• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

বেঙ্ক ৰাষ্ট্ৰীয়কৰণ দিৱসৰ উপলক্ষে সৰ্বভাৰতীয় বেঙ্ক বিষয়া কনফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপম ৰয়ৰ প্ৰেছ বিজ্ঞপ্তি

News Desk by News Desk
July 19, 2023
in সমাজ
Share on FacebookShare on Whatsapp

আজি ৫৫ সংখ্যক বেঙ্ক ৰাষ্ট্ৰীয়কৰন দিৱস। ১৯৬৯ চনৰ ১৯ জুলাইৰ দিনটোতে তদানিন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ব্যক্তিগত খণ্ডৰ আধিনৰ ১৪টা বেঙ্ক ব্যক্তিগত মালিকানাৰ অধীনৰ পৰা অধিগ্ৰহণ কৰি ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰি ৰাষ্ট্ৰৰ বাবে উচ্চৰ্গা কৰিছিল। সেইয়া আছিল ভাৰতৰ স্বাধীনতাৰ পিচৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সিদ্ধান্ত। ভাৰতৰ অৰ্থনৈতিক সমৃদ্ধি বিশেষকৈ কৃষি, ক্ষুদ্ৰ উদ্যোগ, গুৰু উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰত বেঙ্কৰ চৰকাৰীকৰণে আমূল পৰিবৰ্তনৰ সূচনা কৰে।

বেঙ্ক ৰাষ্ট্ৰীয়কৰন দিৱস উপলক্ষে সৰ্বভাৰতীয় বেঙ্ক বিষয়া কনফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপম ৰয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে সমূহ চৰকাৰী খণ্ডৰ বেঙ্ক বিষয়া-কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে এই বিজ্ঞপ্তিত ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহে বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰসাৰ আৰু সঞ্চয় সংগঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ পিছতো ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহ ব্যক্তিগতকৰণৰ বিপদমুক্ত নহ’য় বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই।    

নতুন অৰ্থনৈতিক নীতি আৰু অৰ্থনৈতিক সংস্কাৰৰ নামত চৰকাৰে লাভজনক বিত্তীয় সংস্থা সমূহ বিশেষকৈ ৰাজহুৱাখণ্ডৰ বেঙ্ক সমূহ ব্যক্তিগতকৰণৰ প্ৰস্তুতি চলাই আছে। ইয়াৰ বিৰূদ্ধে বেঙ্ক কৰ্মচাৰী, বিষয়া সকলে প্ৰতিবাদী আৰু প্ৰতিৰোধৰ সংগ্ৰাম চলাই থাকিবলৈ বাধ্য হৈছে। ১৯৬৯ চনত ৰাষ্ট্ৰীয়কৰণৰ পিছৰে পৰা ৰাজহুৱা খণ্ডৰ বেঙ্ক সমূহে কৃষি, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, শিক্ষা আৰু আন্তঃগাঁথনিৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ খণ্ডসমূহলৈ সেৱা আগবঢ়াই আহিছে বুলি উল্লেখ কৰে। লগতে তেখেতে কয় যে- চৰকাৰী ঋণদাতা এই বেঙ্ক সমূহে সমাজৰ অৰ্থনৈতিক বিভাজন বন্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ পিছতো ‘ব্যক্তিগতকৰন’ৰ হেঁচাৰ সন্মুখীন হৈ আছে।

বুধবাৰে ভাৰতত ৫৫ সংখ্যক বেংক ৰাষ্ট্ৰীয়কৰণ দিৱস উপলক্ষে গুৱাহাটী মুখ্য কাৰ্যালয়ৰ পৰা প্ৰচাৰিত বিজ্ঞপ্তিত উল্লেখ কৰিছে যে ১৯৬৯ চনত বেঙ্ক ৰাষ্ট্ৰীয়কৰণৰ পিছৰে পৰা দেশৰ গাওঁৱে-ভূৱে বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰসাৰ আৰু সঞ্চয় সংগঠিত কৰি এই সঞ্চয়ৰ ধনক ৰাজহুৱা খণ্ডৰ বেংকসমূহে চৰকাৰৰ পৰিকল্পনা অনুসৰি শিক্ষা, কৃষি, শিল্প-উদ্যোগ আৰু আন্ত:গাঠনিৰ সমৃদ্ধিৰ কামত খটুৱাব পাৰিছে। তদুপৰি চৰকাৰৰ জনহিতকৰ আঁচনি সমূহ দেশখনৰ সকলো অঞ্চলতে এই ৰাজহুৱা খণ্ডৰ বেঙ্ক সমূহৰ জড়িয়তে সফলভাৱে ৰূপায়ন কৰিবলৈ সক্ষম হৈছে। দেশত আয়ৰ বৈষম্য বৃদ্ধি হৈ আছে। ৰাজহুৱা খণ্ডৰ বেঙ্ক সমূহে এই বৈষম্য কমাই অনাত সহায়ৰ ভূমিকা ল’ব পাৰে। তাৰোপৰি সমাজৰ অৰ্থনৈতিক বৈষম্য ৰোধ কৰাত ৰাজহুৱা বেঙ্কসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজৰ অভাৱগ্ৰস্ত শ্ৰেণীসমূহলৈ বেংকিং প্ৰৱেশ নিশ্চিত কৰি অধিক সমতাপূৰ্ণ অৰ্থনৈতিক পৰিৱেশ গঢ়ি তুলিছে। দেশৰ বৃহত্তৰ মানৱ জনসংখ্যাৰ কল্যাণক অগ্ৰাধিকাৰ দিয়াৰ পৰিৱৰ্তে এমুঠিমান বিত্তবানৰ স্বাৰ্থ ৰক্ষাৰ মতাদৰ্শক অগ্ৰাধিকাৰ দিয়াৰ চৰকাৰী নীতিয়ে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ব্যক্তিগতকৰণৰ বিপদ মাতি আনিছে। জনমূখী চৰকাৰ এখনে বৃহত্তৰ মানৱ জনসংখ্যাৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিবয়েই লাগিব ।

AIBOC মন্তব্য কৰিছে যে চৰকাৰৰ সামাজিক আঁচনি,  সামাজিক কাৰ্য্যসূচী সমূহ চৰকাৰী খণ্ডৰ বেঙ্ক সমূহৰ দ্বাৰা ৰূপায়ন কৰা হ’য়। যিহেতু চৰকাৰী বেঙ্ক আৰু ব্যক্তিগত খণ্ডৰ বেঙ্ক সমূহৰ ব্যৱসায়ৰ ক্ষেত্ৰত বজাৰত প্ৰতিযোগিতা আছে, সেয়েহে চৰকাৰৰ হৈ কৰা কামৰ বাবে ৰাজহুৱাখণ্ডৰ বেঙ্ক সমূহক অতিৰিক্ত কামৰ উপযুক্ত ক্ষতিপূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে।

সম্পাদক শ্ৰী ৰয়ে বিবৃতিটোত লগতে কয় যে ৰাজহুৱা খণ্ডৰ বেঙ্ক সমূহৰ লাভৰ পৰা সৰ্ববৃহৎ শ্বেয়াৰহোল্ডাৰ হিচাপে চৰকাৰে লভ্যাংশৰ সৰ্বাধিক অংশ পাই লাভৱান হৈছে। গতিকে চৰকাৰে ৰাজহুৱা বেঙ্ক সমূহ জীয়াই ৰাখিব লাগিব আৰু এই বেঙ্ক সমূহৰ বাবে নীতি আৰু মাপকাঠী বিশেষভাৱে উদ্ভাৱন কৰিব লাগিব। ৰাজহুৱা খণ্ডৰ বেঙ্কৰ কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় মূল্যবোধ ৰক্ষা কৰাত আৰু নাগৰিকক সৰ্বোচ্চ প্ৰতিশ্ৰুতিৰে সেৱা আগবঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বেঙ্কৰ কৰ্মচাৰী-বিষয়া সকলে বিভিন্ন ধৰণৰ অৰ্থনৈতিক উথ্বান পতন সহ্য কৰিও স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছে আৰু কঠিন কভিডৰ সময়ত আৰু দুৰ্যোগৰ সময়তো নিৰৱচ্ছিন্নভাৱে গুৰুত্বপূৰ্ণ বেংকিং সেৱা আগবঢ়াই আহিছে।

এই বিজ্ঞপ্তিতে বেংকৰ কৰ্মচাৰী-বিষয়া সকলৰ অসুবিধাৰ কথা উল্লেখ কৰি কয় যে- সৰ্বাঙ্গ-সুন্দৰ গ্ৰাহকসেৱা আগবঢ়োৱাৰ প্ৰচেষ্টা সত্ত্বেও বেংকৰ কৰ্মচাৰী-বিষয়া সকলে অসংখ্য অসুবিধাৰ সন্মুখীন হৈ আছে। বিশেষকৈ নিযুক্তি সংকোচনৰ বাবে বৰ্তমানৰ কৰ্মশক্তিৰ ওপৰত প্ৰচণ্ড হেঁচা প্ৰয়োগ হৈছে, যাৰ ফলত তেওঁলোকে অতি প্ৰয়োজনীয় অবসৰ আৰু কৰ্ম-জীৱনৰ ভাৰসাম্যৰ পৰা বঞ্চিত হৈছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে কৰ্মজীৱন উচ্চৰ্গাকৰা অৱসৰপ্ৰাপ্ত বেঙ্কবিষয়াসকলৰ পেঞ্চন চৰকাৰী আৰু আৰ বি আইৰ কৰ্মচাৰীৰ সমতুল্যকৈ  সংশোধন আৰু বৃদ্ধি নকৰাটোও উল্লেখযোগ্য চিন্তাৰ বিষয়। তেওঁলোকে বিভিন্ন ধৰণৰ অৰ্থনৈতিক চক্ৰ সহ্য কৰিছে, স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছে আৰু কঠিন কভিডৰ সময়ত আৰু দুৰ্যোগৰ সময়তো নিৰৱচ্ছিন্নভাৱে গুৰুত্বপূৰ্ণ বেংকিং সেৱা আগবঢ়াই আহিছে।

বেঙ্ক ৰাষ্ট্ৰীয়কৰন দিৱস উপলক্ষে প্ৰদান কৰি প্ৰেছ বিজ্ঞপ্তি খনতে ৰয়ে চৰকাৰক ৰাজহুৱা খণ্ডৰ বেঙ্ক ব্যক্তিগতকৰনৰ পৰিকল্পনা ত্যাগ কৰি ৰাষ্ট্ৰৰ প্ৰগতিৰ অৰ্থে ৰাজহুৱা খণ্ডৰ বেঙ্ক সমূহক সক্ৰিয়ভাৱে ব্যৱহাৰৰ আহ্বান জনায়। দেশৰ অৰ্থনৈতিক বিকাশৰ আঁচনি সমূহ আৰু চৰকাৰী কাৰ্য্যসূচীসমূহ ৰূপায়নৰ ক্ষেত্ৰত এ আই বি ও চিৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা আজিৰ দিনটোতে প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Tags: AIBOCবেঙ্ক ৰাষ্ট্ৰীয়কৰণ দিৱস
Previous Post

হীৰেন গোহাঁই কোন?

Next Post

মণিপুৰৰ কাণ্ডৰ প্ৰশ্ন সংসদত উত্থাপন কৰিব নিদিলে কংগ্ৰেছৰ সভাপতিক।

Related Posts

অসম

গৰু বিহুত খোৱা এশ এবিধ শাক কি কি জানো আহক

April 14, 2025
যৌন নিৰ্যাতনৰ বলি হৈছে নেকি আপোনাৰ কণমাণি সন্তান? কেনেকৈ বুজিব আপুনি?
সমাজ

যৌন নিৰ্যাতনৰ বলি হৈছে নেকি আপোনাৰ কণমাণি সন্তান? কেনেকৈ বুজিব আপুনি?

August 21, 2024
হীৰেন গোহাঁই কোন?
সমাজ

হীৰেন গোহাঁই কোন?

July 18, 2023
Next Post
মণিপুৰৰ কাণ্ডৰ প্ৰশ্ন সংসদত উত্থাপন কৰিব নিদিলে কংগ্ৰেছৰ সভাপতিক।

মণিপুৰৰ কাণ্ডৰ প্ৰশ্ন সংসদত উত্থাপন কৰিব নিদিলে কংগ্ৰেছৰ সভাপতিক।

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.