শ্ৰী মাধৱদেৱৰ ঘণিষ্ট অনুগামী শ্ৰী মথুৰা দাস বুঢ়া আতাৰ জন্ম ১৪৯০ খৃ.ত তাঁতী কুছিত – বৰ্তমানৰ বৰপেটাত । পোণতে চৈতণ্যপন্থী বুঢ়াআতাই মাধৱদেৱৰ সান্যিধ্য পাই তেওঁৰ ওচৰত শৰণ ল’ব বিচাৰিছিল । মাধৱদেৱে মথুৰাদাসক পৰীক্ষা কৰিবৰ বাবে আগৰ গুৰুৰ নামত মাটিত তিনিটা আঁচ মাৰি মোহাৰিব দিছিল । মথুৰাদাসে সেইকথাত সন্মত নহ’ল কাৰন পূৰ্বৰ গুৰুক তেওঁ অসন্মান কৰিব নিবিচাৰে । কাৰন সেইগুৰুৰ পৰা পোৱা জ্ঞানৰ বলতহে মাধৱদেৱৰ ওচৰত শৰণ লোৱাৰ সুবিধা হৈছে । মাধৱদেৱে মথুৰাদাসৰ সুবিবেচনাত সন্তুষ্ট হৈ তেওঁক শৰণ দিয়ে । মাধৱদেৱে বৰপেটা সত্ৰত ১৫৯৬ খৃ.ত মথুৰা দাসক প্ৰথম সত্ৰধিকাৰ মনোনিত কৰে । ১০৭ বছৰ বয়সৰ পৰা ৪৪ বছৰ তেওঁ বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ হৈ থাকে । সত্ৰাধিকাৰ থকা সময়তে মথুৰাদাসে নিজ বুদ্ধিমত্তাৰে কিছুমান নতুন নতুন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে । সত্ৰৰ সত্ৰাধিকাৰ বা অন্য কৰ্মকৰ্তাক সত্ৰৰ ‘ভাগ থকা’ ভকত সকলে যোগ্যতাৰ ভিত্তিত নিৰ্বাচন কৰাৰ ব্যৱস্থা তেওঁ কৰি থৈ গৈছে । জাত-পাত. বংশ-পৰম্পৰাৰ উৰ্দ্ধত গণতান্ত্ৰিক নিৰ্বাচনৰ পদ্ধতিৰে আজিলৈকে নিৰ্বাচনৰ যোগেদিহে সত্ৰৰ মুৰব্বী নিৰ্বাচন কৰা হ’য় । সেয়েহে বৰপেটাত উচ্চ-নীচ জাতপাতৰ ভেদভাৱ এতিয়াও কম দেখা যায় ।
বৰপেটাৰ সমাজ ব্যৱস্থাৰ আন এটা গুৰুত্বপূৰ্ণ তথা ঐতিহ্য বহনকাৰী অনুষ্ঠান “হাইটাৰ ঘৰ” ( হাটীয়াৰ ঘৰ) ৷ গুৰু মাধৱদেৱৰ আজ্ঞা শিৰত লৈ বুঢ়া আতাই নিষ্ঠা, বুদ্ধিমত্তা আৰু বিচক্ষণতাৰে সত্ৰ পৰিচালনাৰ লগতে বৰপেটাৰ সমাজ জীৱনত এইদৰে কিছুমান নতুন ব্যৱস্থাৰ প্ৰণয়ন কৰিছিল। বৰপেটা সত্ৰত প্ৰচলিত ‘চৈধ্য-প্ৰসংগ’ৰ নিয়মো মথুৰাদাস বুঢ়া আতাই প্ৰণয়ন কৰা- আগৰ তিনি প্ৰসংগৰ ঠাইত ‘চৈধ্য প্ৰসংগ’ৰ ব্যৱস্থা কৰিছিল ৷ ৰাতিপুৱাৰ পৰা ৰাতিলৈ চৈধ্যবাৰ নাম-প্ৰসংগ কৰাৰ পৰম্পৰাকে ‘চৈধ্য-প্ৰসংগ’ বোলা হয় ৷ সত্ৰৰ পৰিচলানাৰ সুবিধাৰ বাবে মথুৰাদাসে ‘ভাগ লোৱা’ৰ নিয়ম প্ৰৱৰ্তন কৰিছিল ৷ কীৰ্তন মহোৎসৱৰ সময়ত ভকতৰ পিয়লৰ বাবে ‘ভকত লেখা’ৰ ব্যৱস্থাও বুঢ়া আতাই প্ৰৱৰ্তন কৰিছিল ৷ সত্ৰাধিকাৰৰ উপৰিও সত্ৰ পৰিচালনাৰ বিষয়বাবৰ বাবেও তেখেতে গণতান্ত্ৰিক প্ৰথাৰে নিৰ্বাচন কৰাৰ নিয়ম প্ৰণয়ন কৰিছিল । আনকি সত্ৰসমূহত সৰু-সুৰা বিচাৰৰ ব্যবস্থাও ৰাখিছিল । বৰপেটা সত্ৰৰ সত্ৰাধিকাৰক গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন কৰা হয় বাবে ‘সত্ৰাধিকাৰ’ৰ সলনি ‘সত্ৰিয়া’ বুলিহে সম্বোধন কৰা প্ৰথা প্ৰচলন কৰে ।
বৰপেটাৰ অন্তৰ্গত চুবুৰীসমূহক “হাটী” বোলা হয় ৷ প্ৰতিটো হাটীতে একোটা ‘হাটীয়াৰ ঘৰ’ স্থাপন কৰা হৈছিল ৷ ‘হাটীয়াৰ ঘৰ’ আছিল এক সমূহীয়া স্থান, য’ত হাটীৰ মানুহে লগ হৈ বিভিন্ন কাৰ্য সম্পাদন কৰিছিল ৷ বুঢ়াআতাই বৃত্তি অনুসাৰে হাটী ভগাই দিয়াৰ ব্যৱস্থাও কৰিছিল, যেনে মাটিৰ পাত্ৰ গঢ়োতাৰ বাবে কুমাৰহাটী, কমাৰৰ বাবে বৃব্দাবন হাটী ইত্যাদি ৷ মথুৰাদাস বুঢ়া আতাৰ দ্বাৰা সংগঠিত বৰপেটা সত্ৰৰ হাটী-প্ৰথা এক অভিনৱ ব্যৱস্থা ৷ আন কথাত ইয়াক এখন সমবায় গ্ৰাম বুলি ক’ব পাৰি ৷
তেখেতে সত্ৰখনৰ বাসিন্দাসকলক ২২খন শাখা হাটীত বিভক্ত কৰি তিনিখন মূল হাটী – ‘উত্তৰহাটী’, ‘দক্ষিণহাটী’ আৰু ‘নহাটী’ নামেৰে সংগঠিত কৰিলে ৷ লগতে হাটীত ‘ভাগ’ লোৱাৰ ব্যৱস্থা কৰিলে ৷ মথুৰাদাস বুঢ়া আতাই প্ৰতিখন হাটীৰ বাবে একোটা সমূহীয়া বিত্তীয় পুঁজিৰ ব্যৱস্থা কৰে, যাক ‘হাটীয়াৰ পুঁজি’ বোলা হয় ৷ “ হাটীয়াৰ পুঁজি” এক ধৰণৰ প্ৰাচীন বেংক ব্যৱস্থাৰ দৰে আছিল ৷ প্ৰয়োজন সাপেক্ষে সেই পুঁজিৰ পৰা ঋণ লোৱা ব্যৱস্থাও আছে । ‘হাটীয়াৰ পুঁজি’ৰ পৰা হাটীত ভাগ থকা বাসিন্দাসকলৰ ব্যৱসায়-বাণিজ্য বা ঘৰুৱা কামৰ বাবে কম সুতত ধন ঋণ দিয়া হয় । লগতে এই ধনৰ পুঁজিৰ পৰা হাটীৰ উমৈহতীয়া কামত খৰচ কৰা হয় । লগতে সত্ৰত মূল হাটীয়ে দিবলগীয়া ‘কৰ’, অৰিহণা আদিতো খৰচ কৰা হয় ৷ ‘হাটীয়াৰ পুঁজি’ৰ সকলো ধৰণৰ কাম ‘হাটীয়াৰ ঘৰ’ৰ পৰাই পৰিচালিত হয় ৷
‘হাটীয়াৰ ঘৰ’ত প্ৰতিখন হাটীৰ সমস্যাসমূহৰ আলোচনা-বিলোচনা কৰাৰ লগতে হাটীৰ বিভিন্ন সভা-সমিতি অনুষ্ঠিত হয় ৷ ‘হাটীয়াৰ ঘৰত’ সত্ৰত অনুষ্ঠিত হোৱা যাত্ৰা-গানৰ আখৰা, সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰশিক্ষণ আদি দিয়াৰো ব্যৱস্থা আছে ৷ হোলীৰ সময়ত হোলী গীতৰ কৰ্মশালা, সস্তীয়া ৰাসায়নিক উপাদানেৰে প্ৰস্তুত কৰা ক্ষতিকৰ ৰঙৰ পৰিবৰ্তে ঘৰুৱা পদ্ধতিৰে ৰঙ প্ৰস্তুত কৰা প্ৰণালীৰ প্ৰশিক্ষণ, খোল-বাদনৰ প্ৰশিক্ষণ আদি এই ‘হাটীয়াৰ ঘৰ’ত দিয়াৰ উদাহৰণো আছে ৷ বহাগ বিহুৰ সাতদিন সত্ৰত ‘বংশৰা’ বা বিভিন্ন হাটীৰ গোটে অনুষ্ঠিত কৰা যাত্ৰাগানৰ আখৰা তথা সত্ৰত অনুষ্ঠিত কৰিবলগীয়া অন্যান্য নাটক-ভাওনা আদিৰ আখৰা এই ‘হাটীয়াৰ ঘৰ’তে কৰা হয় ৷ যাত্ৰা-গানত ব্যৱহৃত হোৱা সাজ-পোছাক, সা-সৰঞ্জাম, আ-অলংকাৰ, মণি-মুকুটা আদি এই ‘হাটীয়াৰ ঘৰ’তে সংৰক্ষিত কৰা হয় ৷ এই পোছাক-পৰিচ্ছদ প্ৰয়োজন সাপেক্ষে কোনো হাটীৰ বাবে অন্য হাটীৰ পৰা বা কোনো স্কুল-কলেজৰ সাংস্কৃতিক অনুষ্ঠান, নাটক আদিৰ বাবে ভাৰা দিয়াৰো ব্যৱস্থা আছে ৷ এনেদৰে আদায় হোৱা ভাৰা সেই হাটীৰ ভৰালত জমা হয় আৰু ‘হাটীয়াৰ ঘৰ’ৰ বাবে ব্যৱহৃত বিশেষ লোহাৰ চন্দুকত জমা ৰখা হয় ৷ হাটীৰ সমূহীয়া টকা-পইচাও ‘হাটীয়াৰ ঘৰ’ৰ সেই বিশেষ চন্দুকত সুৰক্ষিত কৰি জমা ৰখা হয় ৷ ইয়াৰ বাবে এগৰাকী ধন-ভৰালী নিয়োগ কৰা হয় ৷ মহাপুৰুষৰ কীৰ্তন মহোৎসৱত এই ‘হাটীয়াৰ ঘৰ’ৰ পৰাই সত্ৰত দিবলৈ ‘কলভাৰ’ (কৰভাৰ) যাত্ৰা কৰে ৷ কীৰ্তন মহোৎসৱৰ বাবে হাটীৰ ভাগ থকা ব্যক্তিৰ পৰা কৰভাৰ দিবলৈ চাউল, পুৰীয়াকল (কাচকল) , কোমোৰা, ঔ-টেঙা, আদি জমা দিয়া সামগ্ৰীসমূহ এই হাটীয়াৰ ঘৰত জমা ৰখা হয় ৷ পিচত কৰভাৰ দিয়াৰ সময়ত ‘হাটীয়াৰ ঘৰ’ৰ পৰাই শোভাযাত্ৰা কৰি সত্ৰত কৰ হিচাপে আদায় দিয়া হয় ৷
ইয়াৰ উপৰিও ‘হাটীয়াৰ ঘৰ’ বৰপেটাবাসীৰ জীৱনৰ প্ৰতিটো কৰ্মকাণ্ডৰ লগত সংপৃক্ত হৈ আছিল । হাটীৰ কোনো দুখীয়া ঘৰৰ মেধাসম্পন্ন ল’ৰা-ছোৱালীৰ পঢ়াৰ খৰচৰ বাবে ‘হাটীয়াৰ ঘৰ’ত অনুষ্ঠিত হাটীয়াৰ মেলৰ সিধান্ত মৰ্মে সহায়ৰ হাত আগবঢ়াইছিল । হাটীৰ কাৰোবাৰ বিয়া হ’লে ‘হাটীয়াৰ পুঁজি’ৰ পৰা সাজ-বাচন দি সহায় কৰাৰ প্ৰথা প্ৰচলিত আছিল । একেধৰণে বিয়াবাৰুৰ ক্ষেত্ৰত প্ৰথমে ‘হাটীয়াৰ ঘৰ’ৰ জৰিয়তে ‘হাটী’ক ( অৰ্থাৎ সমাজখনক) তামোল-পান দি বিয়াৰ কাম-কাজ যেনে বিয়াৰ ‘চায়না’ পাতা ( ৰভা দিয়া), দোনা তোলা, ‘চৈটা’ তোলা আদি কামত সহায় কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিল। কোনো কোনো হাটীত এতিয়াও এই নিমন্ত্ৰণ কৰা প্ৰথাটো প্ৰচলিত আছে; অৱশ্যে প্ৰয়োজনীয় কামখিনি ‘টেণ্ট হাউছ’ আৰু দোকানৰ পৰা কিনা পাত, গ্লাছেই সম্পন্ন কৰে যদিও ‘হাটীয়াৰ ঘৰ’ আছে বাবেই হাটীৰ বাসিন্দাৰ বান্ধোন এতিয়াও আছে ।
এনেধৰণে বৰপেটাৰ প্ৰতিখন হাটীতে স্থাপিত “হাটীয়াৰ ঘৰ’সমূহে বৰপেটাৰ সমাজ জীৱন তথা সাংস্কৃতিক জীৱনত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে ৷ ৫০০ বছৰৰ আগৰ সামন্তবাদী সমাজব্যৱস্থাৰ মাজতে বুঢ়া আতাই গণতান্ত্ৰিক পদ্ধতি, সমবায় পদ্ধতি, ব্যক্তিগত পুঁজিৰ পৰিৱৰ্তে ৰাজহুৱা পুঁজিৰ উন্নয়ন, উচ্চ-নীচ সকলো জাতিৰ সমান অধিকাৰ আদিৰ চিন্তা-চৰ্চা তথা ৰূপায়নৰ ব্যৱস্থা কৰি এক প্ৰগতিশীল ব্যক্তিত্বৰ পৰিচয় দি থৈ গৈছে ।
