নীতিন গাডকাৰীক বিজেপিয়ে এলাগী কৰা বিষয়টো সম্প্ৰতি দেশৰ ৰাজনীতিত প্ৰাসংগিক হৈ পৰিছে। একালত দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ দায়িত্বত থকা গাডকাৰীক শেহতীয়াকৈ দলৰ সংসদীয় বৰ্ড আৰু কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ পৰা বাহিৰ কৰি দিয়া হৈছে। কি কাৰণত এনেদৰে বিজেপিৰ মজিয়াত গাডকাৰী গুৰুত্বহীন হৈ পৰিবলগা হ’ল সেই লৈ ৰাজনৈতিক মহলত দেখা গৈছে ব্যাপক চৰ্চা। বিজেপিৰ ভিতৰচৰাৰ খবৰ অনুযায়ী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শীৰ্ষ নেতৃত্বৰ সন্মতি অনুযায়ী গাডকাৰীক পৰ্যায়ক্ৰমে দলৰ পৰা বাহিৰ কৰিবলৈ চেষ্টা অব্যাহত আছে। সূত্ৰটোৰ মতে বিগত কিছুদিন ধৰি মোদী চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে কৰি অহা অবাঞ্চিত মন্তব্যৰ বাবেই ভিতৰি ভিতৰি অসন্তুষ্ট হৈ পৰিছে আৰএছএছ। আৰএছএছৰ লগতে বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই সময়ে সময়ে গাডকাৰীয়ে বিভিন্ন ভাষণত ৰাজনৈতিক নীতি-আদৰ্শৰ কথা কোৱাক লৈ অস্বস্তিত পৰিবলগা হৈছে। বিশেষকৈ এতিয়াৰ ৰাজনীতিত মূল্যবোধৰ অভাৱ ঘটা বুলি গাডকাৰীয়ে কৰা এক বিশেষ মন্তব্যৰ পিছতেই বিৰোধীয়ে মোদী চৰকাৰক ইয়াৰ আধাৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। এনেধৰণৰ মন্তব্যৰ বাবেই বাৰে বাৰে বিজেপি আৰু কেন্দ্ৰৰ মোদী চৰকাৰ শলঠেকত পৰিবলগা হোৱাত আৰএছএছৰ ঘনিষ্ঠ হোৱা সত্বেও গাডকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰে শীৰ্ষ নেতৃত্ব। উল্লেখ্য যে ২০১৪ চনৰ পিছৰে পৰা বিজেপিত দিনে দিনে শক্তিশালী হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু যি প্ৰতিশ্ৰুতি প্ৰদানৰ জৰিয়তে মোদীয়ে শাসনৰ বাঘজৰী লাভ কৰিছিল সেয়া সম্পূৰ্ণৰূপে পূৰণ কৰিব নোৱাৰাত বিজেপি আৰু আৰএছএছৰ একাংশ আশাহত হৈ পৰাও পৰিলক্ষিত হৈছে। আশাহত সকলৰ মাজৰ একাংশই মোদীৰ পৰিবৰ্তে নিকা ভাৱমূৰ্তিসম্পন্ন নীতিন গাডকাৰী ২০২৪ ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱা উচিত বুলিও সামাজিক মাধ্যমত প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে। এনে প্ৰচাৰক কলিতেই মোহাৰিবলৈ মোদী বাহিনীয়ে অতি কৌশলেৰে একালৰ শক্তিশালী বিজেপি নেতা গাডকাৰীক এনেদৰে পাখি কটা বুলি দাবী কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।