• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

২০ আগষ্টত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ‘ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস’ উদযাপন

News Desk by News Desk
August 21, 2022
in বিজ্ঞান
Share on FacebookShare on Whatsapp

সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্ক (AIPSN)ৰ আহ্বান মৰ্মে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ‘ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস’ পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন অঞ্চলত জ্ঞান বিজ্ঞান সমিতি অসম, ইলোৰা বিজ্ঞান মঞ্চ আৰু চি আৰ ইউৰ উদ্যোগত অন্ধবিশ্বাসৰ বিৰুদ্ধে আৰু বিজ্ঞান মানসিকতা প্ৰসাৰৰ লক্ষ্যৰে চেমিনাৰ, সভা সমিতি, শোভাযাত্ৰা, বেনাৰ প্ৰদৰ্শন, প্ৰচাৰ-পত্ৰ বিতৰণ, মানৱ শৃংখল আদিৰ মাজেৰে এই কাৰ্যসূচী ৰূপায়ণ কৰে।
২০১৩ চনৰ আজিৰ তাৰিখত দেশৰ যুক্তিবাদী তথা অন্ধবিশ্বাসবিৰোধী আন্দোলনৰ আগশাৰীৰ নেতা তথা বিজ্ঞানমনস্কতা প্ৰসাৰৰ বাবে কাম কৰা অগ্ৰণী নেতা ডাঃ নৰেন্দ্ৰ দাভোলকাৰ উগ্ৰ হিন্দুত্ববাদীৰ গুলীত নিহত হৈছিল আৰু আজিৰ দিনটোকে ২০১৮ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে।
সাম্প্ৰদায়িক শক্তিৰ হাতত মৃত্যু হোৱা দাভোলকাৰ শেষজন ব্যক্তি নহয়। ইয়াৰে পিছত
বৈজ্ঞানিক মানসিকতাৰ পক্ষে আৰু সকলো ধৰণৰ সাম্প্ৰদায়িকতা, অন্ধবিশ্বাসৰ বিৰুদ্ধে বলিষ্ঠ অৱস্থান গ্ৰহণ কৰা যুক্তিবাদী লেখক চিন্তাবিদ গোবিন্দ পানছাৰে, কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য এম এম কালবুৰ্গি, নিৰ্ভীক মহিলা সাংবাদিক গৌৰী লংকেশ এই তিনিওগৰাকী যুক্তিবাদী লেখাৰ হত্যাকাৰী আছিল উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ সৈতে জড়িত লোক।
বৰ্তমান সময়ছোৱাত দেশত দিনক দিনে অন্ধবিশ্বাস আৰু অন্ধসংস্কাৰ বৃদ্ধি পাই অহাৰ লগতে বিজ্ঞান তথা বৈজ্ঞানিক মানসিকতাৰ ওপৰত পৰিকল্পিত আৰু ধাৰাবাহিক আক্ৰমণ চলি থকা দেখা গৈছে। শেহতীয়াভাৱে ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০তো অন্যান্য শিক্ষাবিৰোধী অৱস্থানৰ লগতে অন্ধবিশ্বাসক উৎসাহিত কৰি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত জ্যোতিষ-শাস্ত্ৰৰ দৰে অবৈজ্ঞানিক শিক্ষা অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি চলিছে। আনকি বহু ক্ষেত্ৰত ক’ভিড অতিমাৰীৰ বিৰুদ্ধে যুঁজখনতো আধুনিক চিকিৎসা বিজ্ঞানৰ পৰিৱৰ্তে অন্ধবিশ্বাসক প্ৰশ্ৰয় দিয়া দেখা গৈছিল।

অসমতো অন্ধবিশ্বাসজনিত নৃশংস ঘটনাৰ নামত বৰ্বৰ হত্যা, নিৰ্যাতন আৰু পৃথক বৰ্ণৰ বিবাহৰ নাম সমাজত অশান্তি চলি থকা কথা নতুন নহয়।
সমাজৰ এনে এক পৰিস্থিতেই ‘ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস’ৰ তাৎপৰ্য আৰু অধিক গুৰুত্ব বঢ়োৱাৰ উদ্দেশ্যে অসমত আজিৰ দিনটোত AIPSN অন্তৰ্ভুক্ত সংগঠনসমূহৰ স্থানীয় শাখাসমূহে ৰাজ্য খনৰ বিভিন্ন ঠাইত দিৱসটো পালন কৰে। ৰাজ্যৰ অন্য ঠাইৰ লগতে গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত সভা আৰু শোভাযাত্ৰা উলিয়াই ইলোৰা বিজ্ঞান মঞ্চৰ গুৱাহাটীৰ শাখাসমূহ আৰু AIPSNৰ অন্যান্য সংগঠন সমূহৰ সৈতে যুটীয়াভাৱে অনুষ্ঠিত কৰে উল্লেখ্য যে দাভোলকৰৰ মৃত্যুদিবসৰ দিনটো অসমৰ বাদেও দেশৰ অন্যান্য ঠাইতো পালন কৰা হৈছে। । মহাৰাষ্ট্ৰৰ পুনেত মহাৰাষ্ট্র অন্ধশ্রদ্ধা নির্মূলন সমিতি, যাক প্ৰতিষ্ঠা কৰিছিল নৰেন্দ্ৰ দভোলকাৰে,তেওঁলোকে পুনেৰ ভি আৰ শিন্দে ব্ৰিজত আজি একলগ হৈ দাভোলকৰৰ স্মৃতি দিৱস পালন কৰে। ইয়াৰ বাহিৰেও অন্যান্য ঠাইত AIPSN ৰ উদ্যোগত এই দিনটোত ডাঃ দাভোলকাৰ ক স্মৰণ কৰা হয়।

Previous Post

ফুলগুড়ি বিদ্রোহ

Next Post

বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা এ বি ভি পিৰ

Related Posts

ভাষাৰ ওজা” হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস উপলক্ষে ঢেকিয়াজুলিত ইলোৰা বিজ্ঞান মঞ্চৰ “অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস উদযাপন
বিজ্ঞান

ভাষাৰ ওজা” হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস উপলক্ষে ঢেকিয়াজুলিত ইলোৰা বিজ্ঞান মঞ্চৰ “অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস উদযাপন

December 11, 2022
Next Post
বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা এ বি ভি পিৰ

বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা এ বি ভি পিৰ

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.