শ্ৰমিক বিৰোধী ৪ খন শ্ৰম সংহিতা আৰু শ্ৰমিক সম্পৰ্কীয় বিষয়টো ভাৰতৰ সংবিধানৰ উমৈহতীয়া তালিকাৰ অন্তৰ্গতকৰণৰ বিষয়ে । ভাৰতৰ সংবিধানে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চকাৰকে শ্ৰম আইন প্ৰণয়ন কৰাৰ অধিকাৰ দিছে । অৱশ্যে শ্ৰম সম্পৰ্কীয় কিছুমান বিষয় কেন্দ্ৰীয় চৰকাৰৰ বাবে সংৰক্ষিত কৰি ৰখা আছে ।
বিজেপি দলে চৰকাৰৰ শাসনভাৰ হাতত লৈয়ে ভাৰতৰ শ্ৰম আইন সমূহৰ আধুনীকিকৰণ আৰু সৰলীকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে । আইন সমূহ শ্ৰমিক শ্ৰেণীৰ বাবে অধিক সুবিধাজনক কৰাৰ প্ৰয়োজন বুলি চৰকাৰে কৈ আহিছে কিন্তু চৰকাৰে ২৯খন কেন্দ্ৰীয় শ্ৰম আইন সংলগ্ন কৰি চাৰিখন শ্ৰম সংহিতা প্ৰৱৰ্তন কৰিছে সেইটো লৈ ভাৰতৰ শ্ৰমিক শ্ৰেণী অসন্তুষ্ট । শ্ৰমিক সংগঠন সমূহে যৌথ বিবৃতিৰ জড়িয়তে শ্ৰম সংহিতা কেইখন উঠাই লবলৈ চৰকাৰক দাবী জনাইছে ।
শ্ৰমিক সংগঠনসমূহৰ মতে চৰকাৰে কোনো ধৰণৰ আলাপ- আলোচনা নকৰাকৈ স্বৈৰতান্ত্ৰিক ভাৱে শ্ৰমিক স্বাৰ্থ বিৰোধী বহু বিষয় সন্নিবিষ্ট কৰি শ্ৰম সংহিতা চাৰিখন সদনত অনুমোদিত কৰি লৈছে ।
প্ৰচলিত গণতান্ত্ৰিক পদ্ধতি অনুসৰি শ্ৰমিক আৰু মালিক উভয় পক্ষৰ স্বাৰ্থ জড়িত থকা শ্ৰম আইনৰ ক্ষেত্ৰত ত্ৰিপাক্ষিক আলোচনা বা বিশেষ কমিটিৰ দ্বাৰা উভয় পক্ষৰ শুনানী লোৱা হ’য় । আইনৰ বিষয়বস্তু সদনত আলোচনা আৰু বিতৰ্ক হোৱাৰ পাছত সদনৰ অনুমোদন হলেহে আইনখন গ্ৰহণ কৰা হ’য় । কিন্তু ২৯খন শ্ৰম আইনক চাৰিখন শ্ৰম বিধিলৈ প্ৰৱৰ্তন কৰাৰ সময়ত চৰকাৰে গণতান্ত্ৰিক পৰম্পৰা সম্পূৰ্ণ বিসৰ্জন দি সদনত গৃহীত কৰাই ললে ।
এই চাৰিখন শ্ৰম-সংহিতা হ’ল ১) মজুৰি সংক্ৰান্তীয় বিধি ২) সামাজিক সুৰক্ষা বিধি ৩) উদ্যোগিক বা শিল্প সম্পৰ্কীয় বিধি আৰু ৪) বৃত্তিগত সুৰক্ষা, স্বাস্থ্য তথা কৰ্ম পৰিবেশ বিধি ।
শ্ৰমিকৰ মজুৰি সংক্ৰান্তীয় শ্ৰম সংহিতাখন বিৰোধী পক্ষই সদন ত্যাগ কৰি থকাৰ সময়ত – বিৰোধী উপস্থিত নথকাৰ সুযোগত নিয়মবহিৰ্ভূত ভাৱে ২০১৯ চনত সদনত পাছ হয়। বিৰোধীৰ সংশোধনক নস্যাৎ কৰি অগণতান্ত্ৰিক পদ্ধতিৰে বাকী তিনিখন শ্ৰম সংহিতাও ২০২০ চনত সদনত অনুমোদন কৰোৱা হ’য় । কোভিড পৰিস্থিতিৰ বাবে ট্ৰেড ইউনিয়ন সমূহেও সেই সময়ত প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিলে যদিও চাৰিওখন শ্ৰম সংহিতা শ্ৰমিকৰ বাবে গ্ৰহণযোগ্য নহ’য় কাৰনে চৰকাৰক ৰূপায়ণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ।
আন্তৰ্জাতিক শ্ৰমিক সংঘ (ILO) ৰ নিয়ম অনুসাৰে ত্ৰিপাক্ষিক আলোচনা আৰু সন্মতিৰে দেশসমূহে শ্ৰম আইন প্ৰস্তুত কৰিব লাগে । ভাৰত চৰকাৰও ILO ৰ সদস্য । কিন্তু এইক্ষেত্ৰত ভাৰত চৰকাৰে ILO ৰ নিয়ম মনা নাই । আনহাতে ভাৰতৰ ৫০ কোটি শ্ৰমিকৰ স্বাৰ্থ জড়িত হৈ আছে এই শ্ৰম বিধি সমূহৰ লগত, সেয়েহে চৰকাৰে শ্ৰম সংহিতা কেইখন ৰূপায়ণৰ পূৰ্বে শ্ৰমিক সংগঠন সমূহৰ লগত বিষদ আলোচনা কৰাৰ প্ৰয়োজন আছিল ।
চাৰিখন শ্ৰম সংহিতাকলৈ শ্ৰমিক সংগঠন সমূহৰ আপত্তি সমূহ কি কি সেইয়া চমুকৈ আপোনালোকক অৱগত কৰিব বিচাৰিছো।
প্ৰথমে মজুৰি সম্পৰ্কীয় বিধি কথা অৱগত কৰিব বিচাৰিছো। এই বিধিত শ্ৰমিকৰ নূন্যতম মজুৰি কিমান হ’ব সেইটো নিৰ্দ্ধাৰণ কৰা নাই । কৰ্মচাৰী সকলে কিবা কাৰণত কৰ্তব্য পালন কৰিব নোৱাৰিলে, মালিকপক্ষই মজুৰি দিয়াৰ পৰা ৰেহাই পাব । কৰ্মচাৰী এজন কিবা অসুবিধাত পৰি কামৰ গতি কমিলে স্বেচ্ছাচাৰীভাৱে মালিকপক্ষই মজুৰি কৰ্তন কৰিব পাৰিব । ইয়াৰ উপৰিও কৰ্মচাৰীৰ কৰ্তব্য পালন আৰু কামৰ গতি কমাৰ আজুহাতত বোনাচ কমাই দিয়াৰো অধিকাৰ থাকিব মালিক পক্ষৰ হাতত। মজুৰি সংহিতাৰ এই নিয়ম সমূহে ঠিকাদাৰ আৰু মালিক সকলকহে উপকৃত কৰিব আৰু ইয়াৰ বিপৰীতে শ্ৰমিক সকল বহু পৰিমাণে হাৰাশাস্তিৰ সন্মুখীন হব।
সামাজিক সুৰক্ষা বিধিত শ্ৰমিকৰ সুৰক্ষাৰ বিষয়টো অধিকাৰ হিচাবে স্বীকৃতি দিয়া নাই । ২০ জনতকৈ অধিক শ্ৰমিক থকা উদ্যোগ-প্ৰতিষ্ঠান সমূহতহে ভৱিষ্যনীধি আঁচনিসমূহ বাধ্যতামূলক কৰাৰ বাবে বহুতো শ্ৰমিক এই সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব।
উদ্যোগিক সম্পৰ্কীয় বিধিত শিল্প বিবাদ, ট্ৰেড ইউনিয়নৰ অধিকাৰ, শ্ৰমিকক কামৰ পৰা আতঁৰাই দিয়া, হঠাৎ কাৰখানা বন্ধ ঘোষণা আদি বিষয়ৰ বিধি সমূহ আছে । এই বিধি সমূহ ৩০০তকৈ অধিক শ্ৰমিক নিযুক্ত উদ্যোগ সমূহতহে প্ৰযোজ্য হ’ব । ৩০০ তকৈ কম শ্ৰমিক থকা উদ্যোগ প্ৰতিস্থানত শ্ৰমিকক যিকোনো সময়তে যিকোনো মূহুৰ্তত মালিকে কামৰ পৰা খেদিব পাৰিব । শ্ৰমিক সকল ট্ৰেড ইউনিয়ন কৰাৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব । ভাৰতৰ ৪৫ কোটি শ্ৰমিকৰ ভিতৰত প্ৰায় ৯০% উদ্যোগ প্ৰতিস্থানতে নিয়োজিত শ্ৰমিক ৩০০ জনৰ তলত । দেখদেখকৈ মালিক সকলকহে সহায় কৰিব এই বিধিখনে, মালিক পক্ষৰ Hire and Fire ৰ সুবিধা বৃদ্ধি কৰিছে । শ্ৰমিকৰ ধৰ্মঘট কৰাৰ ক্ষেত্ৰত কিছুমান প্ৰাথমিক পদ্ধতি ধৰি দিয়া হৈছে । এই পদ্ধতি মতে যদি ধৰ্মঘট নহ’য় তেতিয়া হ’লে ধৰ্মঘট বে-আইনী বিবেচিত হ’ব । বে-আইনী বিবেচিত ধৰ্মঘটকাৰী শ্ৰমিকৰ পৰা ক্ষতিপূৰণ আদায় কৰিব পাৰিব । তাৰোপৰি, মালিকপক্ষৰ ইচ্ছা অনুসৰি নিয়োগ আৰু বিতাৰণ কৰাৰ অধিকাৰ দিয়া হৈছে । আনহাতে,নিয়োগকাৰীক নিৰ্দিষ্ট সময় ধৰি নিয়োগ কৰা ক্ষমতা অৰ্থাৎ Fixed Term employment system আইনখনত আছে । মালিকপক্ষৰ সিদ্ধান্ত ভূল বুলি বিবেচিত হ’লেও মালিক পক্ষৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থাৰ কথা বিধিখনত নাই । এই সকলো ক্ষেত্ৰতে দেখা যায় শ্ৰমিকৰ অধিকাৰ খৰ্ব কৰি মালিক পক্ষৰ পিনে শ্ৰমিকক দমন কৰাৰ বাবে পথ মুকলি কৰি দিছে ।
বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম বিধিত স্বাস্থ্যসন্মত কৰ্মক্ষেত্ৰ, শ্ৰমিকৰ নিৰাপত্তা তথা কল্যাণৰ বিষয় সমূহ উল্লেখ আছে। এই বিধিখনত ফেক্টৰি সমূহত দুৰ্ঘটনাজনিত কাৰণত আঘাটপ্ৰাপ্ত হোৱা আৰু মৃত্যুহোৱা আদি বিষয়ৰ ১৩ খন আইন একত্ৰিত কৰাৰ ক্ষেত্ৰত বহুতো প্ৰয়োজনীয় বিষয়ৰ বিধি বাদ দিয়া হৈছে । আনহাতে ভূপালৰ গেছ দুৰ্ঘটনাৰ পাচত ফেক্টৰী আইনত অন্তৰ্ভুক্ত কৰা শাৰিৰীক ভাৱে কৰিব লগা “বিপদ শঙ্কুল পদ্ধতি” কিছুমানৰ নিষেধাজ্ঞা নতুন সুৰক্ষা বিধিত অন্তৰ্ভুক্ত হোৱা নাই বা সম্পূৰ্ণ বাদ দিয়া হৈছে । ফেক্টৰী সমূহত সঘনাই হৈ থকা দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত শ্ৰমিকৰ সুৰক্ষাৰ বাবে এই বিধিবোৰৰ প্ৰয়োজন অধিক ।
আনহাতে, বৃত্তিগত সুৰক্ষা,স্বাস্থ্য আৰু কৰ্ম পৰিবেশ (OSHWC) বিধিখন ১০ জন বা তাতোধিক শ্ৰমিক নিয়োজিত উদ্যোগ প্ৰতিস্থানতহে প্ৰযোজ্য হ’ব। গতিকে এই বিধিয়ে অতি কম সংখ্যক শ্ৰমিককহে সুৰক্ষা দিব ।ৰাজ্যচৰকাৰ সমূহে নতুনকৈ স্থাপন কৰা উদ্যোগ সমূহৰ ক্ষেত্ৰত এই বিধিৰ বাধ্যবাধকতা সমূহৰ পৰা ৰেহাই দিব পৰা সুবিধা আছে । গতিকে নতুনকৈ স্থাপিত শিল্প-উদ্যোগৰ শ্ৰমিক সকল এই বিধিৰ সুবিধাৰ পৰা বঞ্চিত হ’ব । “ব্যৱসায় কৰা সুবিধা” আৰু বৈদেশিক প্ৰত্যক্ষ বিনিয়োগ আদি আকৰ্ষণ কৰাৰ বাবে চৰকাৰে শ্ৰমিকৰ স্বাৰ্থ জলাঞ্জলি দিব বিচাৰিছে । আনহাতে নতুন শ্ৰম সংহিতাত শ্ৰমিক-কৰ্মচাৰী সমূহে দৈনিক ১২ ঘন্টাকৈ কাম কৰিলে ৩ দিন সাপ্তাহিক ছুটী আৰু দৈনিক ৮ ঘন্টাকৈ কাম কৰিলে ১দিন সাপ্তাহিক ছুটীৰ ব্যৱস্থা কৰা হৈছে । প্ৰসূতি মহিলা এগৰাকীয়ে এটা উদ্যোগত ৮০ দিনতকৈ বেচিদিন কাম কৰিলেহে ৬ মাহ প্ৰসূতি ছুটী পোৱাৰ ব্যৱস্থা কৰা হৈছে । নতুনকৈ নিয়োগ হলে প্ৰসূতি ছূটীৰ পৰা বঞ্ছিত হোৱাটো অমানৱীয় নিয়ম ।
ভাৰতৰ ৫০ কোটি শ্ৰমিকৰ প্ৰায় ৯০% শ্ৰমিকেই অসংগঠিত খণ্ডৰ শ্ৰমিক । তেওঁলোক দিন হাজিৰা কৰা, কৃষি শ্ৰমিক,ঠেলাচালক, ৰিক্সা চালক,অটোচালক, ক্ষুদ্ৰ উদ্যোগ, ব্যৱসায় প্ৰতিষ্ঠানৰ শ্ৰমিক ইত্যাদি । তেওঁলোকৰ বেচিভাগৰে সামাজিক সুৰক্ষাৰ কোনো ব্যৱস্থা নাই । শ্ৰম সংহিতা প্ৰস্তুত কৰাৰ সময়ত বিজেপি চৰকাৰে এই শ্ৰমিক সকলৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই ।
আনহাতে কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ প্ৰৱজন হোৱা শ্ৰমিকৰ ক্ষেত্ৰত প্ৰযোজ্য আন্তৰাজ্যিক প্ৰৱজক শ্ৰমিক আইন ১৯৭৯ খন নতুন শ্ৰমবিধিত সংলগ্ন কৰি দিলে প্ৰৱজন কৰা শ্ৰমিকসকলৰ বিষয়ত সিদ্ধান্ত লোৱাত অসুবিধা হ’ব বুলি শ্ৰমিক সংগঠন সমূহে মত প্ৰকাশ কৰিছে ।
এনেকুৱাকৈ বিভন্ন বিষয়ত বিসঙ্গতিৰে ভৰা শ্ৰম সংহিতা চাৰিখনে বৰ্তমানলৈ লাভ কৰি থকা বহু সুবিধাৰ পৰা শ্ৰমিকসকল বঞ্চিত হব । আনহাতে, মালিক পক্ষই শ্ৰমিকক শোষণ আৰু প্ৰবঞ্চনা কৰাত সহায়কহ হ’ব বুলি শ্ৰমিক সংগঠন সমূহে মত প্ৰকাশ কৰিছে ।
এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ শ্ৰমিক বিধি সমূহ শ্ৰমিকৰ বাবে কল্যাণকামী হ’ব লাগে । চৰকাৰে যদি শ্ৰমিক সংহিতা কেইখন উঠাই লৈ শ্ৰমিকৰ সমস্যা সমূহ আলোচনা কৰি সংশোধনৰ ব্যৱস্থা নকৰে তেনেহ’লে কৃষক আন্দোলনৰ নিচিনা তীব্ৰ জঙ্গী আন্দোলন কৰিব বুলি শ্ৰমিক সংগঠন সমূহে মত প্ৰকাশ কৰিছে ।