বৰ্ষীয়ান কংগ্ৰেছী নেতা তথা প্ৰাক্তন ৰাজ্যসভাৰ বিৰোধী নেতা গোলাম নবী আজাদে আজি এক পত্ৰৰ যোগে কংগ্ৰেছ দল ত্যাগ কৰে। উল্লেখ্য যে কেইদিনমান আগতে গোলাম নবী আজাদ ডাঙৰীয়াই জম্মু কাশ্মীৰ কংগ্ৰেছ কমিটিৰ কিছু পদৰ পৰাও ইস্তফা দিছিল ।
ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীলৈ লিখা এখন পাঁচ পৃষ্ঠাৰ চিঠিৰ যোগে আজি নেতা জনে দল ত্যাগ কৰে।
Hindustan Times ত প্ৰকাশিত ৰিপোৰ্ট অনুসৰি আজাদ ডাঙৰীয়াই নিজৰ পত্ৰৰ যোগেৰে ৰাহুল গান্ধীৰ নেতৃত্বত প্ৰশ্ন উত্থাপন কৰি কয়, “This all happened because the leadership in the past 08 years has tried to foist a non-serious individual at the helm of the party.”
১৯৭৩ চনত ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে কাম আৰম্ভ কৰা গোলাম নবী আজাদ জম্মু আৰু কাশ্মীৰৰ সপ্তম মুখ্যমন্ত্ৰী আছিল।