৬০৪ পৃষ্ঠা, ৭৭৪৩৯টা শব্দ, ৩২০০১৫ টা আখৰ। তেজেৰেই লিখা হৈছে ৬০৪ পৃষ্ঠাৰ প্ৰতিটো শব্দ, প্ৰতিটো আখৰ।এবটল-দুবটল নহয় ৬০৪ পৃষ্ঠা লিখিব পৰাকৈ সংগ্ৰহ কৰা হৈছিল ২৬ লিটাৰ তেজ।
কাৰ এই তেজ? তেজেৰে লিখা কি এইখন গ্ৰন্থ?তিনিবছৰ ধৰি লোকজনে কাঁচৰ বটলত চিৰিঞ্জেৰে উলিয়াই জমা কৰি গৈছিল তেজ। অৱশেষত প্ৰয়োজনীয় তেজ সংগ্ৰহ হোৱাত আৰম্ভ হৈছিল গ্ৰন্থখন লিখাৰ প্ৰক্ৰিয়া। কিতাপ লিখিবলৈ নিজৰ তেজ উলিওৱা এই মানুহজন আন কোনো নাছিল। তেওঁ আছিল ইৰাকৰ সৰ্বেসৰ্বা ছাদ্দাম হুছেইন। মছজিদ নিৰ্মাণ কৰি ভালপাইছিল ৰাষ্ট্ৰপতি ছাদ্দামে। ছাদ্দামৰ জীৱনীৰ লেখক कॉन कफ़लिन-ৰ মতে ২০০১ চনত নিৰ্মান কৰা মছজিদত ৰাখিবলৈকে লিখি উলিওৱা হৈছিল ৰক্তবৰ্ণ এই কোৰাণখন।
মছজিদটোত আজিও আছে তেজেৰে লিখা বিশেষ কোৰাণখন। মধ্য বাগদাদৰ उम्म अल मारीक’ মছজিদত সুন্দৰকৈ সজাই থোৱা হৈছে ৰাষ্ট্ৰপতি ছাদ্দামৰ শৰীৰৰ ২৬ লিটাৰ তেজেৰে লিখা কোৰাণখন। ক’ন কাফলিনে ছাদ্দামৰ জীৱনী লিখি থকাৰ সময়তে এই কথাটো পোহৰলৈ আনিছিল মছজিদটোৰ এগৰাকী মৌলবীয়ে।
কি তাড়নাত গাৰ ২৬ লিটাৰ তেজ দিছিল ছাদ্দাম হুছেইনে? আল্লাহৰ প্ৰতি ৰাষ্ট্ৰপতি ছাদ্দামৰ আছিল অগাধ বিশ্বাস। আমেৰিকাই সমগ্ৰ ইৰাক দখল কৰাৰ সময়তো আল্লাহৰ প্ৰতি থকা বিশ্বাসতেই অটল হৈ যুঁজ দি গৈছিল ছাদ্দামে। আনকি ফাঁচীকাঠত ওলমোৱাৰ সময়তো আল্লাহে শত্ৰুক ক্ষমা নকৰে বুলি কৈ আছিল। আল্লাহৰ প্ৰতি থকা এই বিশ্বাসৰ তাড়নাতেই গাৰ ২৬ লিটাৰ তেজেৰে ছাদ্দামে লিখি উলিয়াইছিল উম্ম অল মাৰিক মছজিদত সজাই থোৱা বিশ্বৰ এই বিশেষ কোৰাণখন।