• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

হীৰেন গোহাঁই কোন?

News Desk by News Desk
July 18, 2023
in সমাজ
Share on FacebookShare on Whatsapp

( বিঃদ্ৰঃ এই লেখাটো আমি সামাজিক মাধ্যমৰ পৰা সংগ্ৰহ কৰিছো)

অসমীয়া সমাজ জীৱনত যি সকল পুৰোধা ব্যক্তিয়ে তেওঁলোকৰ মেধা আৰু সাধনাৰ বলত অসমীয়া সমাজ জীৱনলৈ অতুলনীয়  অৱদান আগবঢ়াই থৈ গৈছে সেই সকলৰ অধিকাংশই সমালোচনা আৰু কটু মন্তব্যৰ সন্মুখিন হৈছে৷ বিষ্ণু ৰাভা, আইদেউ সন্দিকৈ, ভূপেন হাজৰিকা, হোমেন বৰগোহাঞি, হীৰেন গোহাঁই, জুবিন গাৰ্গ কোনেও বাচি যোৱা নাই৷ কিয়নো সমালোচনাৰ উৰ্দ্ধত কোনো নহয়৷ এতিয়া আহো হীৰেন গোহাঁই কোন? এই প্ৰশ্নটোৰ উত্তৰলৈ৷

ড° হীৰেন গোহাঁই দেৱৰ জন্ম হৈছিল ১৯৩৯ চনত গোলাঘাট জিলাত৷ এগৰাকী অসমীয়া আৰু ইংৰাজী ভাষাৰ প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, অধ্যাপক, সাংবাদিক, সমালোচক ইত্যাদি ইত্যাদি৷ ১৯৫৫ চনত তেওঁ গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ইংৰাজী আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা ইংৰাজী সাহিত্যত সন্মানসহ দ্বিতীয় শ্ৰেণীৰ স্নাতক সন্মান লাভ কৰে। ১৯৬২ চনত তেওঁ ক্ৰিষ্টফাৰ মৰিছৰ তত্ত্বাবধানত ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ত মিল্টনৰ বিষয়ে গৱেষণা কৰি পি.এইচ.ডি উপাধি লাভ কৰে। ১৯৬১ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত প্ৰথম স্থান লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ৰূপেও কাৰ্য্যনিৰ্বাস কৰিছিল৷ তেওঁ ৰচনা কৰা গ্ৰন্থ সমূহ তলত দিয়া হ’ল৷

১/ সাহিত্যৰ সত্য (১৯৭০)

২/ সমাজ আৰু সমালোচনা (১৯৭২)

৩/বাস্তৱৰ স্বপ্ন (১৯৭২)

৪/ সাহিত্য আৰু চেতনা (১৯৭৬)

৫/ কাল ভ্ৰমৰ (১৯৭৮)

৬/ কীৰ্তন পুথিৰ ৰস-বিচাৰ (১৯৮৩)

৭/ বিশ্বায়তন (১৯৮৪)

৮/ তেজৰ আখৰে লেখা (১৯৮৪)

৯/ উপন্যাসৰ আধুনিক পাশ্চাত্য সমালোচনা (১৯৮৪)

১০/ অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া

১১/ পৰম্পৰা (১৯৮৭)

১২/ বন্দৰৰ কাল (১৯৮৭)

১৩/ আঞ্চলিকতাবাদ আৰু অসম, (১৯৯০)

১৪/ উত্তৰণৰ সাধনা (১৯৯২)

১৫/ কেৱল মানুহৰ আছে গান, তৰা আৰু

বোকা (১৯৯৩)

১৬/ কালস্ৰোত আৰু কাণ্ডাৰী (১৯৯৫)

১৭/ ইমান তিতা সাগৰৰ পানী (২০১১)(আত্মজীৱনী)

১৮/ বতাহত ক’ৰ গধূলি গোপাল (আত্মজীৱনী)

১৯/ সাহিত্য, সত্তা আৰু সাধনা (২০০০)

২০/ হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন

২১/ আৰোহী (আত্মজীৱনী)

২২/ সপোনৰ দিকচৌ বনত (আত্মজীৱনী)

২৩/ ৰণশিঙা খংশিঙা (১৯৬০)

২৪/ সমাজ আৰু সমালোচনা (১৯৭২)

২৫/ সৃষ্টি আৰু যুক্তি (১৯৭২)

২৬/ কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা (১৯৮৬)

২৭/ বন্দৰৰ কাল (১৯৮৭)

২৮/ কেৰ্বেৰাচ আৰু নৰকৰ প্ৰহৰী (১৯৮৭)

২৯/ সাক্ষাৎকাৰত সাফল্য লাভৰ উপায় (১৯৮৭)

৩০/ অদৃষ্ট আৰু অসম (১৯৮৮)

৩১/ উপন্যাসৰ আধুনিক সমালোচনা

২য় খণ্ড (১৯৮৮)

৩২/ স্বাধীনতাৰ সপোন আৰু দিঠক (১৯৯১)

৩৩/ পট পৰিৱৰ্তন (১৯৯২)

৩৪/ ঐতিহ্যৰ ৰূপান্তৰ আৰু অন্যান্য প্ৰবন্ধ(১৯৯৩)

৩৫/ এগছ বন্তিৰ এন্ধাৰ (১৯৯৩)

৩৬/ উত্তৰণৰ সাধনা (লয়াৰ্ছ বুক ষ্টল, ১৯৯৩)

৩৭/ যোগাযোগ (ভষ্টক, ১৯৯৩)

৩৮/গণতন্ত্ৰৰ নৱজীৱন (জানকী প্ৰকাশন, ১৯৯৪)

৩৯/ কালস্ৰোত আৰু কাণ্ডাৰী (লয়াৰ্ছ বুক ষ্টল, ১৯৯৫)

৪০/ অবিনাশী অসমীয়া (বুক এম্পৰিয়াম, ১৯৯৬)

৪১/ লস্ত লাগিজ্ (বুক এম্পৰিয়াম, ১৯৯৬)

৪২/ শব্দভেদী বাণ (ষ্টুডেণ্টছ্ এম্পৰিয়াম, ১৯৯৬)

৪৩/ সন্ধিক্ষণ (লয়াৰ্ছ বুক ষ্টল, ১৯৯৭)

৪৪/ ভাৰতৰ স্বাধীনতা আন্দোলনত

৪৫/বিপ্লৱবাদীসকলৰ অৱদান, (নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া,১৯৯৮)

৪৬/ উৰণীয়া হাঁহৰ মাত, (বুক হাইভ, ১৯৯৮)

৪৭/নৈৰাজ্য আৰু নিৰ্মাণ, (লয়াৰ্ছ বুক ষ্টল, ১৯৯৮)

৪৮/ মানৱতাৰ সন্ধানত, (জ্যোতি প্ৰকাশন, ২০০১)

৪৯/ কুঁৱলী ফালি পোহৰ, (চন্দ্ৰ প্ৰকাশ, ২০০২)

৫০/ কিয় লিখোঁ, (এফ, এছ শইকীয়া, মিৰনেট, ২০০৩)

৫১/ ভাবীকালৰ খনিকৰ, (জ্যোতি প্ৰকাশন, ২০০৩)

৫২/ জাতিসত্তা আৰু মানৱসত্তা, (অনন্যা প্ৰকাশন, ২০০৪)

৫৩/ মাজুলীৰ জিলিঙনি, (পদাতিক প্ৰকাশন, ২০০৫)

৫৪/ নিৰ্বাচিত সমালোচনা, (অসম প্ৰকাশন পৰিষদ, ২০০৭)

৫৫/ আখ্যানৰ আঁৰৰ আমেৰিকা, (পদাতিক প্ৰকাশন, ২০০৭)

৫৬/ সূৰ্যোদয়ৰ প্ৰতীক্ষাত, (অশোক বুক ষ্টল, ২০০৮)

৫৭/ অগ্নিগৰ্ভ অসম আৰু শুভ উত্তৰণৰ প্ৰচেষ্টা, (অশোক বুক ষ্টল, ২০১০)

৫৮/ বৃহৎ নদীবান্ধ আৰু অসমৰ বিপৰ্যয়, (আঁক-বাক প্ৰকাশন, ২০১০)

৫৯/ আত্মবিস্মৃত ইছলাম আৰু অন্যান্য প্ৰবন্ধ, (অশোক বুক ষ্টল, ২০১১)

৬০/ কালান্তৰৰ দোমোজাত, (শান্তি, ২০১৩)

৬১/ শংকৰদেৱ সন্দৰ্শন, (শান্তি প্ৰকাশন, ২০১৩)

৬২/ স্থবিৰতা বনাম প্ৰগতি, (চন্দ্ৰ প্ৰকাশ, ২০১৪)

৬৩/ প্ৰগতিৰ সংগ্ৰাম আৰু অস্তিত্বৰ ছন্দ, (বনলতা, ২০১৪)

৬৪/ গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ আৰু সন্ত্ৰাস, (শান্তি প্ৰকাশন, ২০১৪)

৬৫/ পৰম্পৰা আৰু আধুনিকতা, (বনলতা, ২০১৫)

৬৬/ গতিপথ আৰু গন্তব্য, (পদাতিক, ২০১৬)

৬৭/ চলচ্চিত্ৰ আৰু বাস্তৱতা, (পদাতিক, ২০১৬)

৬৮/ পৰিৱৰ্তনৰ স্বপ্ন আৰু দুঃস্বপ্ন, (পৃথিৱী প্ৰকাশন, ২০১৭)

৬৯/ সমাগত সংকট, (মুক্ত চিন্তা প্ৰকাশন, ২০১৭)

৭০/ শিল্প সংস্কৃতিৰ ৰণাঙ্গন, (কথাৰ সহযোগত গোলাঘাটৰ ঐকান্তিকৰ দ্বাৰা প্ৰকাশিত, ২০২১)

তেওঁৰ ৰচিত ইংৰাজী গ্ৰন্থসমূহ তলত দিয়া হ’ল৷

১/ Tradition and Paradise Lost (১৯৭৬)

২/ On the Present Movement in Assam (১৯৮০)

৩/ Assam: A Burning Question (১৯৮৪)

৪/ Nature and Art in Shakespeare (১৯৮৮)

৫/ Aspects of Early 19th century Bengalee Culture (১৯৯০)

৬/ The Magic Plant (১৯৯২)

৭/ Struggling in a time warp(২০১৯,ভৱানী পাব্লিছিং)

৮/ The Idea of Popular Culture in the Early Nineteenth Century Bengal, 1991 (K.P.Bagchi & co., 1991)

ইয়াৰ উপৰিও তেওঁ  নতুন পৃথিৱী (১৯১৭-১৯৭৩), পদাতিক (১৯৭৪-১৯৭৭), কলাখাৰ (১৯৭৯-১৯৮২), সংকেত প্ৰভৃতি, আদি সম্পাদনা কৰিছিল৷ অসমীয়া বাতৰি কাকত আৰু আলোচনীত বিভিন্ন প্ৰৱন্ধ প্ৰকাশ কৰাৰ উপৰিও Frontier (কলকাতা), The Telegraph (কলকাতা), Economic and Political Weekly (মুম্বাই), Secular Democracy (দিল্লী), Mainsream (দিল্লী) আদি বাতৰি কাকতত বহুতো প্ৰবন্ধ প্ৰকাশ কৰি আহিছে।

কমল কুমাৰী ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰদান কৰা কমল কুমাৰী বঁটা লাভ

“অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা” শীৰ্ষক গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড॰ হীৰেন গোহাঁইদেৱক  সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল। জ্ঞানপীঠ বটাঁ বিজয়ী শ্ৰদ্ধাৰ কবি প্ৰয়াত নীলমণি ফুকনদেৱেও ড° হীৰেন গোহাঁই ছাৰৰ তীক্ষ্ণতা আৰু প্ৰজ্ঞাৰ সাধনাৰ প্ৰতি অশেষ সন্মান আৰু কৃতজ্ঞতা আছিল৷ ইমানৰ পিছতো কোনোবা শিক্ষিত অসমীয়াই হীৰেন গোহাঁই কোন বুলি প্ৰশ্ন কৰিলে আমাৰ দুখ লাগে৷ নপঢ়া নুশুনা কোনোদিন কিতাপৰ লগত সম্বন্ধ নথকা মানুহে হীৰেন গোহাঁই ছাৰক চিনি নোৱাৱাটো অস্বভাৱিক নহয়৷ অসমৰ হৰ্তাকৰ্তা হীৰেন গোহাঁই ছাৰ নালাগে কোনো হোৱা নাছিল এতিয়াও হৰ্তাকৰ্তা কোনো নহয় আৰু ভৱিষ্যতেও অসমৰ হৰ্তাকৰ্তা কোনো নহয়৷ অসমীয়াই যি কোনো অজুহাত উলিয়াই ওপৰত উল্লেখ কৰি অহা মহান অসমীয়া সকলক সমালোচনা আৰু কটু মন্তব্য কৰি আহিছে৷ হীৰেন গোহাঁই ছাৰো তাৰ ব্যতিক্ৰম নহয় আৰু এইটো কোনো অস্বাভাৱিক ঘটনা নহয়৷ কোনোবাই যদি কয় বাংলাদেশীৰ এজেন্ট কোনোবাই কয় মাদানিৰ লগত বুজাবুজি৷ কিন্তু মৃত্যু হৈ গেলি পচি যোৱাৰ পিছত সন্মান দিয়াত পাকৈত এই অসমীয়া জাতি৷

Tags: hiren gohain
Previous Post

মূল্যবৃদ্ধি বিৰুদ্ধে ৫ টা বাওঁপন্থী দলৰ ৰাজ্যজুৰি প্ৰতিবাদ

Next Post

বেঙ্ক ৰাষ্ট্ৰীয়কৰণ দিৱসৰ উপলক্ষে সৰ্বভাৰতীয় বেঙ্ক বিষয়া কনফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপম ৰয়ৰ প্ৰেছ বিজ্ঞপ্তি

Related Posts

অসম

গৰু বিহুত খোৱা এশ এবিধ শাক কি কি জানো আহক

April 14, 2025
যৌন নিৰ্যাতনৰ বলি হৈছে নেকি আপোনাৰ কণমাণি সন্তান? কেনেকৈ বুজিব আপুনি?
সমাজ

যৌন নিৰ্যাতনৰ বলি হৈছে নেকি আপোনাৰ কণমাণি সন্তান? কেনেকৈ বুজিব আপুনি?

August 21, 2024
বেঙ্ক ৰাষ্ট্ৰীয়কৰণ দিৱসৰ উপলক্ষে সৰ্বভাৰতীয় বেঙ্ক বিষয়া কনফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপম ৰয়ৰ প্ৰেছ বিজ্ঞপ্তি
সমাজ

বেঙ্ক ৰাষ্ট্ৰীয়কৰণ দিৱসৰ উপলক্ষে সৰ্বভাৰতীয় বেঙ্ক বিষয়া কনফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপম ৰয়ৰ প্ৰেছ বিজ্ঞপ্তি

July 19, 2023
Next Post
বেঙ্ক ৰাষ্ট্ৰীয়কৰণ দিৱসৰ উপলক্ষে সৰ্বভাৰতীয় বেঙ্ক বিষয়া কনফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপম ৰয়ৰ প্ৰেছ বিজ্ঞপ্তি

বেঙ্ক ৰাষ্ট্ৰীয়কৰণ দিৱসৰ উপলক্ষে সৰ্বভাৰতীয় বেঙ্ক বিষয়া কনফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপম ৰয়ৰ প্ৰেছ বিজ্ঞপ্তি

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.