অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰৰ স্বাক্ষৰিত জাননি যোগে বিভিন্ন জিলাৰ বাবে কেবিনেট মন্ত্ৰী সকলক অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব দিয়ে। সেই মৰ্মে কিছুদিনৰ আগতে কেবিনেত মন্ত্ৰী হিচাপে শপত লোৱা জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাকো নতুনকৈ দায়িত্ব প্ৰদান কৰে।
অতুল বৰা- কামৰূপ(ম) আৰু উত্তৰ লক্ষিমপুৰ
ৰঞ্জিত কুমাৰ দাস- বঙাইগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া
পীয়ূষ হাজৰিকা- শোণিতপুৰ, বিশ্বনাথ, কৰিমগঞ্জ
কেশৱ মহন্ত- মৰিগাঁও, গোলাঘাট আৰু দক্ষিণ শালমাৰা
পৰিমল শুক্লবৈদ্য- নগাঁও, হোজাই
অজন্তা নেওগ- যোৰহাট, নলবাৰী
ৰণোজ পেগু- শিৱসাগৰ, মাজুলী, বৰপেটা
অশোক সিংঘাল- কোকৰাঝাৰ, গোৱালপাৰা
জয়ন্তমল্ল বৰুৱা- কাছাৰ, ধুবুৰী, হাইলাকান্দি
চন্দ্ৰমোহন পটোৱাৰী- কামৰূপ, দৰং
যোগেন মোহন- কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমাহাচাও
বিমল বৰা- চৰাইদেউ, ওদালগুৰি,
নন্দিতা গাৰ্লোচা- বাক্সা, বজালী
ঊৰ্খাও গৌৰা ব্ৰহ্ম- চিৰাং, তামুলপুৰ
সঞ্জয় কিষাণ- ধেমাজী