আধুনিক অসমীয়া কাব্য ইতিহাসত ৰোমাণ্টিক যুগৰ পাছতেই নতুন বা সাম্প্ৰতিক কবিতা হিচাপে আখ্যা পোৱা কবিতাৰাজিৰ উন্মেষ হয় ‘জয়ন্তী’ কাকতৰ পাতত ৷ ১৯৩৬ চনত প্ৰতিষ্ঠা হোৱা ‘জয়ন্তী’ আলোচনী অসমীয়া সাহিত্যত ক্ৰান্তিকালৰ বাৰ্তাবহ এক অনন্য দলিল। ‘জয়ন্তী’য়ে ইতিহাসৰ এক বিশেষ সন্ধিক্ষণত অসমীয়া সাহিত্যত বৈপ্লৱিক চিন্তা চৰ্চাৰ জোৱাৰ আনিছিল। ‘আৱাহন’ যুগৰ ৰোমাণ্টিক ভাবাদৰ্শৰ কবিসকলেই ‘জয়ন্তী’ৰ পাতত তেওঁলোকৰ ৰচনা প্ৰকাশ কৰিছিল, কিন্তু সমসাময়িক যুগৰ আহ্বানত তেওঁলোকে প্ৰগতিশীলতাৰ পক্ষ গ্ৰহণ কৰিছিল।
চল্লিশৰ দশকৰ মাজভাগত প্ৰকাশিত ‘জয়ন্তী’ত যিসকল কবি-সাহিত্যিকে কবিতাৰ যোগেৰে সমাজৰ বাস্তৱ উদঙাই দেখুৱাবলৈ আগবাঢ়ি আহিছিল, সেই সকলৰ ভিতৰত অমূল্য বৰুৱা আছিল অন্যতম ৷ ১৯২২ চনৰ ৩০ জুনৰ দিনা জন্ম লোৱা অমূল্য বৰুৱা মাত্ৰ ত্ৰিশ বছৰ বয়সত ১৯৪৬ চনৰ ১৮ আগষ্টত কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ জীৱন সামৰে ৷ কটন কলেজত পঢ়ি থকা অৱস্থাত ‘কটনিয়ান’ আলোচনীত অমূল্য বৰুৱাৰ প্ৰথম আধুনিক কবিতা ‘কয়লা’ ছপা হৈছিল ৷ খনিৰ বনুৱাৰ দু:সহ জীৱনৰ দীৰ্ঘশ্বাসেই কবিতাটোৰ মূল ভাবধাৰা ৷
ইউৰোপত ঘটি থকা ফেচীবাদ বিৰোধী গণতান্ত্ৰিক সংগ্ৰাম চলি থকা যুগটোতেই ১৯৩৬ চনত অসমৰ সাহিত্য জগতত “জয়ন্তী” আলোচনীৰ প্ৰকাশ হৈছিল। এই জয়ন্তী আলোচনীৰ পোহৰত উদ্দীপ্ত হৈ উঠিছিল কোমল বয়সৰ ছাত্ৰ অমূল্য বৰুৱা। অমূল্য বৰুৱাই ছাত্ৰাৱস্থাৰপৰা ৰোমাণ্টিক কবিসকলৰ সপোনৰ ৰাজ্যতো বিচৰণ কৰিছিল; তেওঁ নিজেও ৰোমাণ্টিক ভাবাধাৰাৰ কবিতা ৰচিছিল। ৰোমাণ্টিক প্ৰেম আৰু সৌন্দৰ্যৰ পূজাৰী অমূল্যক ‘জয়ন্তী’ আলোচনীৰ চিন্তা -চৰ্চাৰ আৰু মুনীন বৰকটকী, হেম বৰুৱা আদিৰ সান্নিধ্যই প্ৰভাৱান্বিত কৰিছিল, কিন্তু সবাতোকৈ প্ৰবল প্ৰভাৱ আহিছিল দ্বিতীয় মহাযুদ্ধই সৃষ্টি কৰা অমানৱীয় পৰিস্থিতি, সাম্প্ৰদায়িকতাৰ বিষ বাস্পত জৰ্জৰিত সমাজৰ অপশক্তিৰ নিষ্ঠুৰতা আৰু ইয়াৰ বিপৰীতে স্বাধীনতাকামী জনসাধাৰণৰ মহান সংগ্ৰাম, ঐক্য আৰু সংহতিৰ অবিৰত সাধনা আৰু ত্যাগৰ মহিমাৰ পৰা।
এই সম্পৰ্কে ড: হীৰন গোহাঁইয়ে ১৯৭২ চনতে ‘বাস্তৱৰ স্বপ্ন’ত আধুনিক কবিতাৰ পৰিৱৰ্তনৰ লেখ লৈ অমূল্য বৰুৱাৰ কবিতা মূল্যায়ন কৰি কৈছিল – “… অকাল মৃত্যুৰ গৰাহত পৰা কবি অমূল্য বৰুৱাৰ প্ৰথম জীৱনৰ ৰচনা কল্পনাশ্ৰয়ী ৰোমাণ্টিক ভাব বিলাসৰ লেখীয়া ৷ কিন্তু যুদ্ধৰ উকমুকনিৰ লগে লগে তেওঁৰ সহৃদয় মনত প্ৰকৃত অভিজ্ঞতাই খুন্দিয়ালে – সি হ’ল এখন নিৰ্মম, যান্ত্ৰিক, অমানৱীয় সমাজৰ অভিজ্ঞতা ৷ এই অভিজ্ঞতাৰ জুইত ছাৰখাৰ হ’ল ৰোমাণ্টিক প্ৰেমৰ সপোন ৷ কিন্তু সেই কবিতাবোৰৰ মাজত অঙঠাৰ দৰে ৰঙা হৈ আছে দু:স্থ মানুহৰ প্ৰতি কবিৰ মমতা, পুৰণিকলীয়া ভাববিলাস আৰু পুঁজিবাদী মনোবিকাৰৰ প্ৰতি তেওঁৰ বিতৃষ্ণা আৰু ক্ৰোধ, আৰু ভবিষ্যত সম্পৰ্কে এক বস্তুনিষ্ঠ কঠোৰ আশাবাদ ৷”
অমূল্য বৰুৱাৰ কবিতাতেই প্ৰথমে পোৱা গৈছিল সমাজৰ শোষক শ্ৰেণীৰ প্ৰতি শোষিতসকলৰ উচ্চাৰিত ঘৃণা ৷ প্ৰগতিবাদী মাৰ্ক্সীয় দৰ্শনৰ উদাৰ নৈতিক চেতনা আৰু সাম্যবাদেৰে সঞ্জীৱীত অমূল্য বৰুৱাৰ অন্তৰে সামাজিক গাঁথনিৰ ক্ষিপ্ৰ পৰিৱৰ্তন বিচাৰি ব্যাকুল হৈ পৰিছিল ৷ সামাজিক নিষ্পেষণ আৰু ক্ষুধাৰ বাবেই এটি অতি ঘৃণিত জীৱন গ্ৰহণ কৰিবলগা হোৱা বেশ্যাসকলৰ বুকুৰ যন্ত্ৰণা, দেহৰ কেঁচা তেজেৰে প্ৰভুৰ পুঁজি শকত কৰা কয়লাখনিৰ বনুৱা আৰু এটুকুৰা ৰুটিৰ কাৰণে ডাষ্টবিনত কুকুৰৰ সৈতে যুঁজ কৰা ভিখাৰী ল’ৰা-ছোৱালীৰ দুৰ্দশা দেখি অমূল্য বৰুৱা অতিষ্ঠ হৈছিল ৷ শ্ৰেণী বৈষম্য, সামাজিক অসাম্য আৰু অনীতিয়ে, পুঁজিপতি দালালৰ শোষণ-নিপীড়নে এচাম লোকক যে দিনৰ পাছত দিন ধৰি বঞ্চিত আৰু লাঞ্ছিত কৰি আহিছে, সেই কথা অনুভৱ কৰিয়েই কবি-হৃদয় ক্ষোভ আৰু বেদনাত গুজৰি-গুমৰি আছিল ৷ তাৰেই ফলস্বৰূপে বৰুৱাৰ কলমৰ পৰা জন্ম হৈছিল ‘কয়লা’, ‘বেশ্যা’, ‘কুকুৰ’, ‘বিপ্লৱী’, ‘আজি আমাৰ বিহু’, ‘ভাৰতীয় স্বপ্ন’ আদি কবিতাগুচ্ছ ৷ উল্লেখনীয় যে অমূল্য বৰুৱাৰ মৃত্যুৰ বছৰতে যতি নাৰায়ণ শৰ্মাৰ সম্পাদনাৰে ১৯৪৬ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পোৱা প্ৰথম আধুনিক অসমীয়া কবিতা সংকলনখনিত অমূল্য বৰুৱাৰ চাৰিটা কবিতা -‘কয়লা’, ‘বেশ্যা’, ‘কুকুৰ’, ‘বিপ্লৱী’ সন্নিবিষ্ট হৈছিল ৷
১৯৪৫ চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ অমূল্য বৰুৱা কলিকতাত ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰিবলৈ যায়। কলিকতাত পঢ়ি থকাকালীন কলিকতাত তেওঁ মুক্তিকামী জনসাধাৰণৰ উত্তেজনা দেখিবলৈ পাইছিল । ছাত্ৰ যুৱকৰ বিপ্লৱমুখী সক্ৰিয়তাই তেওঁৰ মনত আলোকপাত কৰিছিল। কলিকতাৰ ৰাজপথত দেখা দিয়া তীব্ৰ উত্তেজনাৰ ঘটনাবোৰে অমূল্য বৰুৱাৰ বৈপ্লৱিক মানসিকতা গঢ়াত প্ৰভাৱ বিস্তাৰ কৰিছিল। কলিকতাৰ হিংসা হত্যাৰ কথা লিখি ঘৰলৈ লিখা চিঠিৰ উত্তৰত যেতিয়া ঘৰৰ পৰা অমূল্য বৰুৱাক কলিকতাৰ পৰা উভতি আহিবলৈ পৰামৰ্শ দিছিল, তেতিয়া অমূল্য বৰুৱাই ঘৰলৈ লিখিছিল -” তহঁতৰ চিঠি কেইখন পালোঁ। মোৰ কাৰণে চিন্তা কৰিলে মই সঁচাই বেয়া পাওঁ। জগতৰ মানুহবিলাকৰ অৱস্থা চাচোন। বেমাৰত পৰি চিকিৎসা কৰি ভাল হোৱা দূৰৰ কথা, খাবলৈ নাপাই দিনে দিনে মানুহ মৰিব লাগিছে। মানুহৰ জীৱনত আৰু কত বিপদ বিঘিনি হ’ব পাৰে । সেইটোৱেই যে মানুহৰ জীৱন। পৰাধীন দেশৰ চাৰিওপিনে অস্বাস্থ্যকৰ পাৰিপাৰ্শ্বিকতাৰ মাজত আমাৰ জীৱনবোৰ ভয় আৰু অনিশ্চয়তাৰ মাজেদি নিব লাগিব। সেইবুলি মানুহ অধৈৰ্য হ’ব নাপায়।”
‘চিৰন্তন’ গোষ্ঠীৰ অন্যতম প্ৰতিষ্ঠাতা নিৰুদিষ্ট কবি অৱনী চক্ৰৱৰ্তীৰ সম্পাদিত ‘অমূল্য বৰুৱা জীৱন আৰু কবিতা’ শীৰ্ষক পুথিখিনত অমূল্য বৰুৱাই বিভিন্নজনলৈ প্ৰেৰণ কৰা ১৪ খন চিঠি প্ৰকাশ পাইছে ৷ তেওঁৰ মনত সৃষ্টি হোৱা বিভিন্ন সময়ৰ ঘটনাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ কথা জনাৰ সুযোগ কৰি দিছে ৷ এই চিঠিসমূহ কবিজনাক জানিবলৈ মূল্যৱান সমল ৷ কবিতাৰ দৰেই অমূল্য বৰুৱাৰ চিঠিবোৰো সমানেই তাৎপৰ্যপূৰ্ণ আৰু অৰ্থবহ।
মুনীন বৰকটকীয়ে তেওঁৰ ‘বিস্মৃত ব্যতিক্ৰম’ গ্ৰন্থত অমূল্য বৰুৱা সম্পৰ্কে লিখিছে –“….তেতিয়াৰ সময়তে অমূল্যই ৰেম’, আৰাগ, ইলিয়ট, অ’ডেন আদি কবি-কৃতিৰ খবৰ ৰাখিবলৈ , ৰসাস্বাদন কৰিবলৈ বিচাৰি ফুৰিছিল ৷ …মানৱতাৰ জয়গান আৰু তীব্ৰ সমাজ সচেতনতা যদি প্ৰগিতিশীল কবিতাৰ এটা মৌল লক্ষণ হয়, তেনেহ’লে অমূল্য বৰুৱা যে অসমৰ প্ৰগিতিশীল কবিসকলৰ কেৱল অনত্যম আছিল, তেনে নহয়, এজন অগ্ৰণীও আছিল ৷ নৱযুগৰ আগমণি কল্লোল কাণপতি শুনা প্ৰগিতিবাদী কবি অমূল্য বৰুৱা অসমৰ Artistic conscience স্বৰূপ – আমাৰ সাহিত্যকৃতিৰ বিবেক …৷
উল্লেখনীয় যে অমূল্য বৰুৱাৰ কবিতাবোৰৰ মাজত দুজন বেলেগ কবিক পোৱা যায় -১৯৪৩ চনৰ আগৰ অমূল্য বৰুৱা আৰু তাৰ পিছৰ অমূল্য বৰুৱা ৷ ১৯৪৩ চনৰ পিছত কবিয়ে জীৱনৰ সময় পাইছিল মাত্ৰ তিনিটা বছৰ ৷ হৰেকৃষ্ণ ডেকাই অমূল্য বৰুৱা সম্পৰ্কে মন্তব্য কৰিছিল -“প্ৰথমজন অমূল্য বৰুৱাই কবি-ক্ষমতা অৰ্জন কৰিছিল আৰু সুন্দৰ কবিতাও লিখিছিল। কিন্তু সেইজন কবিয়ে অগ্ৰজ কবিৰ কবিতাৰ সোঁতেৰে উটি গৈ আছিল। দ্বিতীয় জন অমূল্য বৰুৱাই ‘অৰূপ অচিনা’ৰ সন্ধান ত্যাগ কৰি এই সোঁতৰ পৰা উঠি আহি কঠিন মাটিত ভৰি দিছিল। আৰু এই দ্বিতীয় অমূল্য বৰুৱাজনেহে নিজস্ব কাব্যিক ব্যক্তিত্ব এটা পৰিগ্ৰহণ কৰিছিল। তেতিয়াহে ‘বেদনা বৰুৱা’ ( কবিৰ ছদ্মনাম) অমূল্য বৰুৱা হৈছিল।
অমূল্য বৰুৱাৰ নিৰ্মম হত্যাৰ পিছত জ্যোতিপ্ৰসাদে আগৰৱালাই ‘আধুনিক কবিতাৰ সংকলক’ যতি নাৰায়ণ শৰ্মালৈ অমূল্য বৰুৱাৰ সান্নিধ্য স্বীকাৰ কৰি লিখিছিল ‘…..কলিকতাৰ টালিগঞ্জত থাকোঁতে অমূল্য আৰু তুমিয়েই মোৰ কবিতাৰ মহাজাগৰণ আনি দিলা। তাৰ আগতে মই ঠিক কবি কেতিয়াও নাছিলোঁ। দুয়োকে লগ পোৱাৰ পাছৰ পৰাই মোৰ কবিতাৰ ঢল আহিবলৈ ধৰিলে। সেইগুণেই অমূল্যৰ স্মৃতি মোৰ জীৱনত বহুমূলীয়া। “
১৯৪৬ চনৰ ১৮ আগষ্টত কলিকতাৰ ৰাজাবজাৰৰ বিশ্ববিদ্যালয় ছাত্ৰাবাসত ২৪ বছৰ ৪৮ দিনত ভৰি দিয়া ডেকা কবি অমূল্য বৰুৱাই তেওঁৰ লগৰীয়া আন তিনিজন বন্ধুৰ সৈতে আততায়ীৰ হাতত প্ৰাণ হেৰুৱায়। যিজন কবিয়ে কবিতাত উদাৰ প্ৰেম আৰু বৈপ্লৱিক জনসংহতিৰ বাণী প্ৰচাৰ কৰি অসমৰ পাঠক সমাজ আৰু ডেকা শক্তিক নতুন সভ্যতা ৰচিবৰ বাবে দীপ্তি আহ্বান জনাইছিল, তেৱেঁই কেইটামান নিৰ্বোধ অধ:পতিত আততায়ীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ’ল। ব্যক্তি অমূল্য বৰুৱাৰ মৃত্যু স্বাধীনতা পূৰ্ব সেই অন্ধকাৰ দিনবিলাকত বৰ আকস্মিক কথা নহয়; কাৰণ হাজাৰ হাজাৰ হিন্দু মুছলমানৰ জীৱন কলিকতা, ঢাকা, নোৱাখালী, বিহাৰ, পঞ্জাৱত তেজৰ নদীত হেৰাই গৈছে ৷ কলংকিত হৈ থাকিব ১৯৪৬ ৰ হত্যাযজ্ঞ ৷ অমৰ হৈ থাকিব অমূল্য বৰুৱাৰ কবিতা ৷