তাৰিফ ভূঞা, ফোন নং: ৭০০২৭৫২৮৫৬
অসমৰ শিক্ষানুৰাগী আৰু শিক্ষাব্ৰতী ৰাইজে অসমৰ শিক্ষাৰ দায়িত্ব নিজে গ্ৰহণ কৰি শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি শিক্ষা বিস্তাৰৰ নিচিনা গুৰুত্বপূৰ্ণ কাম যিটো ৰাষ্ট্ৰই কৰিব লাগিছিল, সেই কাম ৰাইজে কৰিছিল। শিক্ষানুৰাগী পিতৃপুৰুষ সকলে প্ৰতিষ্ঠা কৰা বিদ্যালয় সমূহ পৰবৰ্তী সময়ত এক নিৰ্দিষ্ট চৰকাৰী প্ৰক্ৰিয়াৰ পাছত চৰকাৰে প্ৰাদেশিকৰণ কৰে আৰু আধুনিকীকৰণ কৰি শিক্ষা সম্প্ৰসাৰণ কৰা, উন্নত মানব সম্পদ, গবেষক-বিজ্ঞানী কাৰিকৰ আদি সৃষ্টি হৈছে তাৰ পৰাই । সেই বিদ্যালয় সমূহৰ দুই -চাৰিখন বিদ্যালয় আজি বিভিন্ন ভুল বা অৱহেলাৰ কাৰণে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে অথবা পৰীক্ষাৰ ফলাফল বেয়া হৈছে। তাৰ কাৰণে ৰাইজে কঠোৰ পৰিশ্ৰম আৰু ত্যাগ কৰি প্ৰতিষ্ঠা কৰা সেই বিদ্যালয় সমূহ বন্ধ কৰাটো উচিত নহ’ব, শিক্ষা সম্প্ৰসাৰণৰ ক্ষেত্ৰত বাধা গ্ৰস্থ হ’ব। কোনোবা ৰোগী এজনৰ হাতত বা আন কোনো অংগত কিবা বেমাৰ হ’লে, বেমাৰ অনুসৰি তাৰ চিকিৎসা কৰিব লাগে, সেই হাত বা অংগ চ্ছেদ কৰা নহয়। কিন্তু অসম চৰকাৰে চিকিৎসা নকৰাকৈয়ে চিধাই হাত খনকে কাটি দিব বিচাৰিছে। অসম চৰকাৰে ৩৪ খন বিদ্যালয় বন্ধ কৰিলে আৰু ৩০০ খন বিদ্যালয় বন্ধ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷সময়োপযোগী প্ৰতিৰোধ সংগঠিত নকৰিলে চৰকাৰী স্কুলসমূহ পৰ্যায়ক্ৰমে বন্ধ কৰিব৷
আমাৰ ৰাজ্যত চৰকাৰী সিদ্ধান্তৰে স্কুল স্থাপনৰ দ্বায়িত্ব পালনৰ দৃষ্টান্ত তেনেই তাকৰ। তেনেস্থলত ৰাইজৰ দান বৰঙণিৰে স্থাপন কৰা, ৰাইজৰ অনেক শ্ৰম আৰু ত্যাগৰ বিনিময়ত স্থাপিত বিদ্যালয় এখন বন্ধ কৰি দিয়াৰ অধিকাৰ চৰকাৰৰ আছে নে? সেয়েহে চৰকাৰে শিক্ষানুষ্ঠান বন্ধৰ দৰে অবিবেচক, হঠকাৰী সিদ্ধান্ত বাতিল কৰক। শিক্ষানুষ্ঠান স্থাপন কৰি ইয়াৰ আন্তঃগাথঁনিৰ উন্নতি ঘটাওক, শিক্ষক নথকা বিদ্যালয়ত শিক্ষক নিযুক্তি দিয়ক আৰু প্ৰকৃতাৰ্থত কাৰ্যক্ষম কৰাৰ ওপৰত গুৰুত্ব দিয়ক। অসমৰ শৈক্ষিক ক্ষেত্ৰখন পৰ্যালোচনা কৰিলে দেখা যায় প্ৰথম সমস্যা হ’ল, পৰ্যাপ্ত শিক্ষক আৰু উন্নত আন্তঃগাঁথনিৰ অভাব। সেই সমস্যা সমাধান কৰিলে বিদ্যালয় পৰ্যায়ৰ অধিক সংখ্যক সমস্যাই সমাধান হৈ যাব। সম্প্ৰতি বি জে পি নেতৃত্বাধীন অসম চৰকাৰৰ নীতি হ’ল ৰাজহুৱা শিক্ষাৰ দায়িত্বৰ পৰা ক্ৰমান্বয়ে চৰকাৰে আতৰি যোৱা, সৰ্বসাধাৰণ কৃষক শ্ৰমিকৰ ল’ৰা ছোৱালীক শিক্ষা জগতৰ পৰা আতঁৰি যাবলৈ বাধ্য কৰা। যাতে চৰকাৰী শোষণ বঞ্চনাৰ বিৰুদ্ধে সাধাৰণ জনগণে প্ৰতিবাদ কৰাৰ চেতনাই নাপায়। হেজাৰ বছৰ আগতেই গ্ৰীক দাৰ্শনিক ছক্ৰেটিছে কৈছিল—“শিক্ষা হৈছে মিথ্যাৰ বিনাশ আৰু সত্যৰ বিকাশ”। গতিকে পৰিকল্পিত ভাবে এক অন্ধকাৰ দিশলৈ লৈ যোৱাৰ নিপুণ কৌশল ৰচনা কৰিছে চৰকাৰে।
প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে স্কুলৰ তলা খুলি, স্কুলঘৰ সাৰি- মচি চাফা কৰিব লাগিব , বেল বজাব লাগিব , পঢ়ুৱাব লাগিব , কোনোবা কণমানি ছাত্ৰ-ছাত্ৰীয়ে হগা-মুতা কৰিলে তাকো চাফ-চিকুন কৰি দিব লাগিব , আকৌ স্কুল ছুটিৰ পিছত দুৱাৰ খিৰিকী বন্ধ কৰি তলা লগাব লাগিব , চৰকাৰী মজলীয়া আৰু মধ্য ইংৰাজী বিদ্যালয়বোৰত বিজ্ঞান বিষয় পঢ়ুওৱা হয় , বিজ্ঞান শিক্ষক-শিক্ষয়িত্ৰীও আছে , কিন্তু এইবোৰ স্কুলত কোনো লেৱৰেটৰী অথবা বিজ্ঞানাগাৰ নাই , আনকি বেছিভাগ চৰকাৰী হাইস্কুলতো বিজ্ঞানাগাৰ নাই , বিষয় অনুপাতে শিক্ষক নাই । এই দিশ সমূহ শিক্ষা বিভাগৰ বিষয়াসকল ভালকৈয়ে জানে্ গতিকে চৰকাৰেও জানে, বিভাগীয় মন্ত্ৰী, সুদীৰ্ঘ দিন ধৰি শিক্ষা মন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰি মুখ্য মন্ত্ৰীয়েও জানে বুলি অসমৰ জনমানসত বিশ্বাস আছে। তেনে স্থলত বিদ্যালয় কেন্দ্ৰীক কিছুমান সমস্যাক কেন্দ্ৰ কৰি বন্ধ কৰি দিয়া, ৰাইজে গাঠীৰ ধন খৰচ কৰি প্ৰতিষ্ঠা কৰা তাৰে এখন বিদ্যালয় একত্ৰিকৰণ কৰি নোহোৱা কৰি দিয়া কাৰ্য চুড়ান্ত হঠকাৰিতা বুলিয়ে ক’ব লাগিব। অসমৰ দায়বদ্ধ নাগৰিক সকলে কোনো পধ্যেই এই ধৰণৰ কাৰ্য মানি লোৱা উচিত নহ’ব, ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা উচিত।
ভাৰতৰ এখন সৰু ৰাজ্য , বাওঁপন্থী শাসিত কেৰালাত এশ শতাংশ শিক্ষিত ৰাইজ । ৰাজ্যখনত প্ৰায় চাৰে তিনি কোটি মানুহৰ বসতি। ৰাজ্যখনৰ ৰাইজৰ গড় আয়ুস আমেৰিকা , চীন ৰাছিয়াকৈও বেছি , প্ৰায় ৭৮ বছৰ, অথচ ভাৰতৰ ৰাইজৰ গড় আয়ুস প্ৰায় ৭১ বছৰ । বেমাৰ অথবা চিকিৎসালয়ত মৃত্যুৰ হাৰ দেশৰ সকলো ৰাজ্যতকৈ কম আৰু চিকিৎসা সেৱা সম্পূৰ্ণ বিনামূলীয়া । চিকিৎসালয় সমূহত মুঠ ৰোগীৰ বিছনাৰ সংখ্যা প্ৰায় বিয়াল্লিশ হাজাৰ ।ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী বীণাজৰ্জ, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব টিঙ্কু বিছৱাল, স্বাস্থ্য বিভাগৰ সঞ্চালক ডা° প্ৰিথা পিপি । এই তিনিও গৰাকী অতি উচ্চ শিক্ষিতা মহিলা, সম্পূৰ্ণ সু-শৃংখলিত আৰু পৰিচ্ছন্ন স্বাস্থ্য সেৱা । চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলৰ সেৱাৰ মনোভাৱ তথা অমায়িক ব্যৱহাৰ তুলনাবিহীন। অন্য ৰাজ্যৰ পৰা যোৱা শ্ৰমিকসকলৰ বাবে বছৰি পোন্ধৰ হাজাৰ টকাৰ চিকিৎসা বিনামূলীয়াকৈ পায়। অন্য ৰাজ্যৰ পৰা যোৱা শ্ৰমিকসকলৰ দুৰ্ঘটনা জনিত ক্ষতিপূৰণ দুই লাখ টকালৈকে। আনকি অসমীয়া আৰু বঙালী শ্ৰমিকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে আছে ভ্ৰাম্যমাণ চিকিৎসালয় ,-বন্ধুক্লিনিক্ । কেৰালাৰ স্বাস্থ্যসেৱা এতিয়া বিশ্বৰ আগশাৰীৰ উন্নত দেশসমূহৰ সৈতেহে তুলনা হয়। এই সকলো সম্ভৱ হৈছে বাওঁপন্থী শাসিত কেৰালাত ৰাজহুৱা শিক্ষা অতি উন্নত মানৰ বাবে। ৰাজহুৱা শিক্ষা যিমান উন্নত আৰু সাৰ্বজনীন কৰিব পৰা যায়, সিমানেই উন্নত মানৰ বৌদ্ধিক গুণ সম্পন্ন মানৱ সম্পদ তাত গঢ়ি উঠে। শিক্ষাৰ মুখ্য উদ্দেশ্যে আই এ এছ, আই পি এছ, বিষয়া, কেৰাণী, তৈয়াৰ কৰা নহয়, উন্নত মানদণ্ডৰ মানৱ সম্পদ তৈয়াৰ কৰা হে। কেৰালাই তাৰ প্ৰমাণ। আকৌ কেৰেলাৰ আংশিক আৰ্হি গ্ৰহণ কৰি বহু পৰিমাণে দিল্লী সফল হৈছে । দেশে এদিন শিক্ষা আৰু স্বাস্থ্য সেৱাৰ বাবে কেৰালাৰ আদৰ্শ গ্ৰহণ কৰিব লাগিব, অন্য বিকল্প নাই । কৰেলা বাওঁপন্থী শাসিত কাৰণে তাৰ প্ৰচাৰ প্ৰচাৰ মাধ্যমত নাই। আনহাতে অ-বাওঁপন্থী দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ সফলতাই প্ৰচাৰ মাধ্যমত প্ৰচাৰিত হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰিছে । কাৰণ তাত ৰাজহুৱা খণ্ডত উন্নত মানৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি চৰকাৰে চোৱা-চিতা কৰি আছে।
কিন্তু এনে সময়তে নানা অজুহাতত অসমত শ শ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি দিয়াৰ দিশে আগবাঢ়িছে অসম চৰকাৰে ৷ ছাত্ৰ-ছাত্ৰীৰ অভাৱ আৰু শূন্য ফলাফলৰ বাবেই ইতিপূৰ্বে প্ৰাথমিক আৰু মাধ্যমিকৰ স্তৰৰ ৭ হাজাৰো অধিক স্কুলত তলা ওলোমাই দিছে শিক্ষা বিভাগে৷ একত্ৰীকৰণৰ নাম দি বছৰ বছৰ ধৰি চলি থকা বহু শিক্ষানুষ্ঠানক কাষৰীয়া স্কুলৰ সৈতে সংলগ্ন কৰি দিয়াত শিক্ষাৰ্থী-অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াও সৃষ্টি হৈছে৷ দূৰ-দূৰণি শিক্ষানুষ্ঠানৰ সৈতে বিদ্যালয়সমূহ একত্ৰীকৰণ কৰাত বহু ঠাইত শিক্ষাৰ্থীসকল সমস্যাতো পৰিছে৷ কিন্তু ৩০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় বন্ধ কৰাৰ ক্ষেত্ৰত আঁকোৰগোঁজ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ ইতিমধ্যে জিলা তথা খণ্ড পৰ্যায়ত ৩০ জনতকৈ কম শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানৰ তালিকা প্ৰেৰণ কৰিবলৈ শিক্ষা বিভাগে নিৰ্দেশ দিছে৷ এই নিৰ্দেশৰ পাছতেই জিলা সমূহৰ পৰা সংশ্লিষ্ট শিক্ষানুষ্ঠান সমূহ চিনাক্ত কৰি শিক্ষা বিভাগলৈ তালিকা প্ৰেৰণ কৰিছে৷ সেই অনুসৰি কামৰূপ মহানগৰ জিলাত ১৬ খন বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে৷ নিম্ন প্ৰাথমিক আৰু মধ্য ইংৰাজী উক্ত ১৬ খন বিদ্যালয়ত তলা ওলোমাই কাষৰীয়া আন ১৫ খন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ শিক্ষা বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে এই শিক্ষানুষ্ঠান কেইখনত ৩০তকৈ কম শিক্ষাৰ্থী থকাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে৷ শিক্ষা বিভাগে বিদ্যালয় একত্ৰীকৰণৰ বাবে জাৰি কৰা নিৰ্দেশনাটোত থকা ১৬খন বিদ্যালয় হৈছে – নামনি কামাখ্যা এল পি স্কুল, বীণাপানী হিন্দী এল পি স্কুল, মাছখোৱা মাজিদা এল পি স্কুল, খাৰঘূলী শিশু বিদ্যাপীঠ, মাজগাঁও বালিকা এল পি স্কুল, ৰুদ্ৰ সিং এল পি স্কুল, উত্তৰ বনমজা এল পি স্কুল, কটকীপৰা এল পি স্কুল, লাচিত গড় এল পি স্কুল, টিলিং গাঁও এল পি স্কুল, ঘোঁৰামৰা এল পি স্কুল, জনজাতি এম ই স্কুল, জিতেন্দ্ৰ নাথ এম ই স্কুল, চিত্ৰাঞ্চল এল পি স্কুল, আৰবান চৰকাৰী ছেকেণ্ডাৰী বেছিক স্কুল আৰু নেতাজী শিশু বিদ্যাপীঠ এম ই স্কুল৷ এই ১৬খন বিদ্যালয়ক আন ১৫খন বিদ্যায়ৰ লগত একত্ৰীকৰণ কৰা হ’ব৷ এই দৰে ৰাজ্য খনৰ বহু জিলাত, প্ৰায় সকলো জিলাৰে বহু বিদ্যালয় একত্ৰিত কৰণ কৰাৰ মাজেৰে ৰাইজে শিক্ষা সম্প্ৰসাৰণ কৰাৰ মহান উদ্দেশ্যৰে প্ৰতিষ্ঠা কৰা বিদ্যালয় সমূহ অস্তিত্বহীন কৰিব বিচাৰিছে।
আকৌ,চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৩০খন বিদ্যালয়ৰ এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নহ’ল৷ তেনেস্থলত এই বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হ’ব বুলিও শিক্ষা বিভাগৰ এটা সূত্ৰই জানিবলৈ দিছে৷ উল্লেখ্য, শিক্ষাৰ সংস্কাৰৰ নামত ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে বিভিন্ন দল-সংগঠনে দাবী জনাই অহাৰ বিপৰীতে চৰকাৰে বিদ্যালয়সমূহ বন্ধ কৰাৰ প্ৰতিযোগিতাতহে উঠি পৰি লাগিছে৷ ইফালে, গোৱালপাৰা জিলাত প্ৰায় ২০০ খন বিদ্যালয়ত তলা বন্ধ হ’ব বুলিও প্ৰকাশ পাইছে ৷ লক্ষণীয়ভাৱে ১৯৬০ চনতে স্থাপন হোৱা খাৰঘূলী শিশু বিদ্যাপীঠ নামৰ বিদ্যালয়খন বন্ধ কৰি এক কিলোমিটাৰ আঁতৰৰ আন এখন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰিলে ছাত্ৰ-ছাত্ৰীসকলে উক্ত বিদ্যালয়খনত শিক্ষা ল’বলৈ নোযোৱাৰ আশংকা ব্যক্ত কৰিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে৷ স্বাভাৱিকতেই শিক্ষকসকলৰ এই আশংকাই উদ্বেগৰ সৃষ্টি কৰিছে৷এইবোৰ দুস্কাৰ্যৰ মাজেৰে সাধাৰণ গৰিৱ, শ্ৰমজীৱি পৰিয়ালৰ ল’ৰা -ছোৱালীক প্ৰকাৰন্তৰে শিক্ষা জগতৰ বাহিৰলৈ ঠেলি দিব বিচৰা হৈছে। কিন্তু ব্যাপক প্ৰতিক্ৰিয়া দেখা পাই আৰু এই দুস্কাৰ্য তল পেলোৱাৰ বাবে কিছুমান বচা বচা বিদ্যালয়ৰ আন্তঃগাথঁনি উন্নয়নৰ বাবে বিত্তীয় সাহায্য ঘোষণা কৰিছে। তদুপৰি স্ববিৰোধ পূৰ্ণ বক্তব্যৰে শিক্ষা মন্ত্ৰীয়ে ঘোষণা কৰিছে যে “মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ নকৰে” ।
বিদ্যালয় একত্ৰিতকৰণ বা বন্ধ কৰাৰ ফলত কি অসুবিধা বা কি সমস্যা হ’ব পাৰে দুই এটা বিদ্যালয়ৰ বিষয়ে আলোচনা কৰিলে বুজি পাবলৈ সহজ হ’ব । বৰপেটা জিলাৰ পশ্চিম বৰনগৰ ভট্টদেৱ মধ্য ইংৰাজী বিদ্যালয়। সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত ফেহুৰাখোৱা গাওঁত ১৯৭৩ চনত প্ৰতিষ্ঠা কৰে স্থানীয় শিক্ষানুৰাগী ৰাইজে। অঞ্চলটোৰ ফেহুৰাখোৱা, দহলাপাৰা, কিছমৎ দ্বাৰিকা, কলবাৰী আৰু কিছু পৰিমাণে বালাগাও-বগুলামাৰী। এইকেইখন গাৱৰ শিক্ষানুৰাগী ৰাইজে আজিৰ পৰা ৫০ বছৰ আগতে সাধাৰণ কৃষক ৰাইজৰ ল’ৰা ছোৱালীয়ে তাতে ঘৰৰপৰা শিক্ষা গ্ৰহণ কৰিব পাৰে তেনে এক মহান উদ্দেশ্য আগত ৰাখিয়েই বিদ্যালয়খন স্থাপনত আগভাগ লৈছিল। অহা বছৰ ১৮ জানুৱাৰী(২০২৩ ইংচনত)ত পঞ্চাশ বছৰ অতিক্ৰম কৰিব আৰু ৰাইজে ১৮, ১৯, ২০ জানুৱাৰীত সোণালী জয়ন্তী উদযাপন কৰিব। কিন্তু কথাটো হৈছে এই বিদ্যালয়খন স্থাপন কৰিবলৈ গৈ অঞ্চলটোৰ ৰাইজে যথেষ্ট কষ্ট, ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল। বিদ্যালয়খন স্থাপন কৰিবলৈ সেই সময়ৰ হোজা অথচ শিক্ষাৰ পোহৰ পিয়াসী ৰাইজৰ বাবে ইমানেই হাবিয়াস আছিল যে আনকি সেই সময়ত তেওঁলোকে চৰকাৰৰ পৰা সুলভ মূল্যৰ দোকানৰ জৰিয়তে লাভ কৰা চেনী বিক্ৰী কৰি হ’লেও আৰ্থিক বৰঙণি আগবঢ়াইছিল। কিমান মহৎ বাঞ্চা! আনহাতে আজি অসমৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ ২১ খন জিলাৰেই ১৯৫খন হাইস্কুল পৰ্যায়ৰ শিক্ষানুষ্ঠান বিলুপ্তি ঘটাই নিকটবৰ্তী শিক্ষানুষ্ঠানৰে চামিল কৰিবলৈ নিৰ্দেশ দিলে। এই সিদ্ধান্তৰ পিছত স্বাভাৱিকতে উত্থাপিত দুটা প্ৰশ্ন হৈছে চৰকাৰৰ দায়িত্ব স্কুল পতা নে বন্ধ কৰা? চৰকাৰ যদি উন্নয়নমুখী হয়, ই স্বাভাৱিকতে স্কুল স্থাপন কৰে, উন্নয়ন বিৰোধী চৰকাৰেহে স্কুল বন্ধ কৰাৰ দৰে নেতিবাচক কাৰ্যত লিপ্ত হ’ব পাৰে! দ্বিতীয় কথাটো হৈছে আমাৰ ৰাজ্যত চৰকাৰী সিদ্ধান্তৰে শিক্ষা সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে বিদ্যালয় স্থাপন কৰিছে কেইখন, একেবাৰেই সীমিত সংখ্যক। তেনেস্থলত ৰাইজৰ দান বৰঙণিৰে স্থাপন কৰা, ৰাইজৰ অনেক শ্ৰম আৰু ত্যাগৰ বিনিময়ত স্থাপিত বিদ্যালয় এখন বন্ধ কৰি দিয়াৰ অধিকাৰ চৰকাৰে ক’ত পালে ? সেয়েহে চৰকাৰে শিক্ষানুষ্ঠান বন্ধৰ দৰে অবিবেচক, হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ পৰিবৰ্তে , শিক্ষানুষ্ঠান স্থাপন কৰি ইয়াৰ আন্তঃগাথঁনিৰ উন্নয়ণকৰা, পৰ্যাপ্ত শিক্ষক নথকা বিদ্যালয়ত শিক্ষক নিযুক্তি দিয়ক আৰু প্ৰকৃতাৰ্থত শিক্ষা ব্যৱস্থা কাৰ্যক্ষম কৰাৰ ওপৰত গুৰুত্ব দিয়ক।
ঠিক সেইদৰে নলবাৰী জিলাৰ বৰভাগৰ এসময়ৰ এখন চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কথা। ঐতিহ্যমণ্ডিত উচ্চ মাধ্যমিক বিদ্যালয় । ছাত্ৰ-ছাত্ৰী আছিল ৮০০ ৰ পৰা ১২০০ লৈ (সামাজিক মাধ্যমৰ পৰা সংগৃহীত তথ্য)। উচ্চ মাধ্যমিক বিদ্যালয় খনৰ পৰা মেট্ৰিকত প্ৰথম ষ্ট্যাণ্ডো কৰিছিল । কিন্তু উচ্চ মাধ্যমিক বিদ্যালয় খনৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰৈত এখন প্ৰাইভেট স্কুল পাতিবলৈ অনুমোদন দিলে চৰকাৰ বাহাদুৰে । আৰু এতিয়া ব্যক্তিগত খণ্ডৰ স্কুলখনত ১২০০ ছাত্ৰ-ছাত্ৰী আৰু চৰকাৰী ঐতিহ্যমণ্ডিত হাইস্কুলখনত খুব বেছি ১০০ ৰ পৰা ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰী । অৱশ্যে চৰকাৰী হাইস্কুলখন হায়াৰ চেকেণ্ডেৰীলৈ উন্নীত কৰাৰ পিছতো বৰ বেছি গুৰুত্ব পোৱা নাই । প্ৰাইভেট স্কুল পাতিবলৈ অনুমোদন কিন্তু চৰকাৰেই দিয়ে বা দিব লাগিব । কিন্তু চৰকাৰী স্কুলৰ কাষত প্ৰাইভেট স্কুলক পাৰমিছন কিয় দিলে চৰকাৰে ?
স্বাধীনতাৰ ছয়সত্তৰ বছৰৰ পিছতো অসমৰ আটাইবোৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ নহ’ল , অসমৰ প্ৰাথমিক বিদ্যালয়ত কোনো চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী অথবা চকিদাৰৰ পদ আজিলৈকে নহ’ল , প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে স্কুলৰ তলা খুলি স্কুলঘৰ সাৰি মচি চাফা কৰিব লাগিব, বেল বজাব লাগিব, পঢ়ুৱাব লাগিব, কোনোবা কণমানি ছাত্ৰ-ছাত্ৰীয়ে নিত্য কৰ্ম কৰিলেও , তাকো চাফ চিকুন কৰি দিব লাগিব , আকৌ স্কুল ছুটিৰ পিছত দুৱাৰ খিৰিকী বন্ধ কৰি তলা লগাব লাগিব , চৰকাৰী মজলীয়া আৰু মধ্য ইংৰাজী বিদ্যালয়বোৰত বিজ্ঞান বিষয় পঢ়ুওৱা হয় , বিজ্ঞান শিক্ষক-শিক্ষয়িত্ৰীও আছে , কিন্তু এইবোৰ স্কুলত কোনো লেৱৰেটৰী অথবা বিজ্ঞানাগাৰ নাই , আনকি বেছিভাগ চৰকাৰী হাইস্কুলতে বিজ্ঞানাগাৰ নাই , বিষয় অনুপাতে শিক্ষক নাই । এই সমস্যা সমূহ সমাধানৰ অৰ্থে আলোচনা কৰাৰ বাবে চৰকাৰে কোনো আগ্ৰহ প্ৰকাশ কৰা দেখা নাযায়।
ভাৰতৰ অন্য কোনো ৰাজ্যত ভেঞ্চাৰ স্কুলৰ ব্যৱস্থা নাই? স্কুল পাতিবলৈ চৰকাৰে অনুমোদন দিয়ে, কিন্তু পাছত প্ৰাদেশিকীকৰণ নকৰে, আগতে স্কুলবোৰ সঘনে পৰিদৰ্শন কৰিবলৈ প্ৰতিটো ব্লকত ছয় সাত গৰাকীকৈ উপ-পৰিদৰ্শক আছিল, এতিয়া উপ-পৰিদৰ্শক নায়েই, এতিয়া স্কুলবোৰ পৰিদৰ্শন কৰিবলৈ আইএছ, জিলা পৰ্যায়ৰ বিষয়া আৰু ডি আই আৰু ব্লক অফিচাৰ কেইজনৰ বাহিৰে কোনো নাই, আৰু এই চাৰি গৰাকী বিষয়াই স্কুল পৰিদৰ্শন কৰাৰ পৰা আটাইবোৰ প্ৰশাসনিক কামো কৰিব লাগে ফলস্বৰূপে পৰিদৰ্শন ইচ্ছা থাকিলেও সম্ভৱ হৈ নুঠাটোয়ে স্বাভাৱিক। এই দুৰ্বলতা সমূহ অন্ধকাৰত ৰাখি ফটা ঢোল কোবাই থাকিলে কিবা লাভ হ’ব জানো?
চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ অৱস্থা প্ৰত্যক্ষ কৰিবলে বিৰোধী দলসমূহৰ এটা প্ৰতিনিধি দলে কেইখনমান বিদ্যালয় পৰিদৰ্শন কৰি, অৱস্থা দেখি হতভম্ব হৈ পৰে। ৰাজ্যৰ ৯টা বিৰোধী দল ক্ৰমে কংগ্ৰেছ, এন চি পি, অসম জাতীয় পৰিষদ, চি পি আই, চি পি আই(এম), চি পি আই(এম-এল), ৰাইজৰ দল, আঞ্চলিক গণ-মৰ্চা আৰু আৰ জে ডিৰ নেতৃবৃন্দই যৌথভাৱে আজি ৫ ছেপ্টেম্বৰৰ দিনা চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহলৈ গৈ স্কুলীয়া শিক্ষাৰ পৰিস্থিতিৰ বুজ লোৱাৰ অভিযান আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। শিক্ষক দিৱসৰ দিনা কৰা এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ শিক্ষক সমাজক শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰি তেওঁলোকৰ অভাৱ-অভিযোগৰ প্ৰতিও সহমৰ্মিতা প্ৰকাশ কৰা হয়। উল্লেখ্য যে শেহতীয়াভাৱে ৰাজ্যৰ বিজেপি-নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন অজুহাতত চৰকাৰী আৰু প্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানবোৰ ঢাপে ঢাপে বন্ধ কৰাৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ আৰু বাস্তৱ পৰিস্থিতিৰ বুজ লোৱাৰ বাবেই এই অভিযান আজিৰে পৰা আৰম্ভ কৰা হৈছে। আজি প্ৰথমে ১৮৩৫ চনত স্থাপিত অসমৰ প্ৰথমখন ঐতিহ্যমণ্ডিত বিদ্যালয় কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ১৯৩০ চনত স্থাপিত তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে একালত অধ্যয়ন কৰা কামৰূপ একাডেমিলৈ গৈ শিক্ষানুষ্ঠান দুখনৰ অৱস্থাৰ বুজ লয়। ৰাজধানী চহৰ গুৱাহাটীৰ মাজমজিয়াত থকা দুখনকৈ অতি পুৰণি চৰকাৰী শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ দুৰৱস্থা দেখি বিৰোধী দলসমূহৰ নেতৃবৃন্দ হতভম্ব হয়। ৰাজ্যৰ অন্যান্য অঞ্চলৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ অৱস্থা সহজেই অনুমেয়। এই পৰিস্থিতিত চৰকাৰী খণ্ডৰ ৰাজহুৱা শিক্ষানুষ্ঠানবোৰৰ আন্তঃগাঁথনিৰ উন্নয়ন, চাহিদা অনুপাতে শিক্ষক নিযুক্তি, শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা আদি কৰাৰ সলনি ৰাজ্য চৰকাৰে নানান অজুহাতত শিক্ষানুষ্ঠান বন্ধ তথা শিক্ষাৰ বেচৰকাৰীকৰণ তথা বাণিজ্যিকীকৰণৰ নীতি গ্ৰহণ কৰিছে। প্ৰতিনিধি দলটোৱে অভিমত প্ৰকাশ কৰে যে চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকি ৰাখি স্কুল বন্ধ তথা শিক্ষানুষ্ঠান একত্ৰীকৰণৰ বাবে আগবঢ়োৱা যুক্তি মুঠেই গ্রহণযোগ্য নহয়। নিয়মীয়া চৰকাৰী তদাৰকী ব্যৱস্থাৰ অভাৱতো শিক্ষানুষ্ঠানসমূহৰ অৱস্থা শোচনীয় হৈছে। সেয়ে চৰকাৰী প্ৰচাৰ আৰু বাস্তৱ পৰিস্থিতিৰ মাজত আকাশ-পাতাল পাৰ্থক্য বুলি দলসমূহে মত প্ৰকাশ কৰে। অহা কেইদিনত ক্ষেত্ৰভিত্তিক অধ্যয়ন সমাপ্ত কৰি ৰাজহুৱা শিক্ষাৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ দাবীত বিৰোধী দলসমূহে ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে।
আকৌ ইংৰাজী ভাষাৰ গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ কৰিব বিচাৰিও কৌশল কৰি ৰাজহুৱা শিক্ষাৰ পৰা সাধাৰণ গৰিব ঘৰৰ ল’ৰা ছোৱালীক বাহিৰলৈ ঠেলি দিব বিচাৰিছে। সামাজিক অর্থনৈতিক তথা ৰাজনৈতিক পটভূমি নির্বিশেষে সকলোৰে কাৰণে মাতৃভাষাত শিক্ষাদানৰ মাধ্যমেৰে দক্ষতা তথা জ্ঞানেৰ বিকাশৰ দিশত মনোযোগ দিয়া উচিত। মনস্তাত্বিক দিশ , বাস্তৱ পৰিস্থিতি, শৈক্ষিক আন্তঃগাথঁনি, বিজ্ঞান সন্মত বিশ্লেষণ কৰি সিদ্ধান্তত উপনীত হোৱা উচিত। এটা কথা ক্ষেত্ৰত মনত ৰাখিব লাগিব যে অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ -ছাত্ৰীৰ অধিকাংশই প্ৰথম প্ৰজন্মৰ শিক্ষাৰ্থী আৰু দুখীয়া , অশিক্ষিত, অৰ্দ্ধশিক্ষিত , পিছপৰা পৰিয়ালৰ পৰা অহা। চৰকাৰীখণ্ডৰ শিক্ষাব্যৱস্থাৰ এই দিশ সমূহ সামৰি আলোচনা নকৰাকৈ কেবলমাত্ৰ গুণগত দিশৰ বিষয়টো বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিলে আত্মপ্ৰৱঞ্ছনা কৰা নহবজানো? তদুপৰি পাঠদান আৰু পাঠ গ্ৰহণ প্ৰক্ৰিয়া সহজসাধ্য আৰু ফলপ্ৰসু কৰাৰ কাৰণে বিশেষজ্ঞ সকলে মাতৃ ভাষাতে অসমত প্ৰাথমিক শিক্ষা দিয়াৰ পোষকতা কৰে। ইংৰাজী মাধ্যমৰ পৰিবৰ্তে ইংৰাজী ভাষা শিক্ষণ-শিকনতহে গুৰুত্ব দিলে, বিভিন্ন বিষয়ৰ বিশেষকৈ, সমাজ বিজ্ঞান, বিজ্ঞান, গণিত আদি বিষয়ৰ বিশেষ প্ৰয়োজনীয় শব্দসমূহৰ ইংৰাজী পৰিভাষা সমূহ ব্ৰেকেটৰ ভিতৰত অন্তৰ্ভুক্ত কৰি শিকোৱাৰ মাজেৰে ইংৰাজী শব্দ-সংগ্ৰহ , আৰু জ্ঞানৰ ভাণ্ডাৰ চহকী কৰাৰ দ্বায়িত্ব পালন কৰিব পৰা যায়।
এই ক্ষেত্ৰত আন এটা দিশ উল্লেখ কৰিবই লাগিব, এফালে চিকিৎসাবিজ্ঞানৰ শিক্ষা অভিযান্ত্ৰিক শিক্ষা অসমীয়া মাধ্যমত কৰাৰ আয়োজন, আনফালে তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত গণিত বিজ্ঞান শিক্ষাৰ মাধ্যম কৰাৰ বিপৰীত ধৰ্মী পাঠ্যক্ৰমৰ বিজ্ঞান প্ৰয়োগ কৰাৰ যুক্তি সমৰ্থন কৰা বৰ দুৰ্বোধ্য যেন নালাগে নে? উন্নত দেশসমূহত প্ৰাথমিক শিক্ষা মাতৃ ভাষাত দিয়ে। আনকি আৰ্থিক ভাৱে অনুন্নত ৰাষ্ট্ৰ নেপালত শেহতীয়া ভাৱে মাতৃ ভাষাত শিক্ষা দিয়াৰ ব্যৱস্থা কৰি বহু সফল হৈছে। সেইদৰে বলিভিয়াত ২০১০ চনত আইন প্ৰণয়ন কৰি স্পেনিছ ভাষাৰ উপৰিও আদিবাসী সকলৰ মাতৃ ভাষাত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে । তাত আদিবাসী জনসংখ্যা ৬০ শতাংশ । সেই দৰে জিম্বাবুয়ে , মাদাগাস্কাৰ , ৰুয়ান্ডা , জাম্বিয়া আদি দেশে মাতৃ ভাষাত প্ৰাথমিক শিক্ষা দিয়াৰ ব্যৱস্থা কৰি সফলতা লাভ কৰা বুলি প্ৰকাশ কৰিছে। দেখা গৈছে মাতৃ ভাষা ভালকৈ আয়ত্ত কৰা শিক্ষাৰ্থীয়ে ইংৰাজী ভাষাতো পাৰদৰ্শিতা দেখুৱাব পাৰে । এই বিষয় সমূহ বিশ্লেষণ কৰি ক’ব পৰা যায় মে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যমত প্ৰয়োগ কৰাৰ পুৰ্বে চৰকাৰে শিক্ষা মনোবিজ্ঞানী আৰু বিশেষজ্ঞ সকলৰ লগত গভীৰ ভাবে সকলো দিশ খৰচি মাৰি আলোচনা কৰি লোৱা উত্তম হ’ব।
শিক্ষা ক্ষেত্ৰত দেখা দিয়া এই সমস্যা সমূহ সমাধান আৰু ৰাজহুৱা শিক্ষা ৰক্ষা কৰাৰ বাবে আগন্তুক দিনত শক্তিশালী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বিকল্প নাই, আহক আমি শ্ৰমিক কৃষকৰ বৃহত্তৰ গণতান্ত্ৰিক আন্দোলনত এই দাবী অন্তৰ্ভুক্ত কৰি আৰু দেশ প্ৰেমিক শক্তি সমূহক সমবেত কৰি অসমৰ ৰাজহুৱা শিক্ষা ৰক্ষা কৰাৰ ঐতিহাসিক দায়িত্ব পালন কৰোঁ।