বিগত কেইবাবছৰ ধৰি অন্যান্য সন্থাৰ লগতে সদৌ অসম চৰকাৰী NPS কর্মচাৰী সংস্থাই বাৰম্বাৰ অসমৰ মুখ্যমন্ত্রী, বিভাগীয় মন্ত্রীক ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজৰ ক্ষেত্রত ৰাষ্ট্রীয় পেঞ্চন ব্যৱস্থা আঁতৰাই পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ বাবে আবেদন জনাই অহাৰ পাছটো আজিৰ পর্যন্ত চৰকাৰে কোনো ভূমিকা লোৱা নাই।
যাৰ পৰিপ্ৰেক্ষিতত ২২ আগষ্টত পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবীত ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী সকলে ” এদিনীয়া সর্বাত্মক কর্মবিৰতি ” কার্যসূচী পালন কৰে । উক্ত কার্যসূচীত কর্মচাৰী সকলে নিজ নিজ কার্যালয়লৈ গৈ উপস্থিতিত স্বাক্ষৰ কৰি চৰকাৰী কৰ্মৰ পৰা বিৰত থাকে, ক’লা বেজ পৰিধান কৰি নিজৰ কার্যালয়, উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ন কৰে।
লগতে সংস্থাটোৱে চেপ্তেম্বৰৰ এটা নির্দিষ্ট দিনত ৫০,০০০ শিক্ষক, বিষয়া, আৰক্ষী কৰ্মচাৰীয়ে গুৱাহাটীত ” OPS প্রাপ্তি পদযাত্রা ” পালনৰ হুংকাৰ দিয়ে ।