰ্তী সময়ত অধ্যক্ষাই তালিকাত উল্লেখ থকা নাম সমূহৰ এজনও ছাত্ৰ- ছাত্রী সেইখন শিক্ষানুষ্ঠানৰ নহয় বুলি লিখিত ভাৱে জানিবলৈ দিয়ে হিচাপ পৰিক্ষকৰ দলটোক।
আনহাতে তাৎপর্যপূর্ণ কথাটো হ’ল যে উক্ত তালিকাত উল্লেখিত উপাধিৰ এগৰাকীও ছাত্ৰ-ছাত্ৰী পেঙেৰীৰ সেই শিক্ষানুষ্ঠানখনত নায়। তাটোতকৈ আশ্চৰ্যজনক কথাটো হল যে বুঢ়ীদিহিং কনিষ্ঠ মহাবিদ্যালয়ে স্ক’লাৰশ্বিপৰ প’ৰ্টেলটো খুলিছিল ২০২০ চনৰ নৱেম্বৰ মাহত, কিন্তু উক্ত তালিকাত অন্তৰ্ভুক্ত নামসমূহৰ বিপৰীতে স্ক’লাৰশ্বিপ প্ৰদানৰ শৈক্ষিক বৰ্ষ হ’ল ২০১৭-১৮ আৰু ২০১৮-১৯, অৰ্থাৎ প’ৰ্টেল খোলাৰ তিনি বছৰৰ পূৰ্বৰে পৰা উক্ত শিক্ষানুষ্ঠাৰ নাম আৰু ক’ড ব্যৱহাৰ কৰি দু- চক্ৰটোৱে ভূৱা ছাত্ৰ-ছাত্ৰীৰ নামত ছাত্ৰবৃত্তিৰ ধন সৰকাই থকাৰ কথাটো স্পষ্ট হৈ পৰিছে। আনহাতে পৰীক্ষক হিচাপে বাহিৰৰ পৰা অহা দলটোৰ মতে ইয়াৰ পূৰ্বেও শিক্ষানুষ্ঠানটোৰ নামত ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰি আহিছে সেই চক্ৰটোৱে। পেঙেৰী অঞ্চলৰ ব্ৰহ্মাজান-অম্বিকাপুৰত থকা গায়ত্ৰী ইংলিছ একাডেমিৰ ডাইচক’ড ১৮১৪০৩৩৩১০৩ ব্যৱহাৰ কৰিও সেই চক্ৰটোৱে বূঢ়ীদিহিং কনিষ্ঠ মহাবিদ্যালয়ৰ দৰেই বিশজনীয়া অজ্ঞাত ছাত্ৰ-ছাত্ৰীৰ নাম অন্তৰ্ভুক্ত কৰি টকা হৰলুকী কৰি আহিছে।
একে ঠাইৰে দুখন বিদ্যালয়ত সংঘটিত হৈ থকা এই ভয়ংকৰ কেলেংকাৰীৰ নমুনাই সমগ্ৰ অসম খনতে দীৰ্ঘ বছৰ ধৰি বিভাগটোত দুৰ্নীতি চলি থকাৰ প্ৰমাণ দিছে।
এতিয়া কথাটো হ’ল, বিদ্যালয়ৰ পৰিদৰ্শক বা দায়িত্বপ্রাপ্ত বিভাগৰ চকুৰ তলতেই কেনেদৰে সংঘটিত হবলৈ পালে এনে কেলেংকাৰী? নে আন বিদ্যালয়ৰ তথ্য ব্যৱহাৰ কৰি দুষ্টচক্ৰটোৱে বছৰি কোটি কোটি টকা হৰলুকী কৰি আহিছে আৰু যাৰ ফলত অসংখ্য যোগ্য ছাত্ৰ-ছাত্ৰীয়ে ছাত্ৰবৃত্তি লাভৰ পৰা বঞ্চিত হৈ আহিছে।
এতিয়া প্ৰশ্ন উত্থান হৈছে এই দুৰ্নীতিৰে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ উপৰি ৰাজ্যখনৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ লোকো জড়িত হৈ আছে নেকি?
এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি শ্ল’গান দি থকা অসম চৰকাৰে বিভাগটোৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰে নে নকৰে সেয়া সময়েহে প্ৰমাণ কৰিব। আনহাতে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমৰ জ্যোতি গোঁহাইয়ে শীঘ্ৰেই এক উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে,এই ঘটনাৰ লগত জড়িত আৰু এই ঘটনাৰ আঁৰত জড়িত প্ৰতিগৰাকী দোষী ব্যক্তিক কৰায়ত্ত কৰাৰ লগতে উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰাৰ লগতে অন্যান্য কোনো শিক্ষানুষ্ঠানতো তেনে ধৰণৰ ঘটনা সংঘটিত হৈছে নেকি? সেই সম্পৰ্কেও অনুসন্ধান কৰিবলৈ দাবী জনোৱাৰ লগতে ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা পুনৰায় তিনিচুকীয়া জিলাত সংঘটিত হ’ব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰীক দাবী জনায়৷